ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়ৰ পুথি 'সহজ ব্যাকৰণ ৰচনা'ত অসমৰ সংস্কৃতিক ভেঙুচালি, অসমীয়াৰ বিহু হেনো ১২টা

dainik janambhumi May 19, 2026

ডিজিটেল ডেস্ক: এইবাৰ অসমীয়াক অসমীয়া ভাষাৰ ব্যাকৰণ শিকাবলৈ ওলাইছে মিঞাই। ধুবুৰীৰ পৰা প্ৰকাশ কৰা এখন অসমীয়া ব্যাকৰণ ৰচনাত অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ বিহুক চৰম ভেঙুচালি কৰিছে এজন স্বয়ম্ভু লেখকে। 

ধুবুৰীৰ এন এছ ৰোডস্থিত নিউ মহম্মদীয়া পুস্তকালয়ৰ দ্বাৰা প্ৰকাশিত ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে 'সহজ ব্যাকৰণ ৰচনা (দ্বিতীয় ভাগ)' নামৰ পুথিখনত অসমৰ জাতীয় উৎসৱ বিহুক চৰম অপমান কৰা ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। পুথিখনত অসমৰ জাতীয় উৎসৱ বিহুক অপব্যাখ্যা কৰি সমাজলৈ ভুল তথ্য আগবঢ়োৱাৰ চেষ্টা কৰাৰ ঘটনা পোহৰলৈ আহিছে। 

উল্লেখযোগ্য যে ধুবুৰীৰ এন এছ ৰোডস্থিত নিউ মহম্মদীয়া পুস্তকালয়ে ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে 'সহজ ব্যাকৰণ ৰচনা' নামৰ এখন পুথিখনৰ দ্বিতীয় ভাগ প্রকাশ কৰিছে। পুথিখনত কণ কণ শিশুসকলক যি ভুল তথ্য প্ৰদান কৰাৰ চেষ্টা কৰিছে সেয়া পঢ়িলে সকলোৰে চকু কপালত উঠিব। পুথিখনত উল্লেখ আছে যে অসমীয়াৰ বিহু ১২টা। 

প্রতিমাহৰ শেষৰ দিনটোক অসমীয়াই বিহু পালন কৰে। কিন্তু মুখ্য বিহু তিনিটা। চ'ত মাহৰ শেষৰ দিনটোক ৰঙালী বিহু বোলে আৰু পুহ মাহৰ শেষৰ দিনটোক ভোগালী বিহু বোলে বুলি প্রকাশ কৰা হৈছে পুথিখনত। এই অদ্ভুত যুক্তি প্রদান কৰিছে নিউ মহম্মদীয়া পুস্তকালয়ৰ স্বত্বাধিকাৰী ইয়াছৰাণ ভূঞাই। স্বত্বাধিকাৰী ভূঞাই নিজেই নাজানে বিহু কেতিয়া পালন কৰা হয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ইয়াছৰাণ ভূঞাই সাত বিহুৰ বিষয়েও অজ্ঞতা প্রকাশ কৰে। দায় সাৰিবলৈ চেষ্টা কৰি তেওঁ কয় যে তেওঁ সৰুৰে পৰাই বাহিৰত পঢ়িছিল বাবেই হেনো নাজানে বিহুৰ বিষয়ে। 

আনহাতে লেখক-প্রকাশকে পুথিখনত বাৰেপাচি ভুল বানানেৰে অসমীয়াক অসমীয়া ভাষাৰ জ্ঞান দিবলৈয়ো চেষ্টা কৰিছে। প্রাপ্ত তথ্য মতে, পুথিখন কলকাতাত ছপা কৰি আনি ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়ৰ স্বত্বাধিকাৰীয়ে বজাৰত বিক্ৰী কৰি আছে।

লক্ষণীয়ভাৱে পুথিখনৰ দুটা স্থানত দুজন লিখকৰ নাম উল্লেখ কৰি সকলোকে বিভ্রান্ত কৰিছে। পুথিখনৰ বেটুপাতত লেখকৰ নাম উল্লেখ কৰা হৈছে 'মোঃ ই আলী' বুলি আৰু ভিতৰৰ প্ৰথম পৃষ্ঠাতে লিখকৰ নাম আছে 'ভুইয়া আৰু মোল্লা' বুলি। সমগ্র বিষয়টোক লৈ সম্প্রতি নিউ মহম্মদীয়া পুস্তকালয়ৰ স্বত্বাধিকাৰী ইয়াছৰাণ ভূঞাই গা এৰা দিবলৈ চেষ্টা কৰিবলৈ চেষ্টা কৰা বিষয়টোৱে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভিন্ন দল-সংগঠনে ইতিমধ্যে এই সন্দৰ্ভত উচিত তদন্ত কৰি দোষী প্রকাশক তথা লিখকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Share This