ভাৰতত মুছলমানৰ বাবে সদায় স্থান থাকিব: ভাগৱত

dainik janambhumi August 30, 2025

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) এটা দয়ালু আৰু আধুনিক মনৰ ছবিৰ বিষয়ে আলোকপাত কৰি ইয়াৰ মুৰব্বী মোহন ভাগৱতে বৃহস্পতিবাৰে কয় যে ভাৰতত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে সদায় স্থান থাকিব। ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) আৰ এছ এছৰ সৈতে বিবাদ হৈ থকা বুলি চর্চা চলি থকা বিষয়টো পোনছাটেই নাকচ কৰি ভাগৱতে এই দৰে কয়। বিজেপিয়ে সদায় অখণ্ড ভাৰতৰ দিশত গুৰুত্ব আৰোপ কৰি আহিছে বুলি ভাগৱতে কয়। 

আৰ এছ এছৰ তিনিদিনীয়া 'আউটৰীচ' অনুষ্ঠানৰ এটা প্রশ্নোত্তৰ শিতান কাৰ্যসূচীত ভাগৱতে মনুস্মৃতিৰ পৰা কৃত্রিম বুদ্ধিমত্তালৈকে (এ আই), শুল্কৰ পৰা জাতিগত বিষয়লৈকে, শিক্ষা, দেশভক্তি, ৰাষ্ট্ৰীয় ভাষা, বিভাজন, অবৈধ প্ৰব্ৰজন, মুছলমানৰ ওপৰত আক্ৰমণ আদি বিষয়ৰ লগতে ৰাজনীতিকৰ অৱসৰৰ বয়স বিষয়তো গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। 

ভাগৱতে কয়, 'মই কেতিয়াও কোৱা নাছিলোঁ যে ৭৫ বছৰত কোনো লোকে অৱসৰ ল'ব লাগে। আওপকীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ত ভাগৱতে মন্তব্য কৰে। উল্লেখযোগ্য যে অহা ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰ সম্পূর্ণ হ'ব। কেইদিনমান পূর্বে প্রধানমন্ত্রী মোদীয়ে অৱসৰ ল'ব লাগে বুলি ভাগৱতে মন্তব্য কৰা বুলি ব্যাপক চর্চা চলিছিল।'

Share This