ইউটিউবত দেখিবলৈ পোৱা যাব বিশ্ব কাপৰ খেল

dainik janambhumi March 22, 2026

ডিজিটেল ডেস্ক: আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ'ব লগা ফিফা বিশ্ব কাপৰ আগশাৰীৰ কনটেন্ট বিতৰক হ'ব ইউটিউব। ইউটিউব আৰু ফিফাৰ মাজত এইসম্পর্কত ইয়াত এখন চুক্তি সম্পাদিত কৰা হ'ব। এই চুক্তিৰ উদ্দেশ্য হ'ল ডিজিটেল মাধ্যমেৰে বিশ্ব কাপৰ খেল চোৱাৰ অভিজ্ঞতা উন্নত কৰা। 

ফিফাই প্ৰথমবাৰৰ বিশ্ব কাপৰ মেচৰ লাইভষ্ট্ৰিমিঙৰ বাবে কোনো অনলাইন ভিডিঅ' প্লেটফৰ্মৰ সৈতে চুক্তিবদ্ধ হয়। গুগলে প্রকাশ কৰা মতে, ফুটবল প্রেমীসকলে বিশ্ব কাপৰ মেচসমূহৰ প্ৰথম দহ মিনিটৰ খেল বিনামূলীয়াকৈ চাবলৈ পাব। ইয়াৰ লগতে নির্বাচিত কেইখনমান মেচ বিশেষ বজাৰৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণৰূপে ষ্ট্ৰিম কৰা হ'ব। ই বিশ্ব কাপৰ মেচসমূহৰ দৰ্শক বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে ফিফাই নিজৰ সংগ্ৰহালয়ো ইউটিউবৰ বাবে মুকলি কৰি দিব। ফলত ব্যৱহাৰকাৰীয়ে পূৰ্বৰ বিশ্ব কাপৰ স্মৰণীয় মুহূৰ্তবোৰ চোৱাৰ সুযোগ লাভ কৰিব।

ইয়াৰ উপৰি মেচসমূহৰ হাইলাইট্‌ছ অহৰহ তথা ক্ষিপ্ৰতাৰে আপডেট কৰা হ'ব। এই চুক্তিত কনটেন্ট ক্রিয়েটৰসকলৰ ভূমিকাক গুৰুত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইউটিউবে প্রখ্যাত ফুটবলাৰসকলক ষ্টেডিয়াম আৰু বেকষ্টেজলৈ লৈ যাব।

Share This