ডিজিটেল ডেস্ক: বিশ্ববিশ্রুত সংগীত শিল্পী প'ষ্ট মেলনৰ অনুষ্ঠান উপভোগ কৰিবলৈ কালি গুৱাহাটীত দেশ-বিদেশৰ বিভিন্ন স্থানৰ পৰা বহু পৰ্যটক আৰু সংগীতপ্রেমীয়ে ভিৰ কৰে। নিশা খানাপাৰাস্থিত অসম পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত পপষ্টাৰ প'ষ্ট মেলনৰ কনচার্টত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়।
আনহাতে, ৯বাৰকৈ গ্ৰেমী এৱাৰ্ডৰ বাবে মনোনীত হোৱা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পপষ্টাৰজন আহি গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বেই দুপৰীয়াৰে পৰা কনচাৰ্টস্থলীলৈ তেওঁৰ অনুৰাগীসকলৰ সমাগম আৰম্ভ হয়। সমগ্ৰ গুৱাহাটীৰ চৌদিশে পপষ্টাৰ প'ষ্ট মেলনৰ প'ষ্টাৰ আঁৰি দিয়া হয়। বিশ্ববিখ্যাত পপষ্টাৰজন গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বেই দেওবাৰে তেওঁৰ দল আহি গুৱাহাটীত উপস্থিত হৈ অনুষ্ঠানৰ সকলো আয়োজনত চূড়ান্ত স্পর্শ দিয়ে।
উল্লেখযোগ্য যে কালি বিয়লি বিশ্ববিখ্যাত আমেৰিকান পপষ্টাৰ প'ষ্ট মেলনে নিশা প্রায় ৮ বজাৰ পৰা আৰম্ভ কৰা কনচাৰ্ট প্রায় ৩০ হাজাৰ দেশী-বিদেশী সংগীতপ্রেমীয়ে উপভোগ কৰে। লক্ষণীয় যে কনচাৰ্টৰ টিকটৰ মূল্য যথেষ্ট অধিক হোৱাৰ পাছতো কনচাৰ্টৰ বাবে ৰখা সকলো আসন ইতিমধ্যে পূর্ণ হৈছে। কালি বিয়লি প্রায় ৩-৪০ বজাত এখন বিশেষ বিমানেৰে বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত আহি উপস্থিত হয় বিখ্যাত তাৰকাগৰাকী। বিমান বন্দৰৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ ৰৈ ৰৈ বিনালে ছবিৰ প'ষ্টাৰসম্বলিত গাড়ীৰে বিশ্ববিখ্যাত পপষ্টাৰজনক আদৰি অনা হয়।
আনহাতে, কালিৰ অনুষ্ঠান সন্দর্ভত অসম পর্যটন উন্নয়ন নিগমৰ (এটি ডিচি) পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই কয় যে 'গুৱাহাটীত প'ষ্ট মেলনৰ অনুষ্ঠান এক ঐতিহাসিক মুহূর্ত। ৰাজ্য চৰকাৰৰ নতুন কনচাৰ্ট ট্যুৰিজিম নীতিৰে অসমক এক আন্তর্জাতিক সংগীত হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। এই কনচার্টে উত্তৰ-পূবৰ বিনোদন, ইক' ছিষ্টেম সুদৃঢ় কৰাৰ লগতে প্রতিভা বিকাশ, অর্থনৈতিক সুযোগ আৰু পৰ্যটন বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্রকাশ কৰে।
প'ষ্ট মেলনৰ অনুষ্ঠানে বিশ্বজুৰি অসমক নতুন দৃষ্টিৰে চোৱাৰ সম্ভাৱনা উন্মোচন কৰিছে বুলিও তেওঁ কয়। ইফালে বুক মাই শ্ব'ৰ বিষয়া অনিল মাখিজাই কয় যে এই অনুষ্ঠানে উত্তৰ-পূবৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত আৰু ভাৰতৰ লাইভ এণ্টাৰটেইনমেণ্ট ক্ষেত্ৰত এক সাফল্য হিচাপে পৰিগণিত হ'ব। উল্লেখযোগ্য যে প'ষ্ট মেলন কালি গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ বেণ্ডৰ সদস্যসকল দেওবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ লগতে মা কামাখ্যা মন্দিৰো দৰ্শন কৰে। কালি বিমান বন্দৰৰ পৰা তেওঁ পোনে পোনে খানাপাৰাৰ অনুষ্ঠানলৈ ৰাওনা হয়। খানাপাৰাতে পপষ্টাৰজনে সুৰৰ মায়াজালেৰে বান্ধ খায়।
আনহাতে, এই অনুষ্ঠান অসম চৰকাৰে আয়োজন কৰা নাই বুলি পুনৰবাৰ স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কালি সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰে যে অসম চৰকাৰে এই অনুষ্ঠানৰ বাবে এতিয়ালৈকে এটকাও অনুদান আগবঢ়োৱা নাই। অৱশ্যে হঠাৎ প্রয়োজন হ'ব পাৰে বুলি ভাবি ১ কোটি টকা যিকোনো মুহূৰ্ততে দিব পৰাকৈ সাজু কৰি ৰখা বুলি তেওঁ প্রকাশ কৰে। তেওঁ প'ষ্ট মেলন এজন বিশ্ববিখ্যাত শিল্পী বুলি উল্লেখ কৰি বিশ্বৰ শীৰ্ষৰ পাঁচজন পপষ্টাৰৰ মাজত অন্যতম বুলি কয়। আনহাতে, অসমত ইয়াৰ পূৰ্বে কেতিয়াও 'গ্ল'বেল আর্টিষ্ট' অহা নাই বুলিও প্রকাশ কৰি মুখ্যমন্ত্ৰীজনে কয় যে তেওঁ গুৱাহাটীলৈ আহি কনচাৰ্ট কৰাৰ কথা কাইলৈ বিশ্বৰ প্ৰায়বোৰ দেশতে সৰুকৈ হ'লেও এটা বাতৰি প্ৰকাশ পাব। সকলো বিনোদনৰ মাধ্যমতো প্ৰচাৰ হ'ব। তেওঁৰ অনুষ্ঠান উপভোগ কৰিবৰ বাবে ইংলেণ্ড, আমেৰিকা আদি দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও বহু পর্যটক আৰু সংগীতপ্রেমী অহা বুলি উল্লেখ কৰাৰ লগতে গুৱাহাটীৰ হোটেলসমূহ পৰ্যটকেৰে ভৰি পৰা বুলি তেওঁ কয়। ইয়াৰ ফলত ৰাজ্যৰ অৰ্থনীতিক সহায় কৰিছে। পপষ্টাৰজনে গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰাৰ লগে লগে ইমানদিনে শ্বিলঙত যি পৰিৱেশৰ সৃষ্টি হৈছে সেয়া অসমতো হ'ব বুলি কয়। এতিয়া শ্বিলঙৰ লগতে গুৱাহাটীও বিশ্বজনীন শিল্পীৰ বাবে মঞ্চ হিচাপে পৰিচিত হ'ব বুলি তেওঁ প্রকাশ কৰে। অৱশ্যে তেওঁৰ বয়সৰ বাবে পপষ্টাৰজনৰ অনুষ্ঠান উপভোগ কৰিবলৈ নাযায় বুলি উল্লেখ কৰি নৱ প্ৰজন্মক অনুষ্ঠানলৈ যোৱাৰ বাবে আহ্বান জনায়। অসমত এটা ধনাত্মক পৰিৱেশৰ সৃষ্টি হোৱাৰ কথা সদৰী কৰি তেওঁ অনুষ্ঠান উপভোগ কৰি সকলোকে মনটো সতেজ কৰিবলৈ পৰামৰ্শ দিয়ে।
আনহাতে, পপষ্টাৰজনৰ অনুষ্ঠানত একাংশই বাধা দিয়া বুলি অভিযোগ কৰি মুখ্যমন্ত্রীজনে কয় যে তেওঁক বিৰোধিতা কৰা লোকসকলে তেওঁক ভালদৰে চিনিয়েই নাপায়। আনহাতে পপষ্টাৰ প'ষ্ট মেলনে অনুষ্ঠানৰ মাজতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰে। কনচাৰ্টৰ মাজতে বিশ্ববিখ্যাত পপষ্টাৰজনে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গক কিংবদন্তি সংগীত শিল্পী আখ্যা দি কয় যে, জুবিন গাৰ্গ 'গ্রেট লিজেণ্ডেৰী ছিংগাৰ' আছিল। কিংবদন্তি জুবিন গাৰ্গৰ জন্মভূমিত থাকি অভিভূত হৈ পৰাৰ লগতে নিজকে ধন্য মনা বুলিও কয় প'ষ্ট মেলনে।