ডিজিটেল ডেস্কঃ ৰঙিয়া মহাবিদ্যালয়ৰ সমীপত স্থাপন হোৱা দুখনকৈ বিলাতী সুৰাৰ বিপণীয়ে (অ'নশ্বপ) সমগ্ৰ পৰিৱেশ বিঘ্নিত কৰি তোলা বুলি অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি ৰঙিয়া মহাবিদ্যালয় পথৰ ৰে'ল গে'টৰ সমীপত থকা এই সুৰাৰ বিপণী দুখনত বহি একাংশ লোকে নিতৌ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। এই লোকসকলৰ 'ইভটিজিঙ'ত অতিষ্ঠ হৈ সম্প্রতি একাংশ ছাত্রীয়ে মহাবিদ্যালয়লৈ অহাটো বন্ধ কৰাৰো খবৰ পোৱা গৈছে। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থা আৰু ৰঙিয়া মহাবিদ্যালয় আছু গোটে আজি ৰঙিয়া সম জিলা আয়ুক্তৰ হাতত এখন স্মাৰক-পত্ৰ প্ৰদান কৰি সুৰাৰ বিপণী দুখনৰ অনুজ্ঞা-পত্ৰ বাতিলৰ দাবী জনায়।
স্মাৰক-পত্ৰত অভিযোগ কৰা অনুসৰি শিক্ষানুষ্ঠানৰ কাষত কোনো কাৰণতে সুৰাৰ বিপণীৰ অনুমতি পাব নালাগে যদিও ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰৱেশ পথত কিদৰে সুৰাৰ বিপণী স্থাপনৰ অনুমতি প্রদান কৰা হ'ল সি ৰহস্যৰ বিষয়। এইক্ষেত্ৰত নিশ্চয়কৈ অনিয়ম সংঘটিত হৈছে বুলি উল্লেখ কৰি স্মাৰক-পত্ৰত সমগ্র বিষয়টোৰ এক তদন্ত কৰি শীঘ্ৰে সুৰাৰ বিপণী দুখনৰ অনুজ্ঞা-পত্র বাতিল কৰিবলৈ দাবী জনোৱা হয়।