আজি তৃতীয় টি-২০ঃ লক্ষণীয় হ'ব গীলৰ বেটিং: চকু থাকিব বেটিংক্রমতো, শৃংখলাত অগ্ৰগতিৰ লক্ষ্য ভাৰতৰ

dainik janambhumi December 14, 2025

ডিজিটেল ডেস্ক: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ শৃংখলাৰ তৃতীয়খন মেচত অৱতীৰ্ণ হ'ব ভাৰতীয় দল। উল্লেখযোগ্য যে প্রথম দুখন মেচৰ এখনত ভাৰত আৰু এখনত দক্ষিণ আফ্রিকা জয়ী হৈছে আৰু শৃংখলাটোত ১-১ ব্যৱধানত সমতা স্থাপন হৈ আছে। 

ভাৰতে আজি মেচখনত জয়েৰে শৃংখলাত অগ্রগতিৰ লক্ষ্যৰে খেলপথাৰত নামিব। আজি ধৰমশালাত ভাৰতৰ বাবে প্রধান লক্ষণীয় দিশ হ'ল মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে বেটিংক্রমত কি ধৰণৰ সালসলনি ঘটায় সেইটো। ইয়াৰ লগতে ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গীলৰ বেটিঙো আজিৰ মেচখনত প্রধান লক্ষণীয় দিশ হ'ব। 

উল্লেখযোগ্য যে দলৰ বাবে উপযোগী হৈ উঠা সঞ্জু ছেমছনক আঁতৰাই গীলক দলত লোৱা হৈছিল, কিন্তু গীলে নিজৰ প্ৰদৰ্শনে সকলোকে হতাশ কৰে। গীলে আজিৰ খেলখনৰ লগতে বাকী দুখন মেচতো মূল একাদশত স্থান পোৱাটো নিশ্চিত। কিন্তু টি-২০ বিশ্ব কাপলৈ মাত্র ছয় সপ্তাহ থকা অৱস্থাত তেওঁ যদি নিজৰ ছন্দ ঘূৰাই নাপায় তেতিয়া দলৰ বাবেই এক প্রধান চিন্তাৰ কাৰণ হৈ পৰিব। এনে অৱস্থাত দলে তেওঁৰ আন বিকল্পৰ বিষয়ে বিবেচনা কৰিবলৈ বাধ্য হ'ব। দলটোৰ বাবে আন এক সমস্যা হ'ল অধিনায়ক সূর্যকুমাৰ যাদৱো ফৰ্মত নথকাটো। আনহাতে, আজিৰ মেচখনত আন এটা লক্ষণীয় দিশ হ'ব মুখ্য প্রশিক্ষক গম্ভীৰে বেটিংক্ৰমত পুনৰ সালসলনি ঘটায় নে একেই ৰাখে সেইটো।

উল্লেখযোগ্য যে শৃংখলাৰ দ্বিতীয়খন মেচত বেটিংক্ৰমত ঘটোৱা সালসলনিৰ ফল ভাৰতীয় দলে ভোগ কৰিবলগীয়া হয়। বিশ্ব কাপৰ আগতে ভাৰতে মাত্র আঠখন টি-২০ মেচ খেলিব। এনে অৱস্থাত গম্ভীৰৰ পৰীক্ষা-নিৰীক্ষাই দলৰ বাবে কেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে সেইটো চাবলগীয়া হ'ব। ধৰমশালাত কাইলৈৰ তাপমাত্রা ১০ ডিগ্রী চেলছিয়াছৰ তলত থাকিব বুলি অনুমান কৰা হৈছে। মেচখনত কুঁৱলীয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি কোৱা হৈছে।

Share This