১২ দিনত তৃতীয়টো ঘটনা, বাংলাদেশত আৰু এজন হিন্দু যুৱকক হত্যা

dainik janambhumi December 31, 2025

ডিজিটেল ডেস্ক: বাংলাদেশত হত্যা কৰা হ'ল আৰু এজন হিন্দু যুৱকক। বাৰ দিনত হোৱা এয়া হৈছে তৃতীয়টো হত্যাৰ ঘটনা। শেহতীয়া এই হত্যাৰ ঘটনাটো সংঘটিত হৈছে মৈমনসিংহ জিলাত।

উল্লেখযোগ্য যে এই একেখন জিলাতে যোৱা ১৮ ডিচেম্বৰত দীপু চন্দ্র দাসক উন্মত্ত জনতাৰ দলে মৰিয়াই হত্যা কৰিছিল আৰু পাছত তেওঁৰ মৃতদেহটো এক ৰাজহুৱা স্থানত জ্বলাই দিছিল। আৰক্ষীৰ মতে, হিন্দু যুৱকজনক গুলীয়াই হত্যা কৰা ঘটনাটো বাংলাদেশৰ ভালুকা উপজিলাৰ এটা কাপোৰৰ কাৰখানাত সোমবাৰে সন্ধিয়া ৬-৪৫ বজাত সংঘটিত হয়।

পীড়িত বজেন্দ্র বিশ্বাস লেবিব গ্ৰুপৰ এটা ইউনিট চুলতান ছুৱেটাৰ্ছ লিমিটেডত ছিকিঅ'ৰিটি গার্ড ৰূপে কর্তব্যত আছিল। বিশ্বাসৰ সৈতে আছিল তেওঁৰ সতীর্থ নোমান মিঞা। দুয়োজনেই হৈছে বাংলাদেশ আনচাৰ নামৰ কোম্পানীটোৰ চাকৰিয়াল। উক্ত কাৰখানাত বাংলাদেশ আনচাৰৰ ২০জন চাকৰিয়াল নিযুক্ত আছে। আৰক্ষীয়ে জনায় যে নোমানে বন্দুকেৰে বিশ্বাসৰ বাঁও কৰঙনত গুলীওৱাৰ পাছত বিশ্বাসৰ মৃত্যু হয়। ইতিমধ্যে নোমানক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰী আৰু প্রত্যক্ষদর্শীয়ে কয় যে উক্ত গার্ড দুজন কাৰখানাৰ চৌহদত আনচাৰৰ বেৰেকত আছিল। কথা-পাতি থকাৰ সময়তে নোমানে তেওঁৰ বন্দুকটো নোমানৰ ফালে টোঁৱায়। ঘটনাক্রমে ট্ৰিগাৰ টিপ খায় তথা গুলীয়ে বিশ্বাসৰ কৰঙনত আঘাত কৰে আৰু তেওঁ গুৰুতৰভাৱে আহত হয়। তেওঁক মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তাত তেওঁক মৃত বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে ইয়াৰ আগতে ঢাকাত ধন দাবীৰ অভিযোগত অমৃত মণ্ডল নামৰ আন এজন হিন্দু যুৱকক হত্যা কৰা হৈছিল।

Share This