বছৰৰ প্ৰথম দিনটোত ভৈৰৱকুণ্ডত বনভোজ দলৰ ভিৰ, নৱবৰ্ষৰ আনন্দ-উল্লাস : বিৰ দি বাট নোপোৱা অৱস্থা

dainik janambhumi January 03, 2026

ডিজিটেল ডেস্ক: প্ৰকৃতিৰ ৰাণী, পৰ্যটকৰ নয়নমণি, বনভোজৰ ৰম্যপুৰী ভৈৰৱকুণ্ড প্রতি বছৰৰ দৰে এইবাৰো নৱবৰ্ষৰ প্ৰথম দিন ১ জানুৱাৰীত সাৰ পাই উঠিল। অসম, ভূটান, অৰুণাচলৰ ত্ৰি-সীমান্তত অৱস্থিত ভৈৰৱকুণ্ডৰ সন্ধা-ললিতা-কান্তা সদৃশ পৰিৱেশত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতি নৌ পুৱাতেই সমবেত হ'বলৈ ধৰে বনভোজ দলৰ লোক। ভৈৰৱকুণ্ডৰ অপূৰ্ব প্রাকৃতিক শোভা উপভোগ কৰি বনভোজকাৰী লোকসকল অভিভূত হৈ পৰিল। 

পাহাৰীয়া ভূটানৰ শাৰী শাৰী পাহাৰ, অৰুণাচলৰ গভীৰ অৰণ্যৰ দৃশ্য, ত্ৰি সীমান্তৰ মাজেৰে বৈ যোৱা ধনশিৰি নৈৰ ওপৰত অসম-অৰুণাচল সংযোগী অত্যাধুনিক ধনশিৰি প্ৰকল্পৰ দৃশ্য চাই আপোন পাহৰা হৈ পৰিল বনভোজকাৰী। ধনশিৰি নৈৰ শিলাময় মুকলি ভূমিত প্ৰকৃতিৰ বুকুত মাছে-মঙহে এসাঁজ পৰম তৃপ্তিৰে খাই হিয়া জুৰ পেলালে বনভোজ দলৰ লোকসকলে। উত্তাল গান-বাজনাৰ সংগীতৰ তালে তালে নাচি-বাগি আনন্দত নৱবৰ্ষত সকলোৱে ফাটি পৰিল। কাষতে থকা ভূটানৰ বিভিন্ন থলুৱা খাদ্যৰ লগতে ভূটানৰ দেশীয় সুৰাৰো বহুতে জুতি লয়।  

এক বিশাল উৎসৱমুখৰ পৰিৱেশত বনভোজ খাই সকলো আনন্দত মতলীয়া হৈ পৰিল। বনভোজ খাই বিয়লি বনভোজ দলসমূহে পৰম আত্ম তৃপ্তিৰে নিজ নিজ বাহনেৰে ঘৰমুৱা হয় ভৈৰৱকুণ্ডৰ কাহানিও পাহৰিব নোৱৰা মিঠা স্মৃতি লৈ। ভৈৰৱকুণ্ডৰ আৰক্ষীৰ লোক, ভৈৰৱকুণ্ডৰ পৰ্যটন নিৱাসৰ লোক, স্থানীয় যুৱক-যুৱতীসকলৰ পৰ্যবেক্ষণত নৱবৰ্ষৰ প্ৰথম দিনটো শান্তিপূর্ণভাৱে পাৰ হয়।

Share This