ডিজিটেল ডেস্ক: ইৰানৰ ওপৰত আমেৰিকা-ইজৰাইলে আক্ৰমণ চলাই মধ্যপ্রাচ্যত সূচনা কৰা যুদ্ধখনে বিশ্বক যি এক গভীৰ সংকটত পেলাইছে তাৰ বাবে নিশ্চিতভাৱে আমেৰিকাই জগৰীয়া। এই যুদ্ধখনৰ বাবেই সমগ্র বিশ্ব ইন্ধনৰ নাটনিৰ সন্মুখীন হোৱাৰ ফলত কেৱল পেট্রল-ডিজেল বা ৰন্ধন গেছৰ পোনপটীয়া উপভোক্তাসকলৰ মাজতে হাহাকাৰ লগা নাই, বহু উদ্যোগ-ব্যৱসায়লৈ এই যুদ্ধই নমাই আনিছে অশনি সংকেত।
আমাৰ দেশে সন্মুখীন হোৱা সমস্যাৰ আলোচনা ইতিমধ্যে বহুত হৈছে। এই যুদ্ধখনে প্রকট কৰি তুলিছে আমাৰ দেশৰ ইন্ধনৰ ক্ষেত্ৰত থকা পৰনিৰ্ভৰশীলতাৰ ছবিখন। ভাৰতক প্ৰয়োজন হোৱা খাৰুৱা তেলৰ ৮৮ শতাংশ আৰু প্ৰাকৃতিক গেছৰ ৫০ শতাংশ পূৰণ কৰা হয় আমদানিৰ জৰিয়তে। বিশ্বৰ তৃতীয় সর্বাধিক খাৰুৱা তেল আমদানি কৰা আমাৰ দেশৰ অর্থনীতি যে ইন্ধন আমদানিৰ ওপৰত নিৰ্ভৰশীল সেই অৱস্থাটো আজি যুদ্ধখনৰ বাবে জনসাধাৰণৰ সন্মুখত উন্মোচিত হ'ল। ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ পৰা আমদানি কৰা খাৰুৱা তেলৰ ৪০ শতাংশ আহে হৰমুজ প্রণালীয়েদি।
আমেৰিকা-ইজৰাইলে পৰিকল্পিত আক্রমণ চলাই ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলী খামেনেইক হত্যা কৰাৰ পাছত অতিশয় ক্ষুব্ধ আৰু আহত বাঘৰ দৰে প্রতিশোধপৰায়ণ হৈ উঠা ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ ফলত ভাৰতৰ কি অৱস্থা হৈছে সেয়া এতিয়া দেশৰ সাধাৰণ লোকসকলেও বুজি পাইছে। বিশ্বৰ আন বহু দেশৰো এতিয়া একেই দুর্যোগ। ইন্ধনৰ নিজস্ব উৎপাদন নথকা দেশ কিছুমানৰ অৱস্থাটো আৰু জটিল।
হৰমুজ প্রণালী বন্ধৰ উপৰি মধ্যপ্রাচ্যৰ আমেৰিকাৰ অনুগত দেশবোৰৰ তৈল প্রতিষ্ঠানত হোৱা বিধ্বংসী আক্ৰমণবোৰৰ বাবে ৰকেটৰ গতিত খাৰুৱা তেলৰ দাম বৃদ্ধি পাবলৈ ধৰিছে। ফেব্ৰুৱাৰীৰ মাজভাগত প্রতি বেৰেল খাৰুৱা তেলৰ দাম আছিল ৬৫ ডলাৰ। এতিয়া ইয়াৰ দাম প্রতি বেৰেলত ১১৯ ডলাৰলৈ বৃদ্ধি পাইছে। যুদ্ধ যিমানে দীঘলীয়া হৈ গৈ থাকিব, খাৰুৱা তেল, এল পি জিব দামো বাঢ়ি গৈ থাকিব। ফলত বিশ্ববাসীৰ অৱস্থা কি হ'ব সেয়া সহজেই অনুমেয়।
আমাৰ দেশে এল পি জিৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৬০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৪৪ টকাকৈ বৃদ্ধি কৰিছে। আমাৰ দেশ যেনেকৈ ইন্ধনৰ বাবে মধ্যপ্রাচ্যৰ ওপৰত সর্বাধিক নিৰ্ভৰশীল তেনেদৰে অন্য বহু দেশৰো জীৱন-যাত্রা নিয়ন্ত্রণ কৰি আছে মধ্যপ্রাচ্যৰ এই ইন্ধনেই। বৰ্তমানৰ মূল্য অনুসৰি আমাৰ দেশে তেল আৰু গেছ আমদানিৰ বাবত বছৰি ১০০ বিলিয়ন ডলাৰ ব্যয় কৰিব লাগে। আমাৰ দেশৰ মুঠ আমদানিৰ ই ২৫-৩০ শতাংশ। অন্য বহু দেশৰ পৰিসংখ্যা চালেও এনেকুৱা বিশাল অংক কিছুমানেই ওলায়। এনেকৈ বহু দেশৰ জীৱন নিৰ্বাহ যিহেতুকে মধ্যপ্রাচ্যৰ সেই ইন্ধনৰ ওপৰত নিৰ্ভৰ কৰি আছে, তেনে অৱস্থাত অঞ্চলটোত শান্তিপূর্ণ পৰিৱেশ বৰ্তাই ৰখাত সকলোৱে গুৰুত্ব দিব লাগিছিল। তাকে নকৰি শুই থকা সিংহক জগাই দিয়াৰ দৰে আমেৰিকা-ইজৰাইলে ইৰানক প্ৰৰোচিত কৰি সাম্প্ৰতিক ধ্বংসলীলা সৃষ্টিৰ পৰিৱেশ ৰচনা কৰি দিলে।
আমেৰিকা-ইজৰাইলে ইৰানক কিয় আক্ৰমণ কৰিলে সেয়া বিশ্ববাসীৰ বাবে সাঁথৰ। ইৰানৰ পাৰমাণৱিক অস্ত্র আহৰণৰ সক্ষমতাক প্রতিহত কৰিবলৈ এই আক্ৰমণ কৰা বুলি আমেৰিকা আৰু ইজৰাইলৰ তৰফৰ পৰা বিশ্বক জনোৱা হৈছে। কিন্তু পাৰমাণৱিক অস্ত্র আহৰণ কৰাৰ কোনো প্রমাণ ৰাষ্ট্ৰসংঘৰ 'নিউক্লিয়াৰ ৱাছডগ' (IAEA) আৰু আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই। ইয়াৰ বিপৰীতে ইৰানে কৈ আহিছে যে পাৰমাণৱিক বোমা আহৰণ তেওঁলোকৰ লক্ষ্য নহয়। দেশখনে শান্তিৰ লক্ষ্যৰেহে পাৰমাণৱিক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
ইৰানৰ অভিযোগ- আমেৰিকাই ইৰানৰ তেল আৰু শক্তি আন্তঃগাঁথনিক লক্ষ্য কৰি দেশখনৰ ওপৰত আক্ৰমণ চলাইছে। ভেনিজুৱেলাত কৰাৰ দৰে অনুৰূপ আক্ৰমণ কৰি ইৰানকো আমেৰিকাৰ অনুগত শাসন ব্যৱস্থা এটা গঠন কৰি লৈ দেশখনৰ তৈল আৰু শক্তি খণ্ডৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰাই আমেৰিকাৰ উদ্দেশ্য। ইৰানৰ অভিযোগ উৰুৱাই দিব পৰা বিধৰ হয় নে নহয় ক'ব নোৱাৰি, কিন্তু ইৰাকত মহাপ্রতাপী ছাদ্দাম হুছেইনৰ শাসনক উৎখাত কৰি তেলৰ চহকী সেই দেশখনত আমেৰিকাৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাৰ ইতিহাস আছে। গণবিধ্বংসী অস্ত্র আহৰণ কৰা বুলি ছাদ্দাম হুছেইনৰ বিৰুদ্ধেও আমেৰিকাই অভিযোগ তুলিছিল। এই অভিযোগ-প্রতি-অভিযোগবিলাকৰ সত্যাসত্যৰ বিচাৰ কৰাই কৰিব, কিন্তু কথা হ'ল ইৰানত আমেৰিকা-ইজৰাইলে আক্ৰমণ কৰি সৃষ্টি কৰা ভয়ংকৰ যুদ্ধখন এতিয়া দেশ তিনিখনৰ মাজতে আবদ্ধ হৈ থকা নাই। ইয়াৰ পৰিণাম অকাৰণতে মধ্যপ্রাচ্যৰ অন্য দেশবোৰে ভুগিবলগীয়া হৈছে, সমগ্র বিশ্ব আজি ইয়াৰ বাবে সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে, হাজাৰ হাজাৰ নিৰপৰাধী মানুহ হতাহত হৈছে, দুর্ভোগ ভুগিবলগীয়া হৈছে।
বৰ্তমানৰ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ আমোলত বিশ্বই নতুন নতুন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, বিশ্বত অস্থিৰতাৰ সৃষ্টি হৈছে। এইজনা ৰাষ্ট্রপ্রধানে স্বৈৰাচাৰীভাৱে ভাৰতকে ধৰি অধিকাংশ দেশৰ বিৰুদ্ধে শুল্ক আৰোপ কৰি বিশ্বক এক অনাকাংক্ষিত অর্থনৈতিক সংকটৰ মুখলৈ ঠেলি দিছিল। আমেৰিকাৰ আদালতে বিষয়টোত হস্তক্ষেপ নকৰা হ'লে এই সংকটে বিশ্বৰ বাণিজ্য ব্যৱস্থাটোক অস্থিৰ কৰিয়েই ৰাখিলেহেঁতেন। শক্তিধৰ দেশৰ এনে অতপালিৰ পৰা তুলনামূলকভাৱে দুৰ্বল দেশবোৰক কোনে ৰক্ষা কৰিব আজিৰ তাৰিখত সেইটোৱেই গুৰুত্বপূৰ্ণ প্রশ্ন।