আজিৰ পৰা তিনিদিনীয়া বেংক ধর্মঘট

dainik janambhumi September 28, 2026

ডিজিটেল ডেস্ক : ইউনাইটেড ফৰাম অব্ বেংক ইউনিয়নছে (ইউ এফ বি ইউ) আজিৰ পৰা সমগ্ৰ দেশত তিনিদিনীয়া বেংক ধৰ্মঘটৰ আহবান জনাইছে। ধৰ্মঘটৰ ফলত চৰকাৰী খণ্ডৰ বেংকসমূহৰ শাখাসমূহত কাম-কাজ অচল হৈ পৰাৰ সম্ভাৱনা আছে। 

২৮-৩০ ছেপ্টেম্বৰলৈ আহবান জনোৱা বেংক ধর্মঘটৰ সময়ছোৱাত অৱশ্যে ইউ পি আই, ম'বাইল বেংকিং, ইণ্টাৰনেট বেংকিং আৰু এ টি এমৰ দৰে সেৱা সমূহ অব্যাহত থাকিব বুলি কোৱা হৈছে। ইফালে চৰকাৰীখণ্ডৰ কেইবাটাও বেংকে এই সময়ছোৱাত এ টি এমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত কোনোধৰণৰ মাচুল নলয় বুলিও জনাইছে। 

উল্লেখযোগ্য যে বেংক কৰ্মচাৰীসকলৰ সাপ্তাহিক কৰ্ম দিন পাঁচদিনীয়া কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত ইউ এফ বি ইউবে এই ধৰ্মঘটৰ আহবান জনাইছে।

Share This