এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী

Kakali Deka October 13, 2025

ডিজিটেল ডেস্কঃ দেশত সংগোপনে আবতৰীয়া শীতে প্রৱেশ কৰিছে। দিল্লী-এন চি আৰত পুৱাই পুৱাই শীতৰ কোমল আবেশে সকলোকে আমেজ দিবলৈ আৰম্ভ কৰিছে। প্রাতঃভ্ৰমণৰ বাবে ওলাই অহা লোকসকলৰ পৰা অফিচ-কাছাৰীলৈ যোৱা লোকসকলেও বৰ্তমানৰ পুৱাৰ সময়ত অনুভৱ কৰিছে শীতৰ কোমল আৱেশ। কিছুদিন পূর্বে অহা এই আবতৰীয়া শীতৰ বাবেই হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ পাহাৰীয়া ওখ অঞ্চলবোৰত প্ৰবল তুষাৰপাত হৈছে।

বৰফৰ শুভ্র আচ্ছাদনে আৱৰি ধৰিছে হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ বিস্তীর্ণ অঞ্চল। দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত আবতৰীয়া শীতৰ আগমনে তাপমাত্রা নিম্নগামী কৰিছে। এই আবতৰীয়া শীতৰ আগমনে দেশত এইবাৰ শীতৰ প্রকোপ বৃদ্ধি কৰাৰ আশংকা কৰা হৈছে। যোৱা সপ্তাহত জম্মু-কাশ্মীৰৰ শ্রীনগৰত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই প্রবল তৃষাৰপাত হয়। ইয়াৰ পাছতে কেন্দ্রীয় শাসিত ৰাজ্যখনত তাপমাত্রা হ্রাস পায়। তদুপৰি, হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত প্রবল তুষাৰপাত হয়। ইফালে, হিমাচল প্রদেশ আৰু পঞ্জাবতো তাপমান হ্রাস পাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা অনুসৰি, বৰ্তমানৰ বতৰৰ পৰিস্থিতি আৰু আহি থকা দিনবোৰত বতৰৰ পূর্বানুমানে সূচাইছে যে মধ্য আৰু পূব প্রশান্ত মহাসাগৰত সাগৰীয় জলভাগত তাপমান হ্রাস হোৱাৰ বাবেই লা-নিনা পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে, লা-নিনা জলবায়ু পৰিঘটনাৰ বাবে ভাৰতত শীতকাল আগতীয়াকৈ আহিছে। লা-নিনা পৰিঘটনাৰ বাবে বতাহ তীব্র গতিত আহে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) মতে, লা-নিনাৰ বাবে ভাৰতৰ বিভিন্ন অঞ্চলত, বিশেষকৈ উত্তৰ আৰু পূব ভাৰতত শীতৰ প্রকোপ বৃদ্ধি হ'ব। আনহাতে, হিমালয়ান অঞ্চলৰ ৰাজ্যসমূহত প্রবল তুষাৰপাত হ'ব। আই এম ডিয়ে দেশৰ অধিকাংশ অঞ্চলত অক্টোবৰ মাহত পাতলীয়া বৰষুণৰ আগজাননী দিছে।

Share This