ইথানল মিহলি পেট্রলে হ্ৰাস কৰিছে বাহনৰ 'মাইলেজ'! বহু চৰ্চিত প্ৰশ্নৰ উত্তৰ দিলে কেন্দ্রীয় পেট্রলিয়াম মন্ত্রীয়ে

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক: ইথানল মিহলি পেট্রলে নিজৰ বাহনৰ 'মাইলেজ' হ্রাস কৰিছে বুলি দেশৰ বহুতো জনতাই প্রশ্ন উত্থাপন কৰিছে। ইয়াৰ মাজতে এই বহু চৰ্চিত প্ৰশ্নৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় পেট্রলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে এখন সংবাদমেলৰ আয়োজন কৰে। 

বৃহস্পতিবাৰে সংবাদমেলখনত কেন্দ্রীয় মন্ত্ৰী পুৰীয়ে স্বীকাৰ কৰে যে ২০% ইথানল মিহলি পেট্রলে (ই২০ পেট্রল) বাহনৰ 'মাইলেজ'ত সামান্য পৰিমাণে প্ৰভাৱ পেলাইছে। কিন্তু মন্ত্রীজনে স্পষ্ট কৰে যে এই বাহনৰ মাইলেজ হ্ৰাসৰ ক্ষেত্রত কেইবাটাও অন্য কাৰকে ক্ৰিয়া কৰি আছে। কেৱল ইথানলৰ বাবেই বাহনৰ মাইলেজ হ্রাস হোৱা নাই বুলি মন্ত্রীজনে কয়। দিল্লীত আয়োজিত সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে কয় যে ভাৰতে ই২০ পেট্ৰলৰ ব্যৱহাৰৰ দিশত ব্যৱস্থা লোৱাৰ সময়তে বাহনৰ মলিকসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। তেওঁ কয় যে পেট্রলত ইথানল মিহলি কৰাৰ বাবে বাহনৰ মাইলেজ সামান্য পৰিমাণে কমিব পাৰে, কিন্তু বিভিন্ন অন্য কাৰকে এই মাইলেজ হ্রাসত ক্ৰিয়া কৰি আছে। 

কেন্দ্রীয় মন্ত্রীয়ে যুক্তি প্ৰদৰ্শন কৰি কয় যে অত্যধিক যান-জঁট, টায়াৰৰ চাপ, এয়াৰ কণ্ডিশ্যনিঙৰ (এ চি) ব্যৱহাৰ, পথৰ অৱস্থা, বাহনৰ ছাৰ্ভিচিং আৰু চালকৰ ড্রাইভিঙৰ অভ্যাসে ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিছে আৰু ইয়াৰ ফলত অধিকাংশ বাহনৰ 'মাইলেজ' হ্রাস কৰিছে বুলি কেন্দ্ৰীয় মন্ত্রীজনে কয়।

Share This