শিৱসাগৰত নাই নিৰ্বাচনী উছাহ

dainik janambhumi April 27, 2025

ডিজিটেল ডেস্ক : অহা ২ মে'ৰ পঞ্চায়ত নিৰ্বাচনৰ দিনটোলৈ মাজত এসপ্তাহ বাকী নথকা অৱস্থাতো শিৱসাগৰ জিলাৰ বিভিন্ন পঞ্চায়তৰ ভোটাৰৰ মাজত আশানুৰূপ উছাহ-উদ্দীপনা পৰিলক্ষিত হোৱা নাই। তাৰ মাজতে শাসকীয় বিজেপি, মিত্রদল অগপ, প্রধান বিৰোধী দল কংগ্ৰেছকে ধৰি ৰাইজৰ দল আদিয়ে ৰাজনৈতিক অস্তিত্ব জাহিৰ কৰাৰ মানসেৰে সাধ্যানুসাৰে সমর্থিত প্রার্থী প্রক্ষেপ কৰি ৰাইজৰ মাজত সোমাই ভোট ভিক্ষা খোজাৰ নিৰ্বাচনী পৰিৱেশ পঞ্চায়তে পঞ্চায়তে বিৰাজমান হৈ উঠিছে। 

শুকুৰবাৰৰ পৰা কেতবোৰ পঞ্চায়তৰ অলিয়ে-গলিয়ে শাসকীয় দলৰ উপৰি মিত্ৰদল অগপকে ধৰি আন কেতবোৰ ৰাজনৈতিক দলৰ সমৰ্থিত প্ৰাৰ্থীৰ বেনাৰ-প'ষ্টাৰ পথৰ কাষত আঁৰি অস্তিত্ব প্রতিপন্ন কৰা পৰিলক্ষিত হৈছে। প্রধান বিৰোধী দল কংগ্ৰেছৰ দুৰ্গখ্যাত আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনৰ ২৭খন পঞ্চায়তৰ গৰিষ্ঠ সংখ্যকতে ৱার্ড সদস্যৰ বাবে নিজা সমর্থিত প্রার্থী দিবলৈ অক্ষম হোৱাৰ বিপৰীতে ৰাইজৰ দলে প্রার্থী প্ৰক্ষেপ কৰি দলৰ অস্তিত্ব প্রতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে। উল্লেখযোগ্য যে প্রাক্তন পৰিবহণ মন্ত্রী প্রয়াত অঞ্জন দত্তৰ অবৰ্তমানত দলৰ সাংগঠনিক স্থিতি থৰক-বৰক হ'লেও গাঁবে গাঁৱে আজিও দলটোৰ এটা ভাল অৱস্থালৈ অহাৰ আশাত বন্দী হৈ আছে বহুতো একালৰ নিষ্ঠাৱান তৃণমূল কর্মী আৰু পৰিয়াল। তেনে প্রেক্ষাপটত সবল নেতৃত্বৰ অভাৱত কঁকাল পোনাব নোৱৰা দলীয় অৱস্থাত পৰি অসহায় হৈ পৰা এনেবোৰ কৰ্মী-সমর্থকক বিভিন্ন দলে প্রলোভনেৰে নিজৰ দললৈ অনাৰ কূটকৌশলত জঁপিয়াই পৰিছে অন্যান্য শাসক-বিৰোধী। 'ৰাইজৰ দল'ৰ আকস্মিক উত্থানত প্রধান চালিকা শক্তি হৈ পৰিছে প্রধান বিৰোধী দল কংগ্ৰেছৰ এনেবোৰ হতাশাগ্রস্ত তৃণমূল কর্মী। কিয়নো শাসকীয় বিজেপি আৰু মিত্রদল অগপক কোনো কাৰণতে সমর্থন জনাব নোৱৰা এনেবোৰ কৰ্মীক বিভিন্ন প্রলোভন আৰু আশ্বাসেৰে নিজৰ হাতলৈ অনাত বিশেষভাৱে সফল হৈছে ৰাইজৰ দল। 

উল্লেখযোগ্য যে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ দুৰ্বল ভূমিকাই নিশকতীয়া কৰি তোলা একালৰ আমগুৰি সমষ্টিৰ শক্তিশালী কংগ্ৰেছক ৰাইজৰ দলে গ্ৰাস কৰি পেলোৱা বুলিও আলোচনা-বিলোচনা চলিছে সচেতন ৰাজনৈতিক মহলৰ মাজত। যদি এনে পৰিস্থিতি অব্যাহত থাকে তেতিয়া অচিৰেই একালৰ সবল স্থিতি থকা আমগুৰি কংগ্ৰেছ অস্তিত্বৰ সংকটত পৰাৰ প্ৰবল সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে সকলো শ্ৰেণীৰ জনসাধাৰণে। প্রণিধানযোগ্য যে সমাগত পঞ্চায়ত নিৰ্বাচনৰ অচিলা লৈ গ্রামাঞ্চলৰ বিভিন্ন প্ৰান্তত সন্ধ্যাৰে পৰা দুপৰ নিশালৈকে ভোজ-ভাত আৰু মদৰ আড্ডা চলিবলৈ ধৰা আন এক হুলস্থূলীয়া বাতাৱৰণৰ অশুভ পৰিৱেশক লৈ উদ্বিগ্ন হৈ পৰিছে জনসাধাৰণ। একাংশ উতনুৱা প্ৰকৃতিৰ যুৱকৰ লগতে আন কেতবোৰ মদ সেৱনকাৰী লোকক ভোজ-ভাত আৰু মদৰ আড্ডা পাতি নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰা বুলি অভিযোগ উত্থাপন হোৱা এটা বিশেষ ৰাজনৈতিক দলৰ নিকৃষ্ট ভূমিকাক তীব্র ভাষাৰে সমালোচনা কৰিছে সচেতন মহলে। কিয়নো এনে পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এতিয়াৰে পৰা জিলা প্রশাসন আৰু স্থানীয় আৰক্ষীয়ে চোকা নজৰ নিদিলে পঞ্চায়ত নিৰ্বাচনৰ স্বাভাৱিক পৰিৱেশ বিঘ্নিত হোৱাৰ আশংকা কৰিছে ৰাইজে।

Share This