ডিজিটেল ডেস্ক: আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সমগ্ৰ ৰাজ্যতে বিজেপি দলে অব্যাহত ৰাখিছে ব্যাপক নির্বাচনী তৎপৰতা। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাৰ ঘিলামৰা চেকচেকী পথাৰত হেলিকপ্টাৰযোগে অৱতৰণ কৰি ঘিলামৰা উন্নয়ন খণ্ড খেলপথাৰত উপস্থিত হয়।
এখন বিশাল জনসভাত মুখ্যমন্ত্রী ড° শৰ্মাই অংশগ্রহণ কৰি হাজাৰ হাজাৰ মহিলাক উদ্দেশ্যি ভাষণ দিয়াৰ লগতে ৩৬ হাজাৰ মহিলাক ১০ হাজাৰকৈ ৩৬ কোটি টকা উদ্যমিতা আঁচনিৰ চে'ক প্ৰদান কৰে। সভাত অংশগ্ৰহণ কৰাৰ পাছতে পোনে পোনে মুখ্যমন্ত্রী ড° শৰ্মাই উপস্থিত হয় ঢকুৱাখনা মাতমৰাৰ ব্ৰহ্মপুত্ৰৰ দাঁতিত অনুষ্ঠিত আন এখন বিশাল সভাত। এই সভাত ঢকুৱাখনা সমষ্টি উন্নয়নৰ বাবে প্রায় ২৯০ কোটি টকাৰ এক অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰে। এছিয়ান ডেভেলপমেন্ট বেংকৰ আবণ্টিত ১৫০ কোটি টকা ব্যয়সাপেক্ষে ব্ৰহ্মপুত্ৰৰ বান খহনীয়া প্ৰতিৰোধ প্রকল্প আঁচনিৰ, সেই স্থানতে ৭৮ কোটি টকাৰে নিৰ্মাণ কৰা ঢকুৱাখনা অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা, ১২ কোটি ৬৮ লাখ টকাৰে উত্তৰ অসমৰ বৈষ্ণৱপীঠ থান নাৰোৱা সত্ৰ উন্নয়নৰ বাবে আঁচনি উদ্বোধন আৰু ৪০ কোটি টকা ব্যয়ৰে ঐতিহ্যমণ্ডিত ফাট বিহু ক্ষেত্ৰ উন্নয়নৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মাতমৰাত অনুষ্ঠিত সভাতে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘিলামৰাৰ সভাত অংশগ্ৰহণৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয়- মৌলবাদী শক্তিয়ে অসমক লৈ ডাঙৰ ষড়যন্ত্র চলাই আছে। আমি কালিও দেশৰ গৃহমন্ত্ৰীৰ লগত কথা পাতিছোঁ। আপোনালোকে লক্ষ্য কৰিব যে যোৱা চাৰে চাৰি বছৰে অসমখন একেবাৰে ঠাণ্ডা হৈ আছিল। তাৎক্ষণিকভাৱে অসমত মৌলবাদী শক্তিসমূহ একত্রিত হৈছে। আমি বাংলাদেশৰ পৰা অহা বহুকেইজন মানুহক ধৰিছোঁ।
আনহাতে, বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। গতিকে আমি নির্বাচনলৈকে সাৱধান হৈ থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব। ইফালে মহিলা উদ্যমিতা আঁচনিৰ লগতে অসমৰ লাখপতি বাইদেউ প্রসংগত কয়- আমি লাখপতি বাইদেউ বনাবৰ বাবে যি অভিযান আৰম্ভ কৰিছোঁ, তাত আমি সফল হৈছোঁ। নিৰ্বাচনৰ প্ৰাকক্ষণত অখিল গগৈয়ে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ সন্দৰ্ভত তোলা অভিযোগৰ প্রসংগত কয়- আমি ভোটাৰ তালিকাত নাম কর্তন কৰিবই লাগিব। কিয়নো কোনো লোকৰ মৃত্যু হ'লে বা দুঠাইত নাম থাকিলে আমি নাম কর্তন কৰিবই লাগিব। এই ক্ষেত্রত কংগ্ৰেছৰ এজেন্ট, ৰাইজৰ দলৰ এজেন্ট আৰু বিজেপি দলেও কমপ্লেইন দিব লাগিব। তাত নতুনত্ব কি আছে। তেওঁ লগতে কয়-'অখিল গগৈয়ে এণ্টাৰটেইনমেণ্টহে কৰে।'