লণ্ডভণ্ড কৰিলে বিশ্বভাৰতী ক্রীড়াংগন, মেছিক লৈ অগ্নিগর্ভ কলকাতা

dainik janambhumi December 14, 2025

ডিজিটেল ডেস্ক: ফুটবলৰ ৰাজপুত্ৰ আখ্যা দিয়া লায়নেল মেছিৰ ভ্রমণে বিশ্বৰ সন্মুখত লজ্জানত কৰিলে কলকাতাক। মহানগৰখনৰ সৰ্ববৃহৎ ষ্টেডিয়াম যুৱ ভাৰতী ক্রীড়াংগন লণ্ডভণ্ড হ'ল মেছিকেন্দ্রিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত। 

হাজাৰ হাজাৰ মেছিৰ অনুৰাগীৰ ক্ষোভৰ উদগি উদ্‌গিৰণ ঘটে ছল্টলেক ষ্টেডিয়ামত আৰু ইয়াৰ দাঁতি কাষৰৰ এলেকাত। চৰম বিশৃংখল পৰিস্থিতিত মাজবাটৰ পৰা উভতি যাবলৈ বাধ্য হয় মুখ্যমন্ত্রী মমতা বেনার্জী। এক নজিৰ বিহীন ঘটনাৰ সাক্ষী হৈ ৰ'ল ভাৰতৰ ফুটবলৰ ভূস্বর্গ বুলি কোৱা কলকাতা মহানগৰী। মেছিৰ সৈতে ষ্টেডিয়ামলৈ অহাৰ কথা আছিল বলিউডৰ চুপাৰষ্টাৰ শাহৰুখ খান, কিন্তু তেওঁ হোটেলৰ পৰাই উভতি যায়। 

উল্লেখযোগ্য যে কেইবা দিনৰ আগৰে পৰা মেছিৰ উন্মাদনা বিৰাজ কৰিছিল কলকাতা মহানগৰত। আর্জেন্টিনাৰ বিশ্ব কাপ বিজয়ী দলটোৰ অধিনায়ক মেছিৰ আগমনক লৈ ফুটবল প্ৰেমী তথা তেওঁৰ অনুৰাগীসকল যথেষ্ট উৎসাহী হৈ আছিল। মেছি শুকুৰবাৰে শেষ নিশা প্রায় আঢ়ৈ বজাত কলকাতা বিমান বন্দৰত উপস্থিত হয়। সেই সময়ত তেওঁৰ লগত বিশ্ব ফুটবলৰ আন দুগৰাকী তাৰকা লুই ছুৱাৰেজ আৰু ৰড্রিগো ডি পলো আছিল। মেছিক এপলক দেখা পোৱাৰ বাবে বিমান বন্দৰত সেই সময়ত উপস্থিত আছিল হাজাৰ হাজাৰ লোক। পথৰ কাষতো বৃহৎ সংখ্যক লোক ৰৈ আছিল মেছিৰ অপেক্ষাত। 

তেওঁৰ গাড়ী যুৱ ভাৰতীত প্ৰৱেশ কৰে পুৱা ১১-৩০ বজাত। গাড়ীৰ পৰা তেওঁ নমাৰ লগে লগে প্রায় ৭০-৮০জন লোকে তেওঁক ঘেৰি ধবে। ফলত গেলাৰীৰ পৰা দর্শকসকল তেওঁক দেখা পোৱাৰ পৰা বঞ্চিত হয়। মেছিৰ এই অনুষ্ঠানটোৰ আটাইতকৈ কম মূল্যৰ টিকটৰ দাম আছিল চাৰি হাজাৰ টকা। দর্শকসকলে ১০ হাজাৰ, ১৫ হাজাৰ, ৩০ হাজাৰ আৰু ৪৫ হাজাৰ টকা পর্যন্ত মূল্যৰ টিকট ক্রয় কবি ষ্টেডিয়ামত উপস্থিত হৈছিল মেছিক চোৱাৰ হেঁপাহত, কিন্তু তেওঁক দেখা নাপালে তেওঁৰ অনুৰাগীসকলে। মেছিক অনুষ্ঠানটোৰ সময়ত ঘেৰি ৰাখে একাংশ ৰাজনৈতিক নেতা, মন্ত্রী, সাংবাদিক আৰু নিৰাপত্তাৰক্ষীয়ে। ফলত মেছিক দেখা নোপোৱাত ক্ষুব্ধ হৈ পৰে ফুটবলৰ ৰাজপুত্ৰক চাবলৈ অহা লোকসকল। 

প্রথমে তেওঁলোকে 'উই ৱান্ট মেছি' বুলি শ্ল'গান দিয়ে আৰু ষ্টেডিয়ামৰ ভিতৰলৈ পানীৰ বটল দলিয়াবলৈ ধৰে। এটা সময়ত মেছিক দেখা নোপোৱাৰ ফলত দর্শকসকলৰ ধৈর্যচ্যুতি ঘটে আৰু পৰিস্থিতি অগ্নিগর্ভ হৈ পৰে। হাজাৰ হাজাৰ দর্শক আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ লগতে ষ্টেডিয়ামৰ ফেন্সিং ভাঙি ষ্টেডিয়ামত প্রৱেশ কৰে। ক্ষুব্ধ হৈ পৰা দৰ্শকসকলে বিশ্ব ভাৰতী ক্রীড়াংগন লণ্ডভণ্ড কৰে। ষ্টেডিয়ামত থকা চকী ভাঙি পেলোৱা হয়। ইয়াৰ লগতে ষ্টেডিয়ামলৈ পানীৰ বটলকে ধৰি যেয়ে যি পাৰে তাকে দলিয়াবলৈ ধৰে। এফালব পৰা ভাঙিবলৈ আৰম্ভ কৰে ষ্টেডিয়ামৰ সামগ্রী। ভাঙি পেলোৱা হয় প্লেয়াৰৰ টানেল। মাইক ষ্টেণ্ড, অনুষ্ঠানৰ মঞ্চ হয়। একাংশ দর্শকে ষ্টেডিয়ামত অগ্নিসংযোগৰ চেষ্টাও কৰে। 

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। আৰক্ষীয়ে প্রথমে কন্দুৱা গেছ প্রয়োগ কৰে আৰু পাছত লাঠীচালনাও কৰে। আৰক্ষী আৰু উন্মত্ত হৈ পৰা দর্শকৰ মাজত খণ্ডযুদ্ধও হয়। ইয়াৰ পাছতো ষ্টেডিয়ামৰ বাহিৰত ছল্টলেক পথতো বিক্ষিপ্ত ঘটনা ঘটে। এনে পৰিস্থিতিত ষ্টেডিয়ামত ১৬-১৮ মিনিট থাকিয়েই মেছি তাৰ পৰা গুচি যায়। এই ঘটনাত স্বয়ং মেছিয়েও ক্ষোভ প্রকাশ কৰে। তেওঁৰ ভ্ৰমণ উপলক্ষে আয়োজন কৰা অনুষ্ঠান আধাতে সামৰে। ফুটবল প্রেমীৰ ক্ষোভৰ প্রধান লক্ষ্য আছিল মেছিৰ কলকাতা ভ্রমণৰ আয়োজক শতদ্রু দত্ত।

Share This