ডিজিটেল ডেস্ক: নগালেণ্ডৰ ভিতৰত এখন ফ্রণ্টিয়াৰ নগালেণ্ড টেৰিটৰিয়েল অথৰিটি (এফ এন টি এ) গঠনৰ বাবে কালি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ, নগালেণ্ড চৰকাৰ আৰু ইষ্টার্ন নগালেণ্ড পীপলছ অর্গেনাইজেশ্যনৰ (ই এন পি অ') প্রতিনিধিসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰা হয়।
চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ'ও উপস্থিত থাকে। চুক্তিত স্বাক্ষৰ কৰাৰ পাছত গৃহ মন্ত্রী অমিত শ্বাহে কয় যে আজিৰ দিনটো উত্তৰ-পূৰ্বাঞ্চলক বিবাদমুক্ত, হিংসামুক্ত আৰু বিকশিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ প্ৰতিটো আঞ্চলিক বিবাদ গণতান্ত্রিকভাৱে সমাধান কৰাৰ বাবে প্রতিশ্রুতিবদ্ধ। গৃহ মন্ত্রীয়ে কয় যে ২০২১-২২ চনত ই এন পি অ'ই নিৰ্বাচন বৰ্জন কৰাৰ ঘোষণা কৰাৰ সময়ত তেওঁ সংগঠনটোক গণতান্ত্রিক প্ৰক্ৰিয়াত ভৰসা ৰাখিবলৈ আহ্বান জনাই সমস্যাটো সমাধান কৰাৰ আশ্বাস দিছিল। শ্বাহে কয় যে গৃহ মন্ত্রালয়ে ই এন পি অ' আৰু নগালেণ্ড চৰকাৰৰ মাজত সেতুৰ ভূমিকা পালন কৰি দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান উলিয়ালে।
ইফালে মুখ্যমন্ত্ৰী নেইফু ৰিঅ'ই পূব নগালেণ্ডৰ জনসাধাৰণক অভিনন্দন জনাই কয় যে এটা যাত্ৰাৰ অন্ত পৰিল আৰু বিকাশৰ এক নতুন যাত্ৰা আৰম্ভ হৈছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰি সকলো নগা জনজাতিক এই চুক্তিক নগা সমাজৰ উমৈহতীয়া জয়ৰূপে গণ্য কৰিবলৈ আহ্বান জনায়। এই চুক্তিৰ অধীনত ই এন পি অ'ৰ দাবী অনুসৰি, পূব নগালেণ্ডৰ বাবে অধিক প্রশাসনিক আৰু বিত্তীয় স্বায়ত্ততা থকা এফ এন টি এ গঠন কৰা হ'ব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ যোগান ধৰিব।
আনহাতে, নগালেণ্ড কেবিনেটে সংবিধানৰ ৩৭১ এ অনুচ্ছেদৰ অধীনত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ পুনৰ আৰম্ভ কৰাৰ বাবে সুব্যৱস্থিত নিয়ম প্ৰস্তুত কৰাৰ সিদ্ধান্ত লয়। ইফালে ৰাজ্যখনৰ ভূমি দখল প্ৰক্ৰিয়াটো উন্নত কৰাৰ কাৰণে চৰকাৰী নথিত অন্তর্ভুক্ত নোহোৱা আৰু চৰকাৰী ভূমিৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হ'ব। এতিয়াৰ পৰা চৰকাৰে অধিগ্রহণ কৰা বা আগতে পঞ্জীয়ন নোহোৱা ভূমিৰ পঞ্জীয়ন কৰা হ'ব। আনহাতে, সীমান্তত মুকলিভাবে অহা-যোৱা কৰাৰ ক্ষেত্ৰত আৰু সংৰক্ষিত অঞ্চল পাৰমিটৰ সৈতে জড়িত বিষয়সমূহৰ সমাধানৰ বাবে উপ-কমিটী গঠন কৰা হ'ব। এই চুক্তিয়ে যোৱা ১২ বছৰে ই এন পি অ'ৰ বিচ্ছিন্নতাবাদী স্থিতিৰ অন্ত পেলালে।