ডিজিটেল ডেস্কঃ ভাৰতীয় তিনিটা সেনা বাহিনীয়ে (স্থল, নৌ, বায়ু) পাকিস্তান সীমান্তত ৩০ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ বৃহৎ পৰিসৰৰ সামৰিক অনুশীলন কৰিব। সেই উপলক্ষে ভাৰতে ন'টিচ টু এয়াৰমেন (ন'টাম) জাৰি কৰিছে। ভাৰতৰ পশ্চিমৰ উক্ত বিশাল অঞ্চলত বিমান পৰিবহণ বন্ধ থাকিব।
১২ দিন হ'বলগীয়া ত্রিশূল নামৰ এই অনুশীলন হ'ব সাম্প্রতিক সময়ত ভাৰতৰ সর্ববৃহৎ যুদ্ধ-অনুশীলন। স্থল, নৌ আৰু বায়ু সেনাৰ ৩০ হাজাৰ জোৱানে থৰ মৰুভূমিত উমৈহতীয়াভাবে অনুশীলনত অংশগ্রহণ কৰিব। ৰাজস্থানৰ জয়ছালমেৰৰ পৰা গুজৰাটৰ সৰ ক্ৰীকলৈকে এই এই অনুশীলন চলিব।
এই অনুশীলনত বায়ু সেনাৰ বিমান ২৮ হাজাৰ ফুট উচ্চতালৈকে উৰিব। ইফালে, পাকিস্তানে ভাৰতৰ সামৰিক অনুশীলনৰ আগত ২৮ আৰু ২৯ অক্টোবৰত দেশখনৰ মধ্য আৰু দক্ষিণৰ আকাশ মণ্ডল (ৰাজস্থান-গুজৰাটৰ সৈতে সংলগ্ন অঞ্চল) বিমান পৰিবহণৰ বাবে বন্ধ ৰাখি শনিবাৰে ন'টাম জাৰি কৰে।