ডিজিটেল ডেস্ক : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জুলাই মাহৰ অধ্যক্ষতাৰ দায়িত্ব পাকিস্তানে গ্ৰহণ কৰাৰ সময়তেই দেশখনে গোলকীয় বিবাদ সন্দৰ্ভত মুকলি বিতৰ্ক আয়োজন কৰাৰ পৰিকল্পনা কৰি শান্তিপূর্ণ সমাধানৰ উত্তৰণৰ হকে প্ৰস্তাৱ গ্ৰহণৰ লক্ষ্য লৈছে।
এই সময়তেই কাশ্মীৰ বিবাদ সন্দৰ্ভত পাকিস্তানে আলোচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই সন্দৰ্ভত ল'বলগীয়া প্ৰস্তাৱটোত যাতে ভেট'ৰ সন্মুখীন নহয় তাৰ বাবে পাকিস্তানে লক্ষ্য ৰখাৰ সম্ভাৱনা আছে।
পাকিস্তানে কাশ্মীৰ সমস্যা সন্দৰ্ভত জম্মু-কাশ্মীৰৰ নাম লোৱাৰো কোনো সম্ভাৱনা নাই বুলি সূত্রসমূহত প্রকাশ পাইছে। নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ গ্ৰহণৰ বাবে ৫জন স্থায়ী সদস্য ৰাষ্ট্ৰকে ধৰি ৯টা ভোটৰ প্ৰয়োজন। এই সন্দৰ্ভত পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী ইশ্বাক ডাৰে ২২ জুলাইত অধ্যক্ষতা কৰিবলৈ নিউয়ৰ্কলৈ ৰাওনা হ'ব।