ভাৰতৰ চাউল নেপাই বিভিন্ন দেশত হাহাকাৰ

Kakali Deka August 22, 2023

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে যোৱা ২০ জুলাইত লোৱা এটা সিদ্ধান্তই সমগ্ৰ বিশ্বতে হাহাকাৰৰ সৃষ্টি কৰিছে৷ মোদী চৰকাৰে দেশত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কাৰণে বাছমতিৰ বাদে আন চাউলৰ ১৫ টকা নিষেধাজ্ঞা আৰোপ কৰিছিল৷ ইয়াৰ লগে লগে বিশ্বৰ বজাৰত চাউলৰ দাম যথেষ্ট বৃদ্ধি পাইছে৷

ইয়াৰ লগতে ভাৰতীয় চাউলৰ ওপৰত নিৰ্ভৰশীল দেশবোৰত তীব্ৰ সংকটৰ সৃষ্টি হৈছে৷ এই দেশবোৰে ভাৰতৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে৷  ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু ফিলিপাইনে নিজ নিজ দেশত চাউলৰ অত্যধিক দাম বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক চাউল ১৫ টকা আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ আহবান জনাইছে৷ ছিংগাপুৰে ভাৰতৰ পৰা ৰ.ৰ লাখ টন চাউল বিচাৰিছে৷ ইণ্ডোনেছিয়াই জুনতে ভাৰতৰ পৰা ১০ লাখ টন চাউল বিচাৰিছিল৷ কিন্তু নিষেধাজ্ঞাৰ বাবে এই চাউলখিনি দেশখনে নাপাব৷

সেয়েহে ভাৰতৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে৷ ইয়াৰ উপৰি চুবুৰীয়া কেইবাখনো দেশতো ভাৰত চৰকাৰৰ এই সিদ্ধান্তই সমস্যাৰ সৃষ্টি কৰিছে৷ এই দেশকেইখনৰ ভিতৰত বাংলাদেশ আৰু নেপালৰ লগতে আফ্ৰিকাৰো কেইবাখনো দেশ আছে৷

Share This