ডিজিটেল ডেস্ক : বিশ্ব কাপৰ পৰা বহু দূৰত ভাৰতীয় ফুটবল। ফিফা বিশ্ব কাপ ফুটবলৰ যোগ্যতা অর্জন পৰ্বৰ দ্বিতীয় ৰাউণ্ডতো এই পর্যন্ত প্ৰৱেশ কৰিব পৰা নাই ভাৰতে। তাৰ মাজতে একাংশ ফুটবল অনুৰাগীয়ে বিশ্ব কাপত খেলাৰ স্বপ্ন দেখে। লায়নেল মেছি আৰু ক্রিষ্টিয়ানো ৰ'নাল্ডোৰ খেল চাই বিশ্ব কাপ পাৰ কৰে। ভাৰত প্রতিযোগী দেশৰ তালিকাত নথকাৰ বাবে দেশৰ ফুটবল অনুৰাগীয়ে আর্জেন্টিনা, ব্রাজিল, পর্তুগাল, জার্মানি, স্পেইন আৰু ফ্ৰান্সৰ খেল চাই সন্তুষ্ট থাকে। পিছে এইবাৰৰ বিশ্ব কাপত ভাৰতীয় অনুৰাগী উচ্ছ্বসিত হোৱাৰ পৰোক্ষ কাৰণ আছে।
আসন্ন বিশ্ব কাপত এইবাৰ তিনিগৰাকী ভাৰতীয় বংশোদ্ভৱ ফুটবলাৰে খেলিব। তেওঁলোক হৈছে হৰপ্রিত সিং, তাহছিন মহম্মদ জামশ্বিদ আৰু নেইল আদ্যা মেছন। ২৭ বছৰীয়া আক্রমণাত্মক মিডফিল্ডাৰ হৰপ্রিতে নিউজিলেণ্ডৰ হৈ বিশ্ব কাপত অংশ ল'ব। জন্ম সূত্রে নিউজিলেণ্ডৰ বাসিন্দা হৰপ্রিতে পিতৃ-মাতৃৰ সৈতে একাধিকবাৰ ভাৰতলৈ আহিছে। পঞ্জাবত থকা আত্মীয়ৰ সৈতে সততে যোগাযোগ চলি থাকে হৰপ্ৰিতৰ। ইফালে, ১৯ বছৰীয়া ভাৰতীয় বংশোদ্ভৱ ফুটবলাৰ তাহছিন কাটাৰৰ ফুটবলাৰ। তাহছিনৰ জন্ম ডোহাত হ'লেও তেওঁৰ পিতৃ-মাতৃ প্রকৃততে কেৰালাৰ বাসিন্দা। আফগানিস্তানৰ বিৰুদ্ধে তেওঁ দেশৰ হৈ এবাৰেই খেলিছিল। সেয়ে, তেওঁ বিশ্ব কাপত খেলাৰ সম্ভাৱনা ক্ষীণ। আনহাতে, নেইল আদ্যা মেছনৰ ভাৰতৰ সৈতে সম্পর্ক আছে যদিও সৰপ্ৰিত আৰু তাহছিনৰ দৰে নহয়। ২৯ বছৰীয়া ডিফেণ্ডাৰ মেছন এষ্টন ভিলাৰ প্রাক্তন খেলুৱৈ। এতিয়া তেওঁ কাটাৰ এছ চিৰ হৈ খেলে। মেছন এগৰাকী ইংৰাজ নাগৰিক। তেওঁৰ জন্ম ব্রাইটনত। তেওঁৰ পিতৃ আমেৰিকান আৰু মাতৃ ভাৰতীয়।
মেছনে তিনিখন দেশৰ হৈ খেলাৰ সুযোগ পাইছিল। ভাৰত আৰু আমেৰিকাক বাদ দি তেওঁ ইংলেণ্ডক বাছি লৈছিল। কিন্তু তেওঁ কেতিয়াও ইংলেণ্ডৰ জাৰ্ছীৰে খেলাৰ সুযোগ নাপালে। অৱশেষত তেওঁ আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলাৰ সপোন পূৰ কৰিবলৈ কাটাৰক বাছি লয়। যোৱা মাৰ্চত তেওঁক প্ৰথমবাৰলৈ কাটাৰৰ দললৈ আমন্ত্রণ জনোৱা হৈছিল।