ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ যুদ্ধই সমগ্ৰ বিশ্বক ভয়াৱহ সংকটৰ দিশলৈ লৈ গৈছে। বুধবাৰে ইজৰাইলে আমেৰিকাৰ সহায়ত ইৰানৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গেছ ক্ষেত্ৰত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰানে ছৌডি আৰব, কাটাৰ আৰু সংযুক্ত আৰব আমিৰাটকে (ইউ এ ই) ধৰি মধ্য প্রাচ্যৰ কেইবাখনো দেশৰ তৈল ক্ষেত্ৰত তথা তৈল প্রতিষ্ঠান আৰু প্ৰাকৃতিক গেছ উৎপাদন কৰা প্ৰতিষ্ঠানক ক্ষেপণাস্ত্র তথা ড্ৰনেৰে আক্রমণ কৰে। ইয়াৰ ফলত ছৌডি আৰব, কুৱেইট আৰু ইউ এ ইৰ গেছ উৎপাদনৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ ভয়াৱহ ক্ষতি হৈছে।
ইৰানৰ মধ্য প্রাচ্যৰ তৈল আৰু গেছ প্রতিষ্ঠানত কৰা আক্ৰমণত এতিয়া সমগ্র বিশ্ব শংকিত হৈ পৰিছে। ইয়াৰ ফলত বিশ্বত তেল আৰু গেছৰ যোগান শৃংখলাত ব্যাপক প্রভাৱ পৰাৰ আশংকা কৰা হৈছে। ইতিমধ্যে বিশ্বত ইয়াৰ প্রভাৱ দেখিবলৈ পোৱা গৈছেই। বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, যুদ্ধ অন্ত পৰিলেও বিশ্বত তেল আৰু গেছৰ সংকট বহু দিনলৈ থাকি যাব। এই আক্রমণ-প্রত্যাক্রমণৰ পাছতে ইউৰোপৰ তেল আৰু গেছৰ বজাৰত দাম ৩০% বৃদ্ধি পাইছে। দ্য গার্ডিয়ানত প্রকাশ পোৱা এখন প্রতিবেদনত এম এছ মার্কিউৰ মুখ্য গৱেষক ছাল কাভ'নিকে কয়, 'আমি এতিয়া এক ভয়াৱহ গেছ সংকটৰ দিশে দ্রুতি গতিত আগবাঢ়িছোঁ। যুদ্ধৰ সামৰণি পৰাৰ পাছতো এই সংকট কেইবা মাহ আৰু আনকি কেইবা বছৰলৈ থাকি যাব। ইয়াৰ ফলত গেছৰ দাম উচ্চ হৈ থাকিব। ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পে ইৰানক এই বুলি সকীয়নি দিয়ে যে কাটাৰৰ গেছ উৎপাদন কৰা স্থানত আক্ৰমণ কৰিলে ইৰানৰ ছাউথ পাৰ্ছ গেছ ক্ষেত্র সম্পূর্ণৰূপে বিধ্বস্ত কৰা হ'ব। ইয়াৰ বিপৰীতে ইৰানে এই বুলি কয় যে ছাউথ পাৰ্ছৰ গেছ ক্ষেত্ৰত ইজৰাইলে কৰা আক্ৰমণক সম্পূর্ণৰূপে অর্থনৈতিক যুদ্ধৰূপে গণ্য কৰা হৈছে। ইয়াত ইজৰাইলে কৰা আক্ৰমণৰ পাছতে ইৰানে বৃহস্পতিবাৰে কুৱেইটৰ ৰাছ লাফানত থকা তৰল প্রাকৃতিক গেছৰ (এল এন জি) শোধনাগাৰত আক্রমণ কবে।
ইৰানৰ ক্ষেপণাস্ত্র আক্রমণটোত ৰাছ লাফানত থকা এল এন জি উৎপাদন কেন্দ্ৰৰ ব্যাপক ক্ষতি হয়। কাটাৰৰ তৰকাৰী গেছ কোম্পানীটোৱে কয় যে ইৰানৰ আক্ৰমণৰ ফলত সামুদ্রিক পথেৰে গেছৰ যোগান ধৰা বিশ্বৰ সৰ্ববৃহৎ গেছ প্রণালীৰ বৃহৎ ক্ষতি হৈছে। কাটাৰৰ চৰকাৰী কোম্পানী কাটাৰ এনাজীৰ মুখ্য কার্যবাহী তথা দেশখনৰ শক্তি পৰিক্ৰমা মন্ত্রী ছাড-আল-কাবিয়ে জনোৱা মতে, ইৰানৰ আক্ৰমণত প্রায় ২০০০ কোটি ডলাৰ লোকচান হৈছে। এই শোধনাগাৰটোত ইৰানে ক্ষেপণাস্ত্ৰৰে কৰা আক্ৰমণৰ ফলত কোম্পানীটোৱে প্রতি বছৰে প্রায় ১.২৮ কোটি টন এল এন জিৰ উৎপাদন ৩-৫ বছৰলৈ বন্ধ ৰাখিব লাগিব। ইয়াৰ প্রধান কাৰণ হ'ল শোধনাগাৰটোৰ মেৰামতি কৰা। আন কথাত ইয়াৰ মেৰামতি কৰি পুনৰ সম্পূৰ্ণ ৰূপে কার্যক্ষম কৰি তুলিবলৈ ৩-৫ বছৰ সময় লাগিব। ইৰানৰ আক্ৰমণত দেশখনৰ আন এটা প্রতিষ্ঠানৰো ক্ষতি হোৱা বুলি মন্ত্রীজনে কয়। ইয়াৰ লগতে দুটা গেছ তবল কৰা দুটা প্রতিষ্ঠানৰো ক্ষতি হোৱা বুলি আল-কাবিয়ে প্রকাশ কৰে।
উল্লেখযোগ্য যে কাটাৰৰ পৰা এল এন জি আমদানি কৰা দেশবোৰৰ ভিতৰত ভাৰতো অন্যতম। ৰছ লাফানত হোৱা ক্ষতিয়ে ভাৰতকো ব্যাপক প্রভাৱ পেলোৱৰ আশংকা কৰা হৈছে। ভাৰতে কাটাৰৰ পৰা প্ৰতি বছৰে ১.৪ কোটি টন এল এন জি কাটাৰৰ পৰা আমদানি কবে। দেশৰ মুঠ চাহিদার ৮০-৮৫% এ পি জি কাটাৰ আৰু ছৌডি আৰবৰ দৰে দেশৰ পৰা আহে। ইখানে কুৱেইটৰ মীনা আল-আহমদী আৰু মীনা আব্দুল্লা শোধনাগাৰতো আক্রমণ কৰে আৰু দুয়োটা শোধনাগাৰতে জুই লাগে। ফলত কেইবাটাও গোটৰ উৎপাদন বন্ধ কৰিবলগীয়া হৈছে। ইউ এ ইৰ হাবছন গেছ কমপ্লেক্সতো ইৰানে ড্ৰনেৰে আক্ৰমণ কৰে।
উল্লেখযোগ্য যে কাটাৰৰ ৰাছ লাফান আৰু নর্থ ডোম তথা ইৰানৰ ছাউথ পাৰ্ছ বিশ্বৰ ভিতৰতে সর্ব গেছ ক্ষেত্র। ইয়াৰ পৰাই এছিয়া আৰু ইউৰোপলৈ সিংহভাগ এল এন জি প্ৰেৰণ কৰা হয়। এই গেছ ক্ষেত্ৰত কৰা আক্ৰমণ বিশ্বৰ শক্তি প্রণালীত পোনপটীয়া আক্রমণ। ইয়াৰ প্রভাৱ গেছৰ যোগানত প্রত্যক্ষভাৱে পৰিছে। ইয়াৰ ফলত সমগ্র বিশ্বতে গেছৰ তীব্র সংকটৰ আশংকা কৰা হৈছে।