অসম-বংগ সীমান্তত অব্যাহত পোনা মাছৰ ছিণ্ডিকেট

dainik janambhumi May 11, 2025

ডিজিটেল ডেস্কঃ অসম-বংগ সীমান্তত পোনা মাছৰ ছিণ্ডিকেট চলাৰ অভিযোগ উত্থাপন হৈছে। প্রত্যেকখন পোনা মাছৰ গাড়ীৰ পৰা ছিণ্ডিকেট-চক্রই ৮-১০ হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। এই টকা আদায় নিদিলে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰা হয় পোনা মাছৰ গাড়ীত। হাৰাশাস্তি যাতে নহয় তাৰবাবেই পোনা মাছৰ ব্যৱসায়ীসকলে আদায় দি আহিছে ছিণ্ডিকেটৰ নিৰ্দিষ্ট টকা। 

গোহাঁই গাঁৱৰ শিমুলটাপুৰ পৰা নিয়ন্ত্ৰণ কৰি আহিছে পোনা মাছৰ ছিণ্ডিকেট। পোনা মাছৰ গাড়ীয়ে টকা নিদিলে পাৰ হ'ব নোৱাৰে শ্ৰীৰামপুৰ। বিগত প্রায় ডেৰ-দুই মাহ ধৰি নিষিদ্ধ ঘোষিত পোনা মাছৰ ব্যৱসায় চলি আহিছে। পোনা মাছৰ সৰবৰাহ হোৱাৰ লগে লগে গঢ়ি তুলিছে এই ছিণ্ডিকেট। শিমুলটাপু আৰু পশ্চিম বংগৰ বাৰবিশাৰ কেইজনমান যুবক পোনা মাছৰ ছণ্ডিকেটৰ লগত জড়িত বুলি অভিযোগ উঠিছে। 

নিষিদ্ধ ঘোষিত থাইলেণ্ড মাগুৰ, তিলাপিয়া, বিগ হেড কাপ মাছৰ পোনাসমূহ বহিঃৰাজ্যৰ পৰা অসমত সৰবৰাহ কৰা হয়। নিষিদ্ধ ঘোষিত পোনা মাছসমূহ অসমত সৰবৰাহ কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰবাবে বিভিন্নজনক মেনেজ কৰিবলৈ ছিণ্ডিকেট-চক্রই প্রতিখন পোনা গাড়ীৰ ধন সংগ্ৰহ কৰি আহিছে। পশ্চিম বংগৰ পৰা অনা মাছৰ গাড়ীসমূহ অসম-বংগ সীমান্তৱৰ্তী বংগৰ ভঙা পাকৰিগুৰিত অনাৰ পাছত ছিণ্ডিকেট চক্রই ইংগিত দিয়াৰ পাছত অসমৰ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, ৰঙিয়া, সৰুপেটা, সৰভোেগ আদি ঠাইলৈ নিয়া হয়। 

এই মাছসমূহ অসমত প্রতিপালন-উৎপাদন কৰাটো নিষিদ্ধ থকাৰ পাছতো ছিণ্ডিকেট-চক্রই টকা আদায় লৈ পশ্চিম বংগৰ পৰা অসমত সৰবৰাহ কৰি আহিছে নিষিদ্ধ ঘোষিত পোনা মাছ। যি সময়ত অসমত ছিণ্ডিকেট বন্ধ কৰিবলৈ চৰকাৰখনে উঠি-পৰি লাগিছে, তেনে সময়ত গোসাইগাঁৱৰ শিমলটাপুত পোনা মাছৰ গাড়ী নিয়ন্ত্ৰণ কৰিছে ছিণ্ডিকেটে চক্রই। 

উল্লেখযোগ্য যে মীন বিভাগৰ নামত ছিণ্ডিকেট চক্রই ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Share This