সামাজিক মাধ্যমত ৰাষ্ট্ৰপতি ট্রাম্পৰ প'ষ্ট, ইৰানৰ বিৰুদ্ধে ৫ দিনৰ যুদ্ধ-বিৰতি ঘোষণা আমেৰিকাৰ

dainik janambhumi March 24, 2026

ডিজিটেল ডেস্ক: আমেৰিকাই ইৰানত পাঁচ দিনৰ বাবে আক্ৰমণ নকৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত পাঁচ দিনৰ বাবে যুদ্ধ-বিৰতি ঘোষণা কৰি কয় যে ইৰানৰ শক্তি প্রকল্প আৰু শক্তি আন্তঃগাঁথনিত পাঁচ দিনৰ বাবে কোনো ধৰণৰ আক্ৰমণ নকৰিবলৈ সেনা বাহিনীক নির্দেশ দিয়া হৈছে। 

ট্রাম্পে কয়, 'মধ্য প্রাচ্যত আমাৰ শত্রুতাৰ এক স্থায়ী আৰু পূৰ্ণ পৰ্যায়ৰ সমাধানৰ বাবে যোৱা দুদিন ধৰি আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা আলোচনা অতি ভাল আৰু ফলপ্রসূ হোৱা বুলি জনাবলৈ পাই মই সুখী হৈছোঁ।' তেওঁ লগতে কয় যে এই আলোচনা সমগ্র সপ্তাহটো চলি থাকিব আৰু আলোচনাৰ গভীৰতা তথা আৰু অগ্ৰগতিৰ প্রতি লক্ষ্য ৰাখি আমেৰিকাৰ যুদ্ধ বিভাগক ইৰানৰ শক্তি প্রকল্প আৰু শক্তি আন্তঃগাঁথনিত আক্রমণ পাঁচ দিনৰ বাবে স্থগিত ৰাখিবলৈ তেওঁ নির্দেশ দিয়ে। তেওঁ কয় যে ইৰানে আলোচনা আৰু শীঘ্ৰে বুজাপৰালৈ অহাৰ বাবে আগ্রহী হৈ পৰিছে। ৰাষ্ট্ৰপতিজনে লগতে কয় যে পাঁচ দিন বা তাতকৈ কম সময়ৰ ভিতৰত দুয়োখন দেশ বুজাপৰাত উপনীত হোৱাৰ সম্ভাৱনা আছে। তেওঁ ফক্স নিউজক দিয়া এটা সাক্ষাৎকাৰত কয় যে যুদ্ধ স্থগিত ৰখাটো এই আলোচনাৰ ফল। ইৰানে নিজে আগবাঢ়ি আহি আলোচনা আৰম্ভ কৰা বুলি ট্রাম্পে দাবী কৰে। 

ইৰানৰ সংবাদ মাধ্যমে তেওঁৰ দাবী অগ্রাহ্য কৰাৰ বুলি উল্লেখ কৰি ট্রাম্পক এই বিষয়ে প্রশ্ন কৰাত তেওঁ কয় যে তেওঁলোকে কিহৰ কথা কৈছে সেইটো তেওঁ বুজি পোৱা নাই, কিয়নো আলোচনা শেহতীয়াকৈ হৈছে। ট্রাম্পে লগতে কয় যে দেওবাৰে নিশা আমেৰিকাৰ প্ৰতিনিধি ষ্টিভ বিটকফ আৰু জাৰেজ কুশ্বনাৰে ইৰানৰ বিষয়াসকলৰ সৈতে আলোচনা কৰিছিল। 

ইফালে আল জাজিৰাই ট্রাম্পৰ উদ্ধৃতি দি এটা বাতৰি প্রকাশ কৰে। বাতৰিটোৰ মতে ট্রাম্পে কঠোৰ ভাষাৰে কয় যে যদি ইৰানৰ সৈতে হোৱা আলোচনা ব্যর্থ হয় তেতিয়া আমেৰিকাই আক্রমণ অব্যাহত ৰাখিব। ট্রাম্পে কয়, 'হয় চুক্তি হ'ব নহয় আমেৰিকাই অহৰহ আক্রমণ অব্যাহত ৰাখিব।' ট্রাম্পে লগতে কয় যে ইৰানে যিকোনো মূল্যৰ বিনিময়ত চুক্তি কৰিবলৈ বিচাৰিছে। ইফালে ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ে কয় যে ট্রাম্পৰ সৈতে দেশখনে কোনো ধৰণৰ আলোচনা কৰা নাই। 

ৰাষ্ট্ৰপতি ট্রাম্পে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্রাস কৰাৰ বাবেহে এনে ধৰণৰ বিভ্রান্তিকৰ মন্তব্য দিছে। ইফালে ট্রাম্পে কয় যে আমেৰিকাই ইৰানৰ এজন শীর্ষস্থানীয় বিষয়াৰ সৈতে আলোচনা কৰিছে, যাতে যুদ্ধৰ শীঘ্ৰে অন্ত পেলাব পৰা যায়। এই আলোচনা ইৰানৰ নতুন সর্বোচ্চ নেতা মুজতবা খামেনেইৰ সৈতে কৰা হোৱা নাই বুলিও ট্রাম্পে স্পষ্ট কৰি দিয়ে। চি এন এনক দিয়া এটা সাক্ষাৎকাৰত ট্রাম্পে কয়, 'আমি এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আলোচনা কৰিছোঁ। আমি তেওঁলোকৰ নেতৃত্বৰ ভালেমান বিষয়াক হত্যা কৰিলোঁ।' মুজতবা খামেনেইয়ে আলোচনাৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা নাই বুলিও ট্রাম্পে কয়। ইফালে ইৰানৰ বিদ্যুৎ প্রকল্প আৰু শক্তিৰ আন্তঃগাঁথনিক আমেৰিকাই পাঁচ দিনৰ বাবে আক্রমণ নকৰাৰ সিদ্ধান্তটোক আদৰণি জনাইছে জার্মানিৰ চেঞ্চেলৰৰ ফ্রেড্রিক মৰ্জে। ইফালে ট্রাম্পে ইৰানত নেতৃত্বৰ পৰিৱৰ্তন হোৱাৰ ইংগিত দি কয় যে দেশখনৰ নতুন নেতৃত্বত আমেৰিকাৰো ভূমিকা থাকিব। দেশখনত কেইবাজনো নেতাই লগ লাগি চৰকাৰ গঠন কৰাৰ বিকল্পও থাকিব বুলি ট্রাম্পে কয়। 

আন কথাত ইৰানতো ভেনিজুৱেলাৰ দৰে চৰকাৰ হোৱাৰ ইংগিত দিয়ে ট্রাম্পে। তেওঁ লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে ইৰানৰ সৈতে কোনো ধৰণৰ চুক্তিত উপনীত হোৱাৰ গেৰাণ্টি দিব নোৱাৰি। বৰ্তমানে চলি থকা প্রক্রিয়াত ইজৰাইলো সন্তুষ্ট হ'ব বুলি ট্রাম্পে কয়। ইফালে ট্রাম্পে ইৰানৰ নতুন সর্বোচ্চ নেতা মুজতবা খামেনেইক হত্যা কৰাটো নিবিচাৰে বুলি উল্লেখ কৰি কয় যে মুজতবা মৃত নে জীৱিত সেই কথা তেওঁ নাজানে। 

উল্লেখযোগ্য যে ইৰানে হৰমুজ প্রণালী মুকলি কৰি নিদিলে দেশখনৰ বিদ্যুৎ প্রকল্প আৰু শক্তিৰ আন্তঃগাঁথনি আক্রমণ কৰি ধ্বংস কৰা হ'ব বুলি ট্রাম্পে ইয়াৰ আগতে ভাবুকি দিছিল। ইফালে ট্রাম্পে পাঁচ দিনৰ বাবে আমেৰিকাই ইৰানত আক্ৰমণ নকৰে বুলি দিয়া মন্তব্যক বিদ্রূপহে কৰে ইৰানে। ইৰানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বিদেশ নীতি আয়োগৰ মুখপাত্র ইব্রাহীম বেজায়ে কয় যে ট্রাম্প আৰু আমেৰিকাই পুনৰ পিছ হুঁহকিলে। চয়তানৰ আন এক পৰাজয়।'

Share This