কলকাতাত পুনৰ দলবদ্ধ বলাৎকাৰৰ ঘটনা : তিনিটা অভিযুক্তক গ্ৰেপ্তাৰ

dainik janambhumi June 28, 2025

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ কলকাতাত পুনৰ সংঘটিত হৈছে দলবদ্ধ বলাৎকাৰৰ ঘটনা। কলকাতাৰ এখন আইন মহাবিদ্যালয়ত এগৰাকী ছাত্রীক এজন প্রাক্তন ছাত্ৰই বলাৎকাৰ কৰে আৰু ঘটনাৰ সময়ত মূল অভিযুক্তজনক শিক্ষা প্রতিষ্ঠানখনৰ দুজন ছাত্ৰই সহযোগ কৰাৰ অভিযোগ উঠিছে। শুকুৰবাৰে কলকাতা আৰক্ষীৰ এজন বিষয়াই প্রকাশ কৰা অনুসৰি, এই দলবদ্ধ বলাৎকাৰ সংঘটিত কৰা তিনিওটা অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আদালতত তেওঁলোকক হাজিৰ কৰোৱা হৈছে। আদালতে তিনিওটা অভিযুক্তক চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে। 

আনহাতে, ভুক্তভোগী ছাত্ৰীগৰাকীৰ গোপনীয় ভাষ্য এগৰাকী ন্যায়িক দণ্ডাধীশৰ সন্মুখত দাখিল কৰা হৈছে। দক্ষিণ কলকাতাৰ আইন মহাবিদ্যালয়খনত সংঘটিত হোৱা জঘন্য ঘটনাটোৱে যোৱা বৰ্ষত আৰ জি কৰ মেডিকেল কলেজৰ নৃশংস বলাৎকাৰ আৰু
হত্যাকাণ্ডটোৰ শিহৰণকাৰী স্মৃতি পুনৰ সজীৱ কৰিলে। 

সেই হত্যাকাণ্ডটোৱে সমগ্র দেশতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। দক্ষিণ কলকাতাত সংঘটিত হোৱা শেহতীয়া দলবদ্ধ বলাৎকাৰৰ ঘটনাটোৰ মূল অভিযুক্তটো হৈছে শিক্ষা প্রতিষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ আৰু এজন ক্রিমিনেল লয়াৰ হিচাপে তেওঁ প্রেক্টিচ কৰি আছে। উল্লেখযোগ্য যে এই ঘটনাটোৰ মূল অভিযুক্ত লোকজন তৃণমূল কংগ্ৰেছৰ ছাত্ৰ সংগঠনৰ প্ৰাক্তন নেতা আছিল।

Share This