ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ যুদ্ধই সমগ্র বিশ্বৰ লগতে ভাৰতৰ বাবে অপ্রত্যাশিত প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লোক সভাত দিয়া এটা বিবৃতিত এনেদৰে কয়। প্রধানমন্ত্রীয়ে ইবান আৰু আমেৰিকা-ইজৰাইলৰ মাজৰ যুদ্ধই সৃষ্টি কৰা পৰিস্থিতিয়ে ভাৰতত পেলোৱা প্ৰভাৱ দূৰ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে প্রধানমন্ত্রীয়ে সংসদত এক ব্যাখ্যা দাঙি কৰে। তেওঁ কয় যে পশ্চিম এছিয়াৰ পৰিস্থিতি উদ্বেগজনক হৈ আছে। তেওঁ কয় যে যোৱা তিনি সপ্তাহে চলি থকা এই সংকটে সমগ্ৰ বিশ্বৰ অর্থব্যৱস্থা তথা জনসাধাৰণৰ জীৱনত গভীৰ বিপৰীত প্ৰভাৱ পেলাইছে, সেয়েহে সমগ্র বিশ্বই এই সংকটৰ শীঘ্ৰে সমাধান উলিওৱাৰ বাবে সকলো পক্ষক আহবান জনাইছে।
প্রধানমন্ত্রীয়ে কয় যে এই যুদ্ধই ভাৰতৰ সন্মুখত অপ্রত্যাশিত প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। এই প্রভাৱ দীঘলীয়া হোৱাৰ আশংকা কৰা হৈছে। এই প্রত্যাহবান অর্থনৈতিক, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত আৰু মানবীয়ও। তেওঁ কয়, 'যুদ্ধই বিশ্বত এক কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ইয়াৰ প্রভাৱ দীর্ঘদিনলৈ থকাৰ আশংকা কৰা হৈছে। সেয়েহে আমি প্রস্তুত আৰু ঐক্যবদ্ধ হৈ থাকিব লাগিব। আমি কৰ'নাৰ সময়তো ঐক্যবদ্ধভাৱে এনে প্রত্যাহ্বানৰ মুখামুখি হৈছিলোঁ। এতিয়া আমি পুনৰ সাজু হৈ থকাৰ প্ৰয়োজন।'
যুদ্ধৰত আৰু যুদ্ধৰ দ্বাৰা প্ৰভাৱিত দেশবোৰৰ সৈতে ভাৰতৰ ব্যাপক বাণিজ্যিক সম্পর্ক আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ সৈতে জড়িত ভাৰতৰ চাহিদাৰ এটা বৃহৎ অংশ এই অঞ্চলটোৱে পূৰণ কৰে। কিন্তু হৰমুজ প্রণালী বন্ধ হৈ পৰাৰ ফলত এই সামুদ্রিক পথেৰে জাহাজ অহাটো প্রত্যাহবানমূলক হৈ পৰিছে। ভাৰতে খাৰুৱা তেল, প্রাকৃতিক গেছৰ পৰা সাৰলৈকে এই দেশসমূহৰ পৰা আমদানি কৰে আৰু এল পি জিৰ (ৰন্ধন গেছ) ৬০% ৰপ্তানি কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰায় এক কোটি লোক পাৰস্য উপসাগৰীয় দেশসমূহতবাস কৰে। ইয়াৰ উপৰি সমুদ্রত চলি থকা বাণিজ্যিক জাহাজসমূহৰ চালক দলতো বৃহৎ সংখ্যক ভাৰতীয় আছে। সেয়েহে ভাৰতৰ চিন্তা অধিক।
প্রধানমন্ত্রীয়ে কয় যে হৰমুজ প্রণালীৰে ভাৰতলৈ বৃহৎ পৰিমাণৰ খাৰুৱা তেল, গেছ আৰু সৰ আহে। যুদ্ধ আৰম্ভ হোৱাৰ সময়ৰ পৰাই হৰমুজ প্রণালীৰে জাহাজৰ চলাচল যথেষ্ট প্রত্যাহবানজনক হৈ পৰে। যুদ্ধৰ সৈতে জড়িত সকলো পক্ষৰ প্ৰতি কঠোৰ বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে হৰমুজ প্রণালী অৱৰোধ কৰি ৰখাটো গ্রহণযোগ্য নহয়। ইয়াৰ লগতে এই সামুদ্রিক পথত বাণিজ্যিক জাহাজত আক্ৰমণ কৰাটোও কোনোপধ্যেই মানি ল'ব নোৱাৰি বুলি প্রধানমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে। চৰকাৰে ভাৰতীয় জাহাজৰ নিৰাপদ চলাচল সুনিশ্চিত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকা বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰি কয় যে পৰিস্থিতিৰ ওপৰত সতর্ক দৃষ্টি ৰখা হৈছে আৰু চৰকাৰ সম্পূৰ্ণৰূপে সজাগ তথা সতর্ক হৈ আছে। তেওঁ কয় যে ভাৰতে পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে। তেওঁ নিজেও পশ্চিম এছিয়াৰ নেতাসকলৰ সৈতে কথা পাতিছে আৰু উত্তেজনা হ্রাস কৰা তথা যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আহ্বান জনোৱা বুলি বিবৃতিটোত কয়।
মোদীয়ে সংসদত দিয়া ভাষণত কয় যে পাৰস্য উপসাগৰীয় দেশবোৰত প্রায় এক কোটি ভাৰতীয়ই বাস কৰাৰ লগতে কৰ্মৰত হৈ আছে। ইয়াৰ উপৰি বাণিজ্যিক জাহাজবোৰত চালক দলত বৃহৎ সংখ্যক ভাৰতীয় আছে আৰু সেয়েহে ভাৰতৰ চিন্তা অধিক। সেয়েহে ভাৰতৰ সংসদৰ পৰা একমত আৰু একতাৰ বাৰ্তা বিশ্বলৈ যোৱাৰ প্ৰয়োজন। প্রধানমন্ত্রীয়ে কয় যে যুদ্ধ আৰম্ভহোৱাৰ সময়ৰ পৰাই প্রভাবিত দেশবোৰলৈ অত্যাৱশ্যকীয় সাহায্য আগবঢ়াই অহা হৈছে।