কৃত্রিম বুদ্ধিমত্তাৰ ভাবুকি পাৰমাণৱিক ভাবুকিতকৈও ভয়াৱহ

dainik janambhumi August 26, 2025

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তাই (এ আই) এদিন বিশ্বত ৰাজত্ব কৰিবগৈ আৰু পৃথিৱীক পাৰমাণৱিক আক্ৰমণতকৈও অধিক ভয়ংকৰ মহাপ্ৰলয়ৰ দিশে লৈ যাব। এই আশংকা প্রকাশ কৰিছে কৃত্রিম বুদ্ধিমত্তাৰ গডফাদাৰ বুলি কোৱা প্ৰখ্যাত কম্পিউটাৰ বিজ্ঞানী জেফ্রি হিন্টনে। তেওঁ এ আইক লৈ এলানি সকীয়নি জাৰি কৰি অত্যাধুনিক প্রযুক্তিয়ে ভবিষ্যতে কেনেধৰণৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে সেই বিষয়ে বর্ণনা কৰে। তেওঁ ইউটিউবত দিয়া এটা সাক্ষাৎকাৰত কয় যে বৰ্তমানৰ এ আই প্ৰণালীক আন গ্ৰহৰ প্ৰাণীৰ দৰে চোৱা উচিত। তেওঁ লগতে এইবুলি সকীয়াই দিয়ে যে এ আই প্রণালীয়ে ভৱিষ্যতে যাতে বিশ্বক নিজৰ দখললৈ নিব নোৱাৰে তাৰ বাবে এই প্রণালীক নিয়ন্ত্রণত ৰখাৰ উপায় উলিয়াবলৈ গৱেষণা কৰা উচিত। 

তেওঁ এ আইক লৈ এক ভয়াৱহ ভৱিষ্যতৰ সকীয়নি দিয়ে। হিণ্টনৰ মতে এ আয়ে সৃষ্টি কৰা ভাবুকি পাৰমাণৱিক বোমাৰ দৰে পুৰণি প্রত্যাহ্বান নহয়। পাৰমাণৱিক অস্ত্ৰ কেৱল বিনাশকাৰী আৰু ইয়াৰ বুদ্ধিমত্তা নাই। ইয়াৰ বিপৰীতে এ আয়ে নিজে আঁচনি প্রস্তুত কৰিব পাৰে। এ আইৰ ভাবুকিক পাৰমাণৱিক ভাবুকিতকৈ অধিক ভয়াৱহ বুলি কয়। হিন্টনে কয়, 'আমি এনেকুৱা বস্তু (এ আই ছিষ্টেম) তৈয়াৰ কৰিছোঁ যি মানুহতকৈও অধিক বুদ্ধিমান হ'ব পাৰে। ই আন গ্ৰহৰ প্ৰাণীৰ দৰে, যাৰ বুজি পোৱাৰ ক্ষমতা আছে।' শেহতীয়া এক গৱেষণাত এ আইৰ এক বিপজ্জনক ব্যৱহাৰ দেখা পোৱা গৈছিল। এই বিষয়ে হিন্টনে উল্লেখ কৰে। উল্লেখযোগ যে এনথ্রপিক নামৰ এটা কোম্পানীয়ে নিজৰ ক্লাউড অপাছ-৪ মডেলক লৈ এক গৱেষণা কৰিছিল। এই গৱেষণাৰ সময়ত মডেলে এজন অভিযন্তাক ব্লেকমেইল কৰাৰ চেষ্টা কৰা দেখা পোৱা গৈছিল। মডেলে অভিযন্তাজনক তেওঁৰ ব্যক্তিগত জীৱনৰ কাহিনী ৰাজহুৱা কৰাৰ ভাবুকি দিছিল যাতে ইয়াক বন্ধ নকৰে। হিণ্টনে এই ঘটনাক উদ্বেগজনক বুলি উল্লেখ কৰে আৰু কয় যে এ আয়ে নিজকে সুৰক্ষিত কৰি ৰখাৰ 'বিহেবিয়াৰ'ৰ বিকাশ কৰিবলৈ লৈছে। 

পূৰ্বতে এনে দেখা পোৱা নগৈছিল বুলি উল্লেখ কৰি হিন্টনে কয় যে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে এ আইৰ অধিক বিকাশ হৈছে আৰু এতিয়া নিজৰ বিষয়েও চিন্তা কৰিব পৰা হৈছে। নোবেল বঁটা বিজয়ী কম্পিউটাৰ বিজ্ঞানীজনে কয়, 'আন গ্ৰহৰ প্ৰাণীয়ে পৃথিৱীক আক্ৰমণ কৰিব পাৰে বুলি জেম্‌ছ ৱেব দূৰবীণৰ জৰিয়তে জানিব পাৰিলে মানুহে ভয় খায়, কিন্তু আমি এতিয়া নিজে এনেধৰণৰ অন্য গ্ৰহৰ প্ৰাণী তৈয়াৰ কৰি আছোঁ। এই কথা বুজি পায় আৰু মানুহক ব্লেকমেইল কৰিব পৰাও হৈছে। আমি এই ভাবুকিক গুৰুত্বসহকাৰে লোৱা উচিত আৰু ইয়াক প্ৰতিৰোধ কৰাৰ বাবে গৱেষণা কৰা উচিত। 'তেওঁৰ লগতে বিশেষজ্ঞসকলেও এইবুলি মত প্রকাশ কৰিছে যে বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহ একলগ হৈ এ আইৰ পৰা সৃষ্টি হোৱা ভাবুকি প্ৰতিৰোধ কৰাৰ বাবে সমূহীয়াভাৱে কাম কৰা উচিত।

Share This