কোন সমষ্টিত কোন প্ৰাৰ্থী বিজয়ী? চাওক সম্পূৰ্ণ তালিকা

Rashmi May 05, 2026

ডিজিটেল ডেস্ক : কালি অৰ্থাৎ ৪ মে’ত ঘোষণা কৰা হ’ল অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল৷ অসমত বিজেপিয়ে লাভ কৰিলে ঐতিহাসিক বিজয়। বিজেপিৰ শক্তিত মুখথেকেচা খালে কংগ্ৰেছ দলে। BJP মিত্ৰজোঁট অৰ্থাৎ NDAয়ে ১০২খন আসন লাভ কৰিবলৈ সক্ষম হয়। বিজেপি দলে লাভ কৰিলে ৮২খন আসন, অগপ দলে ১০খন আৰু BPF দলে লাভ কৰিলে ১০খন আসন। আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যই লাভ কৰিলে মাত্ৰ ২১খন আসন। কংগ্ৰেছে মাত্ৰ ১৯খন আসনহে লাভ কৰিবলৈ সক্ষম হ’ল আৰু ৰাইজৰ দলে লাভ কৰিলে দুখন আসন৷ AIUDFএ দুখন আসন লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে লাভ কৰে এখন আসন।

এই নিৰ্বাচনত শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁট অসম সন্মিলত মৰ্চাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গ’ল। ইতিহাস গঢ়ি অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব BJP মিত্ৰজোঁটে। 

অসম বিধানসভা নিৰ্বাচনত জয়ী হোৱা ১২৬টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক

১) ধেমাজি : ডাঃ ৰণোজ পেগু (BJP) 
২) মাজবাট : চৰণ বড়ো (BFP)  
৩) নিউ গুৱাহাটী : দিপ্লু ৰঞ্জন শৰ্মা (BJP)
৪) মাজুলী : ভুৱন গাম (BJP)
৫) যোৰহাট : হিতেন্দ্ৰ নাথ গোস্বামী (BJP) 
৬) জাগীৰোড : পীয়ূষ হাজৰিকা (BJP) 
৭) খুমটাই : মৃণাল শইকীয়া (BJP) 
৮) সৰুপথাৰ : বিশ্বজিৎ ফুকন (BJP) 
৯) গোলাঘাট : অজন্তা নেওগ (BJP) 
১০) দেৰগাঁও : মৃদুল কুমাৰ দত্ত (BJP) 
১১) দোতমা : ৰবিৰাম নাৰ্জাৰী (BPF) 
১২) চিচিবৰগাঁও : জীৱন গগৈ (BJP) 
১৩) টংলা : বিকন চন্দ্ৰ ডেকা (BJP) 
১৪) পশ্চিম গোৱালপাৰা : পৱিত্ৰ ৰাভা (BJP) 
১৫) নাহৰকটীয়া : তৰংগ গগৈ (BJP) 
১৬) লক্ষীপুৰ : কৌশিক ৰায় (BJP) 
১৭) টিংখাং : বিমল বৰা (BJP) 
১৮) অভয়াপুৰী : ভূপেন ৰায় (BJP) 
১৯) বিহালী : মুনীন্দ্ৰ দাস (BJP) 
২০) ভেৰগাঁও : মহেশ্বৰ বড়ো (BPF) 
২১) মৰিগাঁও : ৰমাকান্ত দেউৰী (BJP) 
২২) ডিমৰীয়া : ড° তপন দাস (AGP)
২৩) মাহমৰা : সুৰুজ দিহিঙীয়া (BJP) 
২৪) ডুমডুমা : ৰূপেশ গোৱালা (BJP) 
২৫) উদাৰবন্দ : ৰাজদীপ গোৱালা (BJP) 
২৬) নগাঁও-বটদ্ৰৱা : ৰূপক শৰ্মা (BJP) 
২৭) ৰঙানদী : ঋষিৰাজ হাজৰিকা (BJP) 
২৮) জোনা : ভুৱন পেগু (BJP) 
২৯) ভৱানীপুৰ-সৰভোগ : ৰণজিৎ কুমাৰ দাস (BJP) 
৩০) দিছপুৰ : প্ৰদ্যুৎ বৰদলৈ (BJP) 
৩১) ওদালগুৰি : ৰিহন দৈমাৰী (BJP) 
৩২) মঙলদৈ : নীলিমা দেৱী (BJP) 
৩৩) ৰংখাং : তুলিৰাম ৰংহাং (BJP) 
৩৪) ছিদলী চিৰাং : পানীৰাম ব্ৰহ্ম (BPF) 
৩৫) জালুকবাৰী : ড° হিমন্ত বিশ্ব শৰ্মা (BJP) 
৩৬) নদুৱাৰ : পদ্ম হাজৰিকা (BJP) 
৩৭) দুধনৈ : টংকেশ্বৰ ৰাভা (BJP) 
৩৮) ৰামকৃষ্ণ : বিজয় মালাকাৰ (BJP) 
৩৯) বৰখলা : কিশোৰ নাথ (BJP) 
৪০) ধলাই : অমিয়কান্তি দাস (BJP) 
৪১) মধ্য গুৱাহাটী : বিজয় কুমাৰ গুপ্তা (BJP) 
৪২) বোকাজান : সূৰ্য ৰংফাৰ (BJP) 
৪৩) লখিমপুৰ : মানৱ ডেকা (BJP) 
৪৪) বজালী : ধৰ্মেশ্বৰ ৰায় (AGP) 
৪৫) মৰিয়নি : ৰূপজ্যোতি কুৰ্মি (BJP) 
৪৬) ধিং : মেহবুব মুক্তাৰ (ৰাইজৰ দল)
৪৭) দলগাঁও : মজিবুৰ ৰহমান (AIUDF) 
৪৮) ডিমৌ : সুশান্ত বৰগোহাঁই (BJP) 
৪৯) বৰক্ষেত্ৰী : নাৰায়ণ ডেকা (BJP) 
৫০) হাওৰাঘাট : লুনচিং টেৰণ (BJP) 
৫১) আমৰি : হাব্বে টেৰণ (BJP) 
৫২) হোজাই : শিলাদিত্য দেৱ (BJP) 
৫৩) বকো-ছয়গাঁও : ৰাজু মেচ (BJP) 
৫৪) সোণাৰি : ধৰ্মেশ্বৰ কোঁৱৰ (BJP) 
৫৫) চাবুৱা-লাহোৱাল : বিনোদ হাজৰিকা (BJP) 
৫৬) কলিয়াবৰ : কেশৱ মহন্ত (AGP) 
৫৭) বিজনী : অৰূপ কুমাৰ দে' (BJP) 
৫৮) বিহপুৰীয়া : ভূপেন কুমাৰ বৰা (BJP) 
৫৯) ঢকুৱাখনা : নৱ কুমাৰ দলে (BJP) 
৬০) ডিফু : নিছ’ তেৰাংপী (BJP) 
৬১) গোৰেশ্বৰ : ভিক্টৰ কুমাৰ দাস (BJP) 
৬২) হাফলং : ৰূপালী লাংথাছা (BJP) 
৬৩) বঙাইগাঁও : দীপ্তিময়ী চৌধুৰী (AGP) 
৬৪) বাক্সা : মনেশ্বৰ ব্ৰহ্ম (BFP) 
৬৫) শিলচৰ : ড° ৰাজদীপ ৰয় (BJP) 
৬৬) লাহৰীঘাট : ড° আচিফ মহম্মদ নজৰ (CONG)
৬৭) ৰঙিয়া : ভৱেশ কলিতা (BJP) 
৬৮) ডিগবৈ : সুৰেন ফুকন (BJP) 
৬৯) মাকুম : সঞ্জয় কিষাণ (BJP) 
৭০) তিনিচুকীয়া : পুলক গোহাঁই (BJP) 
৭১) মাৰ্ঘেৰিটা : ভাস্কৰ শৰ্মা (BJP) 
৭২) মানস : থানেশ্বৰ বসুমতাৰী (BPF)
৭৩) কোকৰাঝাৰ : ছিউলী মুছাহাৰী (BPF)
৭৪) গোসাইগাঁও: সভাৰাম বসুমতাৰী (BPF)
৭৫) তেজপুৰ : পৃথ্বীৰাজ ৰাভা (AGP) 
৭৬) বৰপেটা : দীপক কুমাৰ দাস (AGP)
৭৭) বোকাখাত : অতুল বৰা (AGP)
৭৮) ডিব্ৰুগড় : প্ৰশান্ত ফুকন (BJP) 
৭৯) খোৱাং : চক্ৰধৰ গগৈ (BJP) 
৮০) আলগাপুৰ-কাটলিচেৰা : জুবেৰ আনাম মজুমদাৰ (CONG)
৮১) গহপুৰ : উৎপল বৰা (BJP) 
৮২) নলবাৰী : জয়ন্ত মল্লবৰুৱা (BJP) 
৮৩) পাকাবেতবাৰী : জাকিৰ হুছেইন শিকদাৰ (CONG)
৮৪) পাথৰকান্দি : কৃষ্ণেন্দু পাল (BJP) 
৮৫) কমলপুৰ : দিগন্ত কলিতা (BJP) 
৮৬) ছিপাঝাৰ : পৰমানন্দ ৰাজবংশী(BJP) 
৮৭) শদিয়া : বলীন চেতিয়া (BJP) 
৮৮) বিশ্বনাথ : পল্লৱ লোচন দাস (BJP) 
৮৯) সৃজনগ্ৰাম : মহম্মদ নুৰুল ইছলাম (CONG)
৯০) নাজিৰা : ময়ূৰ বৰগোহাঁই (BJP) 
৯১) তামুলপুৰ : বিশ্বজিৎ দৈমাৰী (BJP) 
৯২) জলেশ্বৰ : আফতাব উদ্দিন মোল্লা (CONG)
৯৩) বাওখুংগ্ৰী : ৰূপম চন্দ্ৰ ৰায় (BPF)
৯৪) হাইলাকান্দি : মিলন দাস (BJP) 
৯৫) নাওবৈচা : ড° জয় প্ৰকাশ দাস (CONG)
৯৬) মানকাচৰ : মহিবুৰ ৰহমান (CONG)
৯৭) চেঙা : আব্দুৰ ৰহিম আহমেদ (CONG)
৯৮) চামগুৰি : তানজিল হুছেইন (CONG)
৯৯) দুলীয়াজান : ৰামেশ্বৰ তেলী (BJP) 
১০০) বৰচলা : ঋতু বৰণ শৰ্মা (BJP) 
১০১) তিতাবৰ : ধীৰাজ গোৱালা (BJP) 
১০২) ধুবুৰী : বেবী বেগম (CONG)
১০৩) ঢেকীয়াজুলি : অশোক সিংহল (BJP) 
১০৪) হাজো-শুৱালকুছি : প্ৰকাশ চন্দ্ৰ দাস (AGP)
১০৫) পলাশবাৰী : হিমাংশু শেখৰ বৈশ্য (BJP) 
১০৬) টিহু : চন্দ্রমোহন পাটোৱাৰী (BJP) 
১০৭) ৰঙাপাৰা : কৃষ্ণ কমল তাঁতী (BJP) 
১০৮) বঢ়মপুৰ : জিতু গোস্বামী (BJP) 
১০৯) বিলাসীপাৰা : জিৱেশ ৰায় (AGP)
১১০) গোলকগঞ্জ : অশ্বিনী ৰায় সৰকাৰ (BJP) 
১১১) গৌৰীপুৰ : আব্দুছ ছোবাহান আলী সৰকাৰ (CONG)
১১২) মন্দিয়া : শ্বেৰমান আলী আহমেদ (তৃণমূল কংগ্ৰেছ) 
১১৩) ছমৰীয়া : ৰেকিবুদ্দিন আহমেদ (CONG)
১১৪) বিন্নাকান্দি : বদৰুদ্দিন আজমল (AIUDF) 
১১৫) পৰ্বতঝোৰা : মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখ (CONG)
১১৬) ৰহা : শশীকান্ত দাস (BJP) 
১১৭) ৰূপহীহাট : নুৰুল হুদা (CONG)
১১৮) শিৱসাগৰ : অখিল গগৈ (ৰাইজৰ দল) 
১১৯) দক্ষিণ কৰিমগঞ্জ : আমিনুৰ ৰছিদ চৌধুৰী (CONG)
১২০) টীয়ক : বিকাশ শইকীয়া (AGP) 
১২১) কাটিগড়া : কমলাক্ষ দে' পুৰকায়স্থ (BJP) 
১২২) সোণাই : আমিনুল হক লস্কৰ (CONG)
১২৩) লামডিং : শিবু মিশ্ৰ (BJP) 
১২৪) পূব গোৱালপাৰা : আবুল কালাম ৰছিদ আলম (CONG)
১২৫) উত্তৰ কৰিমগঞ্জ : জাকাৰিয়া আহমেদ (CONG)
১২৬) বীৰসিং-জৰুৱা : ৱাজেদ আলী চৌধুৰী (CONG)






উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This