ডিজিটেল ডেস্ক : অষ্টাদশ সংস্কৰণৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ আৰম্ভণি সুখকৰ নাছিল। তাৰ পাছতো সকলোকে চমক খুৱাই ঐশ্বর্যশালী প্রতিযোগিতাখনৰ মাজভাগত দৃঢ়তাপূর্ণ প্রত্যাৱৰ্তন ঘটাই মূৰকত প্লে'-অফতো প্রৱেশ কৰিবলৈ সক্ষম হয় হার্দিক পাণ্ডিয়া বাহিনীয়ে। প্লে'-অফৰ যুঁজ আৰম্ভ হোৱাৰ পূৰ্বে এলিমিনেটৰ মেচৰ আগেয়ে এক বৃহৎ ক্ষতি সহিবলগীয়া হৈছে মুম্বাই ইণ্ডিয়ানছে।
জানিব পৰা মতে, দেশৰ হৈ দায়িত্ব পালনৰ বাবে ইতিমধ্যেই মুম্বাইৰ শিবিৰ এৰিলে তিনি বিদেশী ক্রিকেটাৰে। এলিমিনেটৰ মেচৰ আগে আগে ইংলেণ্ডৰ উইল জেকছ, দক্ষিণ আফ্ৰিকাৰ ৰিয়ান ৰিকেলটন আৰু কৰ্বীন বশ্বে স্বদেশলৈ উৰা মাৰে। খবৰ অনুযায়ী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ আৰু ২৯ মে'ত আৰম্ভ হ'বলগীয়া এদিনীয়া শৃংখলাৰ বাবে ইংলেণ্ড দলত যোগ দিব জেকছে।
আনহাতে, ৰিকেলটন আৰু বশ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নছ ফাইনেলৰ বাবে দক্ষিণ আফ্রিকান দলত যোগ দিব। এলিমিনেটৰ মেচৰ পূৰ্বে হঠাৎ এই তিনি গুৰুত্বপূৰ্ণ খেলুৱৈৰ অনুপস্থিতিৰ বাবে মুম্বাই দলটো ক্ষতিগ্রস্ত হ'ব। অৱশ্যে সেই আঘাতৰ মাজতে মুম্বায়ে ইংলেণ্ডৰ উইকেটকীপাৰ-বেটাৰ জনী বেয়াৰষ্টো, শ্রীলংকাৰ অধিনায়ক চাৰিথ আছলাংকা আৰু ইংলেণ্ডৰ পেচাৰ ৰিচাৰ্ড গ্লিছনক দলভুক্ত কৰিছে।