ধেমাজিত সামাজিক বনানীকৰণ বিভাগৰ আঁচনি ধোঁৱা চাঙত, জীয়াঢল নৈৰ খহনীয়াত উটি গ'ল হাজাৰ হাজাৰ গছ

dainik janambhumi July 19, 2026

ডিজিটেল ডেস্ক : জীয়াঢল নদীৰ ব্যাপক খহনীয়াই উটুৱাই নিলে হাজাৰ হাজাৰ মূল্যৱান গছ। বন বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগৰ অধীনত সামাজিক বনানীকৰণে ৰোপণ কৰা অসংখ্য গছ জীয়াঢল নদীৰ খহনীয়াৰ ফলত পোত যায়। জীয়াঢল নদীৰ সংযোগস্থলীৰ পৰা সোঁপাৰত প্রায় পাঁচ কিল'মিটাৰ নিলগলৈ আজি বছৰ বছৰ ধৰি প্রত্যেক বাৰিষাত খহাই আহিছে জীয়াঢল নৈয়ে ভূমি।

খৰস্রোতা নৈখনে অৰুণাচল প্ৰদেশৰ পাহাৰৰ সংগমস্থলীৰ পৰা নামনি অংশলৈ বৈ আহোঁতে লৈ আনে পানীৰ লগতে প্রায় ৪০ শতাংশ বালি। যাৰ ফলত নৈখনে দুৰ্বল বা চাপৰ অংশৰে মাটি খান্দি গছ-গছনি উভালি পেলোৱাটো জীয়াঢল নদীৰ বাবে সামান্য হৈ পৰে। 

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা এই নৈখনে সংগমস্থলীৰ পৰা নামনিৰ অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ অংশলৈ প্রায় ১২ কিল'মিটাৰ দূৰত্বতে মথাউৰি ভাঙি সংহাৰী বানে তাণ্ডৱ চলাইছে। জীয়াঢল নৈয়ে আজি পাঁচটা দশক ধৰি ১২ কিল'মিটাৰ অংশৰ মাজতে মানুহে সৃষ্টি কৰা মথাউৰি বহু সময়ত ভাঙি ২০ বাৰতকৈ অধিক মথাউৰি ছিন্ন-বিচ্ছিন্ন কৰিছিল। দিশহাৰা হৈ পৰিছিল বানাক্ৰান্ত। বানেধোৱা জীয়াঢল, চমৰাজান, বৰ্মন গাঁও, কেঁকুৰি, বানৰি, বৰদলনি আদি গাঁওসমূহত আজিও বৈ আছে বানপানীৰ জীয়া কাহিনী। ইয়াৰ মূল কাৰণ নৈপৰীয়া কয় যে পাহাৰীয়া টিলাৰ পৰা তীব্রবেগে বৈ অহা বৰষুণৰ পানীৰ লগতে জীয়াঢল নৈখনে লৈ আনে বালি আৰু পলস। পাহাৰত গছ-গছনি কটা আৰু নামনি অংশৰ দুয়োপাৰে থকা হাবি-জংঘলসমূহ নষ্ট কৰাৰ বাবে বানপানী হ'বলৈ আৰম্ভ কৰে বাৰিষাত। তাতোকৈ ডাঙৰ কথা হৈছে, এই সৰু নদীবোৰৰ সমস্যা ইচ্ছাকৃতভাৱে জীয়াই ৰাখিছে চৰকাৰ আৰু বিভাগে। জল সম্পদ বিভাগক খীৰতী গাইৰ দৰে বছৰ বছৰ ব্যৱহাৰ কৰি আহিছে চৰকাৰে। চৰকাৰী জনপ্রতিনিধিৰ কমিছনৰাজ, ঠিকাদাৰ আৰু বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সোপাঢিলাৰ বাবে আজি পাঁচটা দশক অধিক কাল জীয়াঢলৰ নদীৰ বান খহনীয়া সমস্যা জীয়াই ৰাখিছে। চৰকাৰে সদিচ্ছা থকা হ'লে বান খহনীয়া এই সমস্যাসমূহ কেতিয়াবাই সমাধান হ'লহেঁতেন! ইয়াৰ পৰিৱৰ্তে প্ৰত্যেক বছৰে বাৰিষাৰ আগে-পিছে কেইটামান পার্কিউপাইন আৰু বাঁহৰ খুঁটা গুঁজি পাল মাৰি অহা বিভাগৰ এতিয়া নীতি লৈ পৰিণত হৈছে। এনেস্থলতে সম্প্ৰতি জীয়াঢল নদীৰ সোঁপাৰত ব্যাপক খহনীয়াই কাল ৰূপ ধাৰণ কৰি আহিছে। 

বছৰ বছৰ ধৰি উক্ত খহনীয়াই বন বিভাগৰ সামাজিক বনানীকৰণে ৰোপণ কৰা মূল্যৱান খয়েৰ, চিচু, শিমলু, বগৰী আদি গছ উটুৱাই নিয়াৰ পিছতো কাণসাৰ নাই চৰকাৰ-প্ৰশাসনৰ। আজিও বাৰিষাৰ সময়ত নিদ্রা হৰণ হয় নৈপৰীয়াৰ। এইদৰে কেইবাবছৰ ধৰি বিশেষকৈ সন্তপুৰ-লালুকীজানত খহনীয়াহ সংহাৰী ৰূপ লৈছে। যাৰ বাবে এমাহৰ পূৰ্বে খৰস্রোতা জীয়াঢলে সলনি কৰিলে সুঁতি। তাত থকা গছ-গছনি আৰু নল-খাগৰিয়ে মথাউৰিৰ দৰে বান প্ৰতিৰোধ কৰিছিল যদিও অৱশেষত খহনীয়াই সৰ্বস্বান্ত কৰে নৈপৰীয়াক। কেঁচা কাঠনি, সন্তপুৰ, লালুকীজান, কমলপুৰ আদি স্থানৰ নৈ পাৰত ৰোৱা হাজাৰ হাজাৰ মূল্যৱান খয়েৰ গছ এতিয়া বালিৰ তলত।

Share This