ডিজিটেল ডেস্ক : শিৱসাগৰ জিলাৰ অন্তৰ্গত স'ৰাগুৰি চাপৰিত অৱস্থিত হজৰত আজান পীৰ দৰগাহৰ কাষতে থকা ব্রহ্মপুত্র নদীৰ তীব্ৰ গৰাখহনীয়াই দৰগাহখনৰ লগতে বৃহত্তৰ অঞ্চলটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে বিগত ২ বছৰৰো অধিক কাল ধৰি বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল বানে খহনীয়াৰ সৃষ্টি কৰাৰ ফলত শ শ বিঘা কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। ব্রহ্মপুত্ৰ নদীৰ খহনীয়া আৰু কালৰূপ দেখি আতংকিত হৈ পৰা স'ৰাগুৰি, গটঙা, মামল গড়ভগা আদি বৃহৎ অঞ্চলৰ ৰাইজে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ পূজা-অৰ্চনা আৰম্ভকৰাও দেখা গৈছে।
আহোম ৰাজত্বকালত স্বৰ্গদেউ গদাধৰ সিংহই হজৰত আজান পীৰৰ আধ্যাত্মিক শক্তি প্রত্যক্ষ কৰি দিখৌ, দিচাং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল স'ৰাগুৰি চাপৰিত মঠ নিৰ্মাণ কৰি চুফী সাধকগৰাকীক থকাৰ ব্যৱস্থা কৰি দিছিল। তেতিয়াৰে পৰা ৪০০ বছৰৰো অধিক সময় স'ৰাগুৰি চাপৰিৰ আজানপীৰ দৰগাহলৈ ব্ৰহ্মপুত্র নদীয়ে গৰাখহনীয়া আৰু ভাবুকিৰ সৃষ্টি কৰা নাছিল। কিন্তু বর্তমান ব্রহ্মপুত্ৰৰ বুকুত সৃষ্টি হোৱা প্ৰৱল বানপানীয়ে বিভিন্ন অঞ্চল প্লাৱিত কৰি কৃষিভূমি নষ্ট কৰাৰ লগতে হজৰত আজান পীৰ দৰগাহ আৰু সৰাগুৰিৰ হাজাৰ হাজাৰ ৰাইজৰ কৃষিজীৱী ৰাইজক আতংকিত কৰি তুলিছে।
এনে জটিল পৰিস্থিতিৰ নিৰীক্ষণৰ বাবে শুকুৰবাৰে শিৱসাগৰ জিলাৰ আয়ুক্ত মৃদুল যাদৱে অতিৰিক্ত আয়ুক্ত মীনাক্ষি পাৰ্মে আৰু চক্ৰ বিষয়া মিত্ৰাবৃন্দা গগৈৰ সৈতে সমগ্র বান আক্রান্ত অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পাছতেই চক্র বিষয়া মিত্রাবৃন্দা গগৈয়ে হজৰত আজান পীৰ দৰগাহত উপস্থিত হৈ দৰগাহ সমিতিৰ সভাপতি আলহাজ হাৰুনল ৰচিদ আৰু উপ-সভাপতি খাইৰুদ্দিন আহমেদৰ সৈতে বিপদসংকুল পৰিস্থিতিৰ দৰগাহখনৰ সংৰক্ষণ সম্পর্কে বিভিন্ন দিশ আলোচনা কৰে। দৰগাহৰ লগতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হোৱা বানৰ তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ দৰগাহ পৰিচালনা সমিতিয়ে আজি স্থানীয় ৰাইজৰ সহযোগত ইছলাম ধৰ্মৰ নিয়ম অনুসৰি পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে।