ডিজিটেল ডেস্ক : কোনো সংগঠনে প্রতিবাদ বাবে কোনো ৰাজহুৱা স্থান অনিশ্চিতকাললৈ দখল ক ৰাখিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে কালি এনেদৰে কয় যে প্ৰতিবাদৰ কাৰণে নিৰ্ধাৰিত স্থানসমূহতো এক নির্ধাৰিত সময়সীমা থকা উচিত, যাতে আন সংগঠনসমূহেও নিজৰ দাবী উত্থাপনৰ বাবে সুযোগ লাভ কৰে।
মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাক লৈ গঠিত এখন বিচাৰপীঠে এইদৰে কয়। বিচাৰপীঠে কালি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ-প্রদর্শনক লৈ দাখিল কৰা আৱেদনৰ শুনানিৰ সময়ত এই মন্তব্য দিয়ে। বিক্ষোভ প্রদর্শনৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থা, প্ৰতিবাদকাৰীক আটক কৰা, নিৰীক্ষণ (ছার্ভিলেন্স), প্ৰদৰ্শনস্থলসমূহ আৰু ব্যৱসায়ীসকলৰ ক্ষতিৰ সৈতে জড়িত আৱেদনৰ কালি শুনানি লোৱা হৈছিল। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূর্যকান্তে কয়, 'প্রতিবাদৰ অধিকাৰ আৰু ব্যৱসায় কৰাৰ অধিকাৰ দুয়োটাই গুৰুত্বপূৰ্ণ। কেৱল দোকানীসকলেই নহয়, দিন হাজিৰা কৰা শ্ৰমিকৰ দুবেলা-দুমুঠি যোগাৰ কৰাতো প্রভাৱ পেলায়। এই লোকসকল দৈনিক উপাৰ্জনৰ বাবে ক'লৈ যাব?' তেওঁ কয়, 'আপুনি কোনো স্থান চিৰদিনৰ বাবে দখল কৰি ৰাখিব নোৱাৰিব। আন প্রতিবাদকাৰীও আছে। কৃষক, উকীল, শ্রমিক সংগঠনসমূহ আৰু গৃহহীন লোকসকল ক'লৈ যাব সকলোৰে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে।'
বিচাৰপীঠে কয়, 'কোনো সংগঠনে আগতে প্রতিবাদস্থলী দখল কৰি ৰখাৰ কাৰণেই তেওঁলোকে আনক সেই স্থানত প্ৰতিবাদ কৰাৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ নাপায়। যেতিয়া আন সংগঠনেও প্রতিবাদ কৰিবলৈ বিচাৰে তেতিয়া এটা সংগঠনক আগলৈ প্রতিবাদ কৰাৰ অনুমতি কিয় দিয়া নহয় সেইটো পৰীক্ষা কৰি চাব লাগিব। বিচাৰপীঠে এনেদৰে কয় যে যোৱা মাহত দিল্লীৰ যন্তৰ মন্তৰত বিৰোধী দলসমূহৰ লগতে আনসকলে ভাৰতৰ মুখ্য নির্বাচন আয়ুক্তৰ বিৰুদ্ধে কৰা বিশাল প্রতিবাদ প্রসংগত দাখিল আৱেদনৰ শুনানিৰ সময়ত।
উল্লেখযোগ্য যে যন্তৰ মন্তৰক প্ৰতিবাদৰ স্থানৰ তালিকাৰ পৰা আঁতৰোৱাক লৈ প্ৰতিক্রিয়াও চলি আছে। ব্যৱসায়ীসকলে দাখিল কৰা আৱেদনত এইবুলি উল্লেখ কৰে যে প্ৰতিবাদ তথা বিক্ষোভ প্ৰদৰ্শনৰ ফলত তেওঁলোকৰ যথেষ্ট লোকচান হৈছে। আদালতে ব্যৱসায়ী সংগঠনসমূহক কয় যে তেওঁলোকে 'মুখ্য নির্বাচন আয়ুক্ত বিৰোধী এণ্টি-চি ই চি প্রতিবাদৰ আয়োজককো তেওঁলোকৰ আৱেদনত এটা পক্ষ কৰি ল'ব লাগে। ব্যৱসায়ী সংগঠনৰ অধিবক্তাই আদালতত প্রতিবাদে ব্যৱসায়ীসকলৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি কয় যে প্রতিবাদস্থলীৰ আশে-পাশে এলেকাত ৫০ লাখ লোকে বাস কৰে। সকলো দোকান বন্ধ হৈ পৰে আৰু কালি কনাত প্লেচত কোনো নাই। প্রতিবাদকাৰীৰ হৈ আদালতত ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে প্ৰতিবাদৰ ফলত ব্যৱসায়ীসকলৰ প্ৰায় ২ হাজাৰ কোটি টকাৰ লোকচান হয়। ইয়াৰ উত্তৰত ন্যায়াধীশ বাগচীয়ে এইবুলি প্রশ্ন কৰে যে ব্যৱসায়ীসকলৰ বাবে কেৱল প্ৰতিবাদকাৰীক কেনেকৈ দায়ী কৰিব পাৰি, কিয়নো কেইবাৰো চৰকাৰৰ তৰফৰ পৰা পথসমূহ বন্ধ কৰি দিয়া হয় আৰু বেৰিকেড স্থাপন কৰা হয়। তেওঁ লগতে কয় যে দোকানৰ বিক্ৰী কম হোৱাৰ বাবে কেৱল প্রদর্শনেই দায়ীনে- অর্থনৈতিক স্থিতিও ইয়াৰ কাৰণ হ'ব পাৰে। বিচাৰপীঠে কয় যে প্রতিবাদ কৰাৰ সাংবিধানিক অধিকাৰ আছে, কিন্তু ব্যৱসায় কৰাসকল আৰু দুবেলা-দুমুঠি যোগাৰ কৰাসকলৰ অধিকাৰো সমানে গুৰুত্বপূৰ্ণ। আদালতে এইবুলি প্রশ্ন কৰে যে 'প্রতিবাদৰ কাৰণে দিন হাজিৰা কৰা লোকসকলে নিজৰ দুবেলা-দুমুঠি কেনেকৈ যোগাৰ কৰিব?'
শুনানিৰ সময়ত অধিবক্তাসকলে অহৰহ যুক্তি দি থকাত মুখ্য ন্যায়াধীশ সূর্যকান্তে তেওঁলোকক উদ্দেশ্য কৰি কয়, 'আপোনালোকে আদালতক মাছৰ বজাৰ কৰি পেলাইছে... আদালতত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে, ডেক'ৰাম কি সেই কথা আপোনালোকে নাজানে নেকি?'