অন্ধ্র প্রদেশৰ তুৰাকাপালেম গাঁৱত অচিন ৰোগৰ আতংক 

dainik janambhumi September 14, 2025

ডিজিটেল ডেস্কঃ অন্ধ্র প্রদেশৰ তুৰাকাপালেম অঞ্চলত এটা অচিন ৰোগে আতংকৰ সৃষ্টি কৰিছে। তুৰাকাপালেম গাঁওখনত যোৱা মে' মাহৰ পৰা অচিন ৰোগত আক্রান্ত হৈ প্রায় ১০০০ লোকৰ কিডনী নষ্ট হৈ গৈছে আৰু ৫ মাহত ৩০জন লোকৰ মৃত্যু হৈছে। 

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ইতিমধ্যে গাঁওখনলৈ স্বাস্থ্যকৰ্মীৰ দল প্ৰেৰণ কৰি ৰোগীসকলৰ সকলো প্ৰকাৰৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে। কিন্তু ৰোগীবোৰৰ প্ৰকৃত ৰোগটো এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। ৰোগীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত ধৰা পৰিছে যে গাঁওখনৰ সহস্রাধিক লোকৰ কিডনী নষ্ট হৈ গৈছে। 

অন্ধ্র প্রদেশৰ গুন্টুৰ জিলাৰ গাঁওখনত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে। গাঁওখনত নতুনকৈ বহু লোক অচিন ৰোগটোত আক্রান্ত হৈয়ে আছে। 

ইফালে, গাঁওবাসীয়ে বিশ্বাস কৰি আছে যে বৌডৰায় নামৰ এক পৌৰাণিক ধর্মীয় স্থানত এটা প্রকাণ্ড শিল বেঁকা হৈ যোৱাৰ বাবেই এই অঘটন ঘটিছে। ইয়াৰ বাবে গাঁওবাসীয়ে বৌডৰায়ত দৈনিক বিশেষ পূজা-অর্চনা আগবঢ়াই আছে।

Share This