ভাৰতৰ পানী এতিয়াৰ পৰা ভাৰততে বʼব

dainik janambhumi May 07, 2025

ডিজিটেল ডেস্কঃ ভাৰতে পাকিস্তানৰ সৈতে থকা কেইবাদশক পুৰণি সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছত প্ৰথম ৰাজহুৱা মন্তব্যত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এতিয়াৰ পৰা ভাৰতৰ পানী ভাৰততে থাকিব আৰু দেশৰ ভিতৰত ব্যৱহাৰ হ'ব। এ বি পি নিউজৰ এটা অনুষ্ঠানত মোদীয়ে কয়, 'আগতে ভাৰতৰ অধিকাৰ থকা পানীও বাহিৰলৈ গৈছিল।

এতিয়া ভাৰতৰ পানী ভাৰতৰ বাবে ব'ব, ভাৰতৰ বাবে ৰ'ব আৰু ভাৰতৰ কামত আহিব।' উল্লেখযোগ্য যে বিশ্ব বেংকৰ মধ্যস্থতাত ১৯৬০ চনত পাকিস্তান আৰু ভাৰতে স্বাক্ষৰ কৰা সিন্ধু জল চুক্তি স্থগিত ৰখাৰ কথা ভাৰতে কেইদিনমান আগতে ঘোষণা কৰিছিল। কিন্তু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্রাসবাদীয়ে পহলগামত আক্রমণ চলাই ২৬জন লোকক হত্যা কৰাৰ পাছতে ভাৰতে উক্ত চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছিল।

প্রধানমন্ত্রী মোদীয়ে মঙলবাৰে আৰু কয়, 'দশক দশক জুৰি আমাৰ নদীবোৰৰ পানী বিবাদৰ বিষয় হৈ আছিল। আমাৰ চৰকাৰে নদীবোৰ সংযোগ কৰাৰ বৃহৎ সিদ্ধান্ত গ্রহণ কৰিছে। আজিকালি সংবাদ মাধ্যমতো পানীক লৈ বহু কথা চলি আছে।' কঠোৰ সিদ্ধান্ত গ্রহণত পূৰ্বৰ চৰকাৰবোৰে থেৰো-গেঁৰো কৰা বুলি সমালোচনা কৰি মোদীয়ে কয়, 'এটা সময় আছিল যেতিয়া কোনো অত্যাৱশ্যকীয় পদক্ষেপ গ্রহণ কৰাৰ আগত ভবা হৈছিল বিশ্বই কি ভাবিব... তেওঁলোকে ভাবিছিল তেওঁলোকে ভোেট পাব নে আৰু তেওঁলোকৰ আসন সুৰক্ষিত হৈ থাকিবনে? এইবোৰ কাৰণতে, প্রধান প্রধান সংস্কাৰবোৰ পলম - হৈছিল। কোনো দেশেই এনেদৰে আগ বাঢ়ি যাব নোৱাৰে। দেশ তেতিয়াহে আগ বাঢ়ি যাব, যেতিয়া আমি ৰাষ্ট্ৰক প্রথমত স্থান দিওঁ।'

Share This