ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰব্ৰজন নীতিৰ বিৰুদ্ধে কেলিফর্নিয়াৰ লছ এঞ্জেলছ মহানগৰত সোমবাৰেও হিংসাত্মক ঘটনা অব্যাহত থাকে। বিশ্বৰ প্ৰসিদ্ধ তাৰকাৰ বাসস্থান মহানগৰখনত পথত প্ৰতিবাদকাৰীৰ তাণ্ডৱ অব্যাহত থকাৰ পাছত এতিয়া গৃহ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে মহানগৰখনৰ ঘাইপথত উন্মত্ত প্রতিবাদ অব্যাহত থকাৰ গাড়ী আদিত অগ্নিসংযোগ কৰে। মহানগৰখনত নিশাৰ ভাগত প্রতিবাদ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাত আৰক্ষীয়ে কন্দুৱা গেছৰ লগতে ৰবৰ বুলেট নিক্ষেপ কৰে।
পেৰামাউন্টতো ব্যাপক হাৰত হিংসা হোৱা বুলি জনা গৈছে। ৰাষ্ট্ৰপতি ট্রাম্পে মহানগৰখনত নেশ্যনেল গাৰ্ডছৰ ৪১০০ জোৱানৰ লগতে নৌ সেনাৰ ৭০০ জোৱানো মোতায়েন কৰিছে। তাৰ পাছতো পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্রণলৈ অহা নাই। ইফালে ৰাষ্ট্ৰপতি ট্রাম্পে কেলিফর্নিয়াৰ ৰাজ্যপাল গেভিন নিউছমক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে। নিউছমে লছ এঞ্জেলছত নেশ্যনেল গাৰ্ডছৰ জোৱান মোতায়েনৰ বিৰোধিতা কৰিছে। ট্রাম্পে কয়, 'যদি কেলিফর্নিয়াৰ ৰাজ্যপাল গেভিন নিউছমক গ্ৰেপ্তাৰ কৰা হয় তেতিয়া ই এটা ভাল পদক্ষেপ হ'ব।
ইফালে লছ এঞ্জেলছত নেশ্যনেল গাৰ্ডৰ জোৱান মোতায়েন কৰাৰ বিৰোধিতা কৰি কেলিফর্নিয়াৰ প্ৰশাসনে ৰাষ্ট্ৰপতি ট্রাম্প আৰু তেওঁৰ প্ৰশাসনৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছে। প্ৰদেশখনৰ বিষয়াসকলে ট্রাম্পৰ এই পদক্ষেপ অবৈধ বুলি অভিহিত কৰে আৰু ইয়াৰ ফলত আগৰে পৰা উত্তেজনাপূৰ্ণ হৈ থকা পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল লয় বুলি কয়। কেলিফর্নিয়াৰ এটর্নী জেনেৰেল ৰব বাণ্টাই ট্রাম্প প্রশাসনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা প্ৰকাশ কৰি কয়, 'ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সীমা পাৰ কৰিছে। তেওঁ ৰাজ্যপাল গেভিন নিউছমৰ সন্মতি নোহোৱাকৈ সেনা মোতায়েন কৰিছে।