পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে

dainik janambhumi August 25, 2025

ডিজিটেল ডেস্ক : হামাছৰ সৈতে যুদ্ধ-বিৰতিৰ চুক্তি কৰি পণবন্দীসকলক মোকলাই অনাৰ দাবী জনাই সহস্রাধিক ইজৰাইলীয়ে শনিবাৰে ইজৰাইলৰ বাণিজ্যিক চহৰ টেল আভিভৰ ৰাজপথ উত্তাল কৰে। ইয়াৰ লগতে সমগ্র দেশখনৰ চহৰখনতো অনুৰূপ ধৰণে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে দেশখনৰ নাগৰিকে।

হামাছৰ সৈতে যুদ্ধ-বিৰতিৰ চুক্তি সম্পাদন কৰি ইজৰাইলী পণবন্দীসকলক মোকলাই আনিবলৈ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুক দাবী জনায় দেশখনৰ নাগৰিকে। টাইমছ অব্‌ ইজৰাইলে প্ৰকাশ কৰা বাতৰি অনুসৰি, টেল আভিভৰ হষ্টেজ স্কোৱাৰত আৰু দেশখনৰ সমগ্ৰ চহৰবোৰত এই প্রতিবাদী কাৰ্যসূচী হয়। ঈহুদী-আৰব যুদ্ধ-বিৰোধী প্ৰতিবাদৰ বাবেও পৃথকে

কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্রতিবাদকাৰীসকলে কয় যে এখন যুদ্ধ-বিৰতিৰ চুক্তিৰ বিষয়ত প্ৰসংগ উত্থাপন হৈ আছে, কিন্তু যুদ্ধ-বিৰতি চুক্তি হোৱা নাই। যুদ্ধ-বিৰতি চুক্তিখন ততালিকে সম্পাদন কৰি দেশখনৰ পণবন্দীসকলক হামাছৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ নেটান্যাহুক দাবী জনায় প্রতিবাদকাৰীসকলে

Share This