ডিজিটেল ডেস্ক: আমেৰিকাৰ সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। দেশখনৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতি ট্রাম্পে বিভিন্ন দেশৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক অবৈধ বুলি ঘোষণা কৰে।
উচ্চতম ন্যায়ালয়ে কয় যে ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক আৰোপ কৰাৰ আইনী অধিকাৰ নাই আৰু বিশ্বৰ বিভিন্ন দেশৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক অবৈধ। আদালতে দিয়া ৰায়ত কয় যে ৰাষ্ট্ৰপতি ট্রাম্পে ৰাষ্ট্ৰীয় জৰুৰী অৱস্থাৰ বাবে থকা আইনৰ অপব্যৱহাৰ কৰি বৃহৎ হাৰত শুল্ক আৰোপ কৰি নিজৰ অধিকাৰ উলংঘা কৰিছে। আদালতে কয় যে ৰাষ্ট্ৰপতিক শুল্ক আৰোপ কৰাৰ অধিকাৰ দিয়া হোৱা নাই।
মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে ৬-৩ ব্যৱধানত দিয়া ৰায়টোত নিম্ন আদালতে এই সন্দৰ্ভত দিয়া ৰায় সঠিক বুলি কয়। নিম্ন আদালতে দিয়া ৰায়টোত কোৱা হৈছিল যেট্রাম্পে বৃহৎ হাৰত শুল্ক আৰোপৰ কাৰণে ইণ্টাৰনেশ্যনেল ইমার্জেন্সী ইক'নমিক পাৱাৰ্ছ এক্টৰ অপব্যৱহাৰ কৰি নিজৰ অধিকাৰ উলংঘা কৰিছে। ১৯৭৭ চনত প্রণয়ন কৰা এই আইনে জৰুৰী অৱস্থাৰ সময়ত বাণিজ্য নিয়ন্ত্ৰণ কৰাৰ অনুমতি দিছে, কিন্তু ইয়াত শুল্কৰ বিষয়ে উল্লেখ নাই।
ইফালে আদালতে আন দেশৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক অবৈধ বুলি ঘোষণা কৰাৰ পাছত ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ১৮% সমানুপাতিক শুল্কও অবৈধ হৈ পৰিল। দেশখনৰ সর্বোচ্চ আদালতে দিয়া ৰায়টোত কোৱা হয় যে সংবিধান অনুসৰি কৰ আৰু শুল্ক আৰোপ কৰাৰ অধিকাৰ কেৱল সংসদকে দিয়া হৈছে, ৰাষ্ট্ৰপতিক দিয়া হোৱা নাই। ৰায়টাৰে প্ৰকাশ কৰা মতে, মুখ্য ন্যায়াধীশ জন ৰৱাৰ্টছে কয় যে ৰাষ্ট্ৰপতিয়ে শুল্ক আৰোপৰ বাবে নিজৰ বিশেষ ক্ষমতাৰ দাবী সঠিক বুলি প্রমাণিত কৰিবলৈ কংগ্ৰেছৰ লাভ কৰা অনুমোদন দেখুৱাব লাগিব, কিন্তু তেওঁ সেইটো কৰিব নোৱাৰে। ইয়াৰ লগতে আদালতে কয় যে ৰাষ্ট্ৰপতিয়ে শুল্ক আৰোপৰ সিদ্ধান্ত সঠিক বুলি প্রমাণ কৰাৰ বাবে যুদ্ধৰ সময়ৰ জৰুৰী ক্ষমতা ব্যৱহাৰ কৰিছে, কিন্তু যুদ্ধৰ সময়ৰ ক্ষমতাই শুল্কৰ বাবে উক্ত আইন ব্যৱহাৰ কৰাটো সঠিক বুলি নকয়। ৰাষ্ট্ৰপতিৰ শান্তিৰ সময়ত শুল্ক আৰোপ কৰা কোনো স্বাভাৱিক অধিকাৰ নাই।
উল্লেখযোগ্য যে এই গোচৰটোত কালি উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ আগতে ট্রাম্পে কৈছিল যে তেওঁ ইয়াত পৰাজিত হ'লে দেশৰ বৃহৎ ক্ষতি হ'ব। উচ্চতম ন্যায়ালয়ে কালি দিয়া ৰায়টোৰ পাছত আমেৰিকাৰ কোম্পানীসমূহে বিদেশী কোম্পানীক ধন ঘূৰাই দিব লগা হ'ব পাৰে। অৱশ্যে ট্রাম্পে ষ্টীল আৰু এলুমিনিয়ামত আন আইনৰ অধীনত শুল্ক আৰোপ কৰিছিল, সেয়েহে এই দুবিধ ষ্টীল আৰু এলুমিনিয়ামত আৰোপ কৰা শুল্ক অব্যাহত থকাৰ সম্ভাৱনা আছে।
উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টোৰ পাছত ট্রাম্পৰ প্রতিশোধমূলক (সমানুপাতিক) শুল্ক অবৈধ হৈ পৰিল। ইয়াৰ লগতে আন কিছুমান দেশৰ বিৰুদ্ধে আৰোপ কৰা ২৫%ৰ অতিৰিক্ত শুল্কও অবৈধ হৈ পৰিল।