ধর্মেন্দ্ৰ প্ৰধানক অপসাৰণৰ সম্ভাৱনা, সলনি হ'ব পাৰে নিৰ্মলা সীতাৰমণৰ পদ, কেন্দ্রীয় মন্ত্রীসভাত হ'ব বৃহৎ সালসলনি

dainik janambhumi June 28, 2026

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অচিৰেই তেওঁৰ মন্ত্রীসভাৰ ব্যাপক সালসলনি তথা সম্প্ৰসাৰণ ঘটোৱাৰ সম্ভাৱনা আছে। চৰকাৰী সূত্ৰৰ তথ্যৰ ভিত্তিত বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, অহা দুই-এদিনৰ ভিতৰত কেন্দ্ৰীয় মন্ত্রীসভাৰ ব্যাপক সালসলনি হ'ব। অৱশ্যে, চৰকাৰীভাৱে এই সম্পৰ্কত কোনো কথা প্রকাশ হোৱা নাই। কিন্তু ৰাজনৈতিক মহলত এই বিষয়টোক লৈ ব্যাপক হাৰত চর্চা চলি আছে। 

'দ্য উইক'কে ধৰি আন কেইটামান ৱেবছাইটত প্রকাশ পোৱা এটা বাতৰিত এই কথা প্ৰকাশ কৰা হৈছে। বাতৰিটোত কোৱা হৈছে যে ৰাজনৈতিক মহলত চর্চিত হোৱা প্ৰস্তাৱিত সালসলনি তথা সম্প্ৰসাৰণত কেইজনমান মন্ত্রীক বাদ দিয়া হ'ব পাৰে আৰু কেইটামান গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী সলনি হোৱাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশ আৰু পঞ্জাবৰ দৰে ৰাজ্যত বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ মন্ত্রীসভাৰ সালসলনিৰ কথা গুণা-গঁঠা কৰা বুলি প্রকাশ পাইছে যাতে জনসাধাৰণৰ মাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব পৰা যায়। 

মন্ত্রীসভাৰ সালসলনিত বাদ পৰিব লগা মন্ত্ৰীসকলৰ ভিতৰত সৰ্বাধিক চর্চিত নেতা হ'ল ধর্মেন্দ্র প্রধান। নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলত বিতৰ্কৰ সন্মুখীন হোৱা শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানক মন্ত্রীসভাৰ পৰা অপসাৰণ কৰা হ'ব পাৰে বুলি বাতৰিটোত উল্লেখ কৰা হৈছে। মন্ত্রীসভাত অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত আটাইতকৈ অপ্রত্যাশিত নামটো হ'ল ৰিজার্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ তথা প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শক্তিকান্ত দাস। প্রধানমন্ত্রী মোদীয়ে দাসক কেবিনেটত স্থান দিয়াৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। ইয়াৰ লগতে তেওঁক বিত্ত মন্ত্ৰ্যালয়ৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। 

আনহাতে, বৰ্তমানৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক ধর্মেন্দ্ৰ প্ৰধানৰ স্থানত শিক্ষা মন্ত্ৰ্যালয়ৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। ইফালে, পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীকো মন্ত্রীসভাৰ পৰা বাদ দিয়াৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। তেওঁৰ স্থানত পঞ্জাবৰ আন এজন নেতাক এই মন্ত্ৰ্যালয়ৰ দায়িত্ব দিয়া হ'ব। এই ক্ষেত্রত নাম চর্চিত হৈছে অলপতে আপৰ পৰা বিজেপিত যোগ দিয়া ৰাঘৱ চাদ্দাৰ নাম। অৱশ্যে, এই ক্ষেত্ৰত অশোক মিটলৰ নামো চৰ্চিত হৈছে। তেওঁলোকৰ দুয়োজনৰ ভিতৰত যিকোনো এজনক মন্ত্রীসভাত লোৱা হ'ব। ইফালে, শিৱ সেনাৰ (ইউ বি টি) ছজন সাংসদক এন ডি এত চামিল কৰাৰ বাবে শিৱ সেনাৰ সিন্দে গোটৰ নেতা তথা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী একনাথ সিন্দেৰ পুত্ৰ শ্রীকান্ত সিন্দেই পুৰস্কাৰ লাভ কৰিব পাৰে কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্তিৰে। তেওঁৰ লগতে শিৱসেনাৰ উদ্ধৱ গোটত ভাঙোন অনাত নেতৃত্ব দিয়া সঞ্জয় দীনা পাটিলৰো মন্ত্রীসভাত স্থান পোৱাৰ সম্ভাৱনা নথকা নহয়। অযোধ্যাৰ ৰাম মন্দিৰৰ ভক্তৰ অৰিহণাৰ ধন চুৰ কৰা ঘটনাক লৈ বিতর্ক চলি থকাৰ সময়তে মীৰাটৰ সাংসদ তথা দূৰদৰ্শনৰ ধাৰাবাহিক ৰামায়ণত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলক মন্ত্রীসভাত লোৱাৰ সম্ভাৱনা আছে। 

ইফালে, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা জে ডি-ইউৰ নেতা নীতিশ কুমাৰে এইবাৰ মন্ত্রীসভাত স্থান লাভ কৰিব পাৰে। ইফালে, মনোহৰ লাল খট্টাৰৰ পৰা শক্তি মন্ত্ৰ্যালয়ৰ দায়িত্ব আঁতৰোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, নগৰ উন্নয়ন দপ্তৰ তেওঁৰ হাততে থাকিব বুলি প্রকাশ পাইছে। মন্ত্রীসভাৰ পৰা বাদ পৰিব বুলি সর্বাধিক চর্চিত হোৱা আন এটা নাম হ'ল ৰবনীত সিং বিট্টু। বিট্ৰৰ ৰাজ্য সভাৰ সদস্য পদৰ কাৰ্যকাল অচিৰেই অন্ত পৰিব আৰু দলে তেওঁক পুনৰ উচ্চ সদনৰ নিৰ্বাচনত প্রার্থিত্ব নিদিলে। আনহাতে, এন চি পি আইত যোগ দিয়া টি এম চিৰ ২০জন বিসম্বাদী সাংসদৰ মাজৰ পৰা এজন নেতাকো মন্ত্রীসভাত লোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে।

Share This