ডিজিটেল ডেস্ক : গীত, কবিতা, সাহিত্যৰ সহিতে প্ৰকৃতিৰ মনমোহা এক পৰিৱেশেৰে আবৃত দিচাংমুখ এতিয়া প্ৰকৃতিৰ নহয়, বৰঞ্চ মানুহৰ ধ্বংসলীলাৰ সন্মুখীন হৈছে। ব্ৰহ্মপুত্ৰ আৰু দিচাং নৈৰ নেৰানেপেৰা বান আৰু খহনীয়াৰ ফলশ্ৰুতিত আজি প্ৰকৃতিৰ ৰম্যভূমি দিচাংমুখে অস্তিত্বৰ সংকটত ভুগিছে। বাস্তৱ ক্ষেত্ৰত দিচাংমুখ কিমান অৱেহেলিত হৈ আছে ইয়াক প্রত্যক্ষ নকৰিলে উপলদ্ধি কৰিব নোৱাৰি। তথাপি জীৱনক এক সংগ্রাম হিচাপে লৈ নৈপৰীয়া দিচাংমুখীয়া ৰাইজে প্রতিবছৰে বান আৰু খহনীয়া বিধাতাৰ এক লিখন বুলিয়েই সম্মুখীন হৈ আহিছে।
উল্লেখযোগ্য যে দিচাংমুখৰ গাতে লাগি আছে ১৯৯৬ চনতে চৰকাৰে পানীদিহিঙক এখন অভয়াৰণ্য হিচাপে (যাক পানীদিহিং পক্ষী অভয়াৰণ্য হিচাপে জনাজাত) স্বীকৃতি প্রদান কৰিছিল। ৩৩.৯৩ বর্গ কিল'মিটাৰ এলেকাৰে পৰিৱেষ্টিত পানীদিহিং পক্ষী অভয়াৰণ্যত দেশী-বিদেশী প্রায় ২৬৭ বিধ পক্ষী পোৱা যায়। শীতৰ সময়ত এছিয়া মহাদেশৰ প্রায় ৭০ টা প্ৰজাতিৰ বিভিন্ন পক্ষীৰ এই অভয়াৰণ্যখনলৈ আগমন ঘটে। ইয়াৰ লগতে এই অভয়াৰণ্যখনতে গঁড়ৰ এক বিচৰণ থলী হৈ পৰাৰ লগতে প্রায় ডেৰ শতাধিক বনৰীয়া হাতীয়ে এই অভয়াৰণ্যখনতে থিতাপি লয়। বনৰীয়া হাতীৰ পালটোৱে অভয়াৰণ্যখনৰ পৰাই নিশাৰ ভাগত দিচাংমুখৰ বিভিন্ন এলেকাত খাদ্যৰ সন্ধানত নামি পৰে। অভয়াৰণ্যখনৰ পৰা দিচাংমুখ অঞ্চললৈ অহা-যোৱা কৰা হাতীৰ এটা অতি পুৰণি নিজস্ব পথ আছে। যাৰ বাবে পানীদিহিং অভয়াৰণ্যৰ কাষৰ ১০কিল'মিটাৰ এলেকালৈকে বন বিভাগৰ তৰফৰ পৰা পৰিৱেশ সংবেদনশীল অঞ্চল (Eco sensitive Zones) বুলি গণ্য কৰা হয়। পৰিৱেশ সুৰক্ষা আইন ১৯৮৬ ৰ অধীনত সাধাৰণতে সংৰক্ষিত অঞ্চলৰ চাৰিওফালৰ এই ১০ কিল'মিটাৰ বিস্তৃত এলেকাত যাতে মানুহৰ যি কোনো কাৰ্যকলাপৰ দ্বাৰা পৰিৱেশৰ ক্ষতি নহয় ইয়াক সুনিশ্চিত কৰা। কিন্তু দিচাংমুখৰ বিপদাপন্ন অস্তিত্ব আৰু পানীদিহিং পক্ষী অভয়াৰণ্যখনৰ সংকুচিত ভৌগোলিক সীমাক মানুহৰ দ্বাৰা বাৰম্বাৰ ক্ষতি কৰি অহাৰ পাছতো শিৱসাগৰ জিলা প্রশাসন, বন আইন আৰু পৰিৱেশ আইন উটপক্ষীৰ দৰে বালিত মূৰ গুজি আছে। উল্লেখ কৰাৰ প্রয়োজন যে পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নির্দেশ দিয়া আছে যে বাণিজ্যিক ক্ষেত্ৰত বৃহৎ পৰিমাণৰ মাটি-বালি খনন কৰাটো নিষিদ্ধ। এনে খননে পৰিৱেশ ক্ষয়, বন্যপ্ৰাণীৰ ক্ষতি কৰে বুলি গণ্য কৰা হৈছে। এনে কাৰ্যৰ বিৰুদ্ধে বন বিভাগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লগতে বন আইন অনুসৰি তেনে ব্যক্তি বা অনুষ্ঠান-প্রতিষ্ঠানৰ বিৰুদ্ধে আদালতত গোচৰ চলাব পাৰিব বুলি নির্দেশনা আছে। সর্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা, বন আইনৰ নিষিদ্ধতাক আওকাণ কৰি যোৱা চাৰিটামাহে পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে পৰিচিত দিচাংমুখত দিনে-নিশাই বাণিজ্যিক ভিত্তিত মাটি খনন কৰি আহিছে।
শিৱসাগৰ নগৰৰ মাজেদি নির্মীয়মাণ ফ'ৰলেন, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মথাউৰি, লোক নির্মাণ বিভাগৰ পথৰ মেৰামতিৰ নামত প্রতিদিনে দিচাংমুখৰ এই গৰাখহনীয়া অঞ্চলৰ পৰা বহুকেইখন জেচিবি ব্যৱহাৰ কৰি ছয় আৰু দহ চকীয়া ডাম্পাৰৰ যোগেদি প্রতিদিনে ন্যূনতম এশৰ পৰা ডেৰশ ডাম্পাৰ মাটি আৰু বালি দিচাংমুখৰ পৰা খনন কৰি উল্লিখিত স্থানসমূহত সংশ্লিষ্ট ঠিকাদাৰে যোগান ধৰি আহিছে। প্রতিটো মুহূৰ্তত দিচাংমুখৰ অস্তিত্বৰ বাবে ভাবুকি কঢ়িয়াই অনা এই খননে পানীদিহিং পক্ষী অভয়াৰণ্যখনৰ জীৱকুলৰ বাবেও ভাবুকি কঢ়িয়াই অনাৰ পাছতো শিৱসাগৰ জিলা প্ৰশাসন আৰু জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া গৰাকীয়ে মৌনতা অৱলম্বন কৰি আহিছে। এনে বাণিজ্যিক ভিত্তিত মাটি-বালিৰ খনন চলোৱা কোনো এটা পক্ষৰো অনুমতি নোহোৱাৰ ফলতো শিৱসাগৰ জিলা আযুক্তৰ কাৰ্যর্যালয়ে কেনেদৰে হাজাৰ হাজাৰ মেট্রিক টন মাটি-বালি দিচাংমুখত খনন চলাবলৈ আওপকীয়াকৈ অনুমতি দিলে সেয়া এক লক্ষণীয় বিষয়।
আনহাতে, শিৱসাগৰৰ ডিএফঅ' আৰু ৰেঞ্জাৰগৰাকীৰ সৈতে বাণিজ্যিকভাৱে মাটি-বালি সৰবৰাহ কৰা চক্ৰটোৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই দিচাংমুখত এনেদৰে অবৈধ প্ৰক্ৰিয়াৰে খনন চলাই দিচাংমুখ অঞ্চলৰ লগতে পানীদিহিং পক্ষী অভয়াৰণ্যখনৰ বাবে ভাবুকি কঢ়িয়াই আনিছে বুলি মুকলি অভিযোগ উত্থাপন হৈছে।