ডিজিটেল ডেস্ক: পুনৰ ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে অসম। আজি বর্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব তৃতীয় টি টুৱেণ্টি মেচ। ৰাজ্যবাসী এই মেচখনক লৈ যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে। আনহাতে, কালি দুয়োটা দল আহি গুৱাহাটীত উপস্থিত হয়। দুয়োটা দলকে গুৱাহাটীত উষ্ম আদৰণি জনোৱা হয়। উৎসাহী ক্রীড়ানুৰাগীয়ে গুৱাহাটীত উপস্থিত হোৱা দল দুটাৰ তাৰকা খেলুৱৈসকলক এবাৰ কাষৰ পৰা চাবৰ বাবেই উথপথপ পৰিৱেশৰ সৃষ্টি কৰে। ক্রীড়ানুৰাগীৰ হেতা-ওপৰা পৰিৱেশৰ মাজেৰেই দল দুটাক কটকটীয়া নিৰাপত্তাৰে হোটেল ৰেডিশ্যন ব্লুলৈ লৈ যোৱা হয়।
উল্লেখযোগ্য যে কালি বিয়লি প্রায় ৫-২৫ বজাত ভাৰত আৰু নিউজিলেণ্ডৰ ক্রিকেট দল দুটা বিমানেৰে আহি গুৱাহাটীত উপস্থিত হয়। আজি সন্ধিয়া ৭ বজাৰ পৰা দল দুটাৰ মাজত হাই ভল্টেজ মেচখন আৰম্ভ হ'ব। ইতিমধ্যে এই খেলখনৰ বাবে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে অসম ক্রিকেট সন্থাই। দুয়োটা দল আহি গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বে অসম ক্রিকেট সন্থা আৰু মহানগৰীৰ যান-বাহন শাখাৰ আৰক্ষীয়ে এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰি আজি খেলৰ বাবে গ্রহণ কৰা যাতায়াত ব্যৱস্থা সম্পৰ্কত ৰাজহুৱা কৰে।
আন্তঃৰাষ্ট্ৰীয় খেলখন অনুষ্ঠিত কৰাৰ বাবে যান-বাহন শাখাৰ আৰক্ষীয়ে গুৱাহাটীত যান-বাহন চলাচলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। বিয়লি ২ বজাৰ পাছত এ কে দেৱ, এ কে আজাদ আৰু কুল বসুমতাৰী পথত বাণিজ্যিক বাহনৰ চলাচল বন্ধ কৰা হৈছে। ভি আই পি কাৰ পাছ আৰু ষ্টেডিয়ামৰ ভিতৰত পাৰ্কিঙৰ অনুমতি থকাসকলে কুল বসুমতাৰী পথেৰে প্ৰৱেশ কৰিব লাগিব। লালগণেশৰ পৰা বিৰুবাৰীলৈ সমগ্র পথছোৱা ৱান ৱে হ'ব। বিৰুবাৰীৰ পৰা লালগণেশলৈ অহা বাহনসমূহ চাইকেল ফেক্টৰীৰে এ কে দেৱ পথ হৈ যাব লাগিব। অৱশ্যে জৰুৰীকালীন সেৱাৰ বাহনত কোনো নিষেধাজ্ঞা নাথাকিব। আনহাতে, ৰাজপথত কোনো বাহনৰ পার্কিং নিষিদ্ধ কৰা হৈছে। বিয়লি ৪ বজাৰ লগে লগে বর্ষাপাৰা ষ্টেডিয়ামৰ সকলো প্ৰৱেশদ্বাৰ ক্রীড়ানুৰাগীৰ প্ৰৱেশৰ বাবে খুলি দিয়া হ'ব।