ডিজিটেল ডেস্ক: ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি প্ৰথম দিনাই সৃষ্টি হ'ল এক নতুন ইতিহাস। বিধানসভালৈ নির্বাচিত হৈ অহা জনপ্রতিনিধিসকলে অসমীয়া, বড়ো, সংস্কৃত, বাংলা, হিন্দী, ইংৰাজী ভাষাৰ উপৰি ৰাভা, কাৰ্বি আৰু ৰাজবংশী ভাষাতো শপতগ্রহণ কৰে।
নিজ নিজ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি বিধানসভালৈ অহা প্রায়সংখ্যক বিধায়কেই বিধানসভাৰ প্ৰৱেশদ্বাৰত সেৱা কৰিহে গণতন্ত্ৰৰ মন্দিৰত প্ৰৱেশ কৰে। প্ৰায়সংখ্যক বিধায়কেই কালিৰ এই বিশেষ দিনটোত পৰিয়ালৰ সদস্যসকলকো সদনলৈ লৈ আহে। অধিৱেশনৰ আৰম্ভণিতে অসম বিধানসভাৰ প্রটেম অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা বিধায়ক চন্দ্রমোহন পাটোৱাৰীয়ে অধ্যক্ষৰ আসনত বহি প্ৰাৰম্ভিক কাম-কাজ চলাই নিয়ে।
বন্দে মাতৰত ৰাষ্ট্ৰীয় গীতেৰে আৰম্ভ হোৱা কালিৰ এই অধিৱেশনত এ আই ইউ ডি এফৰ বিধায়ক বদৰুদ্দিন আজমলৰ বাহিৰে সকলো বিধায়কে শপত লয়। বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ তৃতীয় আৰু মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ প্ৰথম অধিৱেশনত নৱ নির্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় প্ৰ'টেম অধ্যক্ষ পাটোৱাৰীয়ে।
সর্বপ্রথমে শপত লয় জালুকবাৰী সমষ্টিৰ বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতেই মন্ত্রীসভাৰ চাৰিগৰাকী সদস্য ক্রমে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে শপত লয়। মন্ত্রী চৰণ বড়োৱে বড়ো ভাষাত শপত লোৱাৰ বিপৰীতে বাকী তিনিগৰাকী মন্ত্ৰীয়ে অসমীয়া ভাষাত শপত লয়। আনহাতে নৱ নির্বাচিত ১৭গৰাকী বিধায়ক ক্রমে বিশ্বজিৎ দৈমাৰী, বিমল বড়া, জয়ন্ত মল্লবৰুৱা, ভৱেশ কলিতা, পৃথ্বীৰাজ ৰাভা, ড° পৰমানন্দ ৰাজবংশী, সঞ্জয় কিষাণ, ড° মৃদুল কুমাৰ দত্ত, অমিয় কান্তি দাস, বিজয় কুমাৰ গুপ্তা, নীলিমা দেৱী, ড° মিলন দাস, ময়ূৰ বৰগোহাঁই, ভিক্টৰ কুমাৰ দাস, কৃষ্ণ কমল তাঁতী, ৰাজদ্বীপ গোৱালা, পবিত্ৰ ৰাভাই সংস্কৃত ভাষাত শপত লয়। আনহাতে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি বিধানসভালৈ অহা বিধায়ক টংকেশ্বৰ ৰাভাই ৰাভা ভাষাত, অশ্বিনী ৰায় সৰকাৰ, ৰূপম চন্দ্ৰ ৰায়ে ৰাজবংশী ভাষাত, নিচ টেৰণ, লুনচিং টেৰণ, সূৰ্য ৰাংফাৰ, তুলিৰাম ৰংহাং আৰু হেব্বে টেৰণে কার্বি ভাষত শপত লয়।
সকলোতকৈ ডাঙৰ কথা যে ইয়াৰ পূৰ্বতে ৰাভা, ৰাজবংশী আৰু কাৰ্বি ভাষাত কোনো বিধায়কে শপত লোৱা নাছিল। কালি প্ৰথমবাৰৰ বাবে বিধানসভাত এনেদৰে ক্ষুদ্র জনগোষ্ঠীসমূহৰ ভাষাতো শপত লোৱাৰ ব্যৱস্থা কৰি জনগোষ্ঠীটোৰ প্ৰতি বিধানসভাই সন্মান জনায়। আনহাতে ১৭জন বিধায়কে সংস্কৃত ভাষাত শপতগ্ৰহণ কৰা কাৰ্যই ৰাজ্যৰ ৰাজনৈতিক তথা সাংস্কৃতিক ক্ষেত্রত এক নতুন দিশ উন্মোচন কৰাৰ লগতে ভাৰতীয় ঐতিহ্যবাহী ভাষাৰ প্ৰতি আস্থা আৰু সন্মান প্রকাশ কৰে। শপতগ্রহণ অনুষ্ঠানত এই বিধায়কসকলে সংস্কৃত ভাষা বাছি লোৱা কাৰ্যই ভাষাটোৰ পুনৰুজ্জীৱন আৰু প্ৰচাৰৰ ক্ষেত্ৰত ইতিবাচক সংকেত প্রদান কৰিছে। বিশেষকৈ অসমৰ দৰে বহুভাষিক ৰাজ্যত সংস্কৃতৰ প্ৰতি এনে আগ্রহে শিক্ষার্থীৰ মাজতো অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে।
ইফালে শপতগ্ৰহণৰ পাছতেই ষষ্ঠদশ অসম বিধানসভাৰ স্থায়ী অধ্যক্ষ হিচাপে নির্বাচিত হয় বিধায়ক ৰণজিৎ কুমাৰ দাস। তেওঁ পৰৱৰ্তী সময়ত বিধানসভাৰ কাৰ্যসূচী পৰিচালনা কৰে। প্রণিধানযোগ্য যে বিন্নাকান্দি সমষ্টিৰ বিধায়ক তথা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে অসুস্থতাৰ বাবে শপতগ্ৰহণ কৰিব নোৱাৰিলে। পৰৱৰ্তী সময়ত তেওঁক বিধানসভাৰ অধ্যক্ষই শপতগ্ৰহণ কৰাব। এইবাৰৰ বিধানসভালৈ এন ডি এৰ ১০২, কংগ্ৰেছৰ ১৯, ৰাইজৰ দলৰ ২, এ আই ইউ ডি এফ ২ আৰু তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়ক নির্বাচিত হৈছে।