ডিজিটেল ডেস্কঃ সুশীলা কাৰ্কী নেতৃত্বাধীন নেপালৰ অন্তৰ্ৱর্তী চৰকাৰৰ তিনিজন মন্ত্ৰীক সোমবাৰে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে শপত গ্রহণ কৰোৱায়। প্রাক্তন বিত্ত সচিব ৰামেশ্বৰ খনালে বিত্ত মন্ত্রী, নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ প্ৰাক্তন পৰিচালন সঞ্চালক কুলমান ঘিচিঙক শক্তি, জলসম্পদ আৰু জলসিঞ্চন, আন্তঃগাঁথনি আৰু পৰিবহণ তথা নগৰ উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। আনহাতে ওম প্রকাশ আয়লক গৃহ, আইন, ন্যায়িক আৰু সংসদীয় পৰিক্ৰমাৰ দায়িত্ব দিয়া হৈছে।
ইফালে নেপালত সুশীলা কাৰ্কীয়ে অন্তৰ্ৱর্তী প্রধানমন্ত্রীৰূপে শপত গ্ৰহণ কৰাৰ দুদিনৰ পাছতে তেওঁৰ বাসভৱনৰ সন্মুখত দেওবাৰে নিশা জেন-জিৰ নেতাই প্রতিবাদ কৰে। নেপালত কেইদিনমানৰ আগতে হোৱা গণ বিক্ষোভক নেতৃত্ব দিয়া 'হাম নেপালী' সংগঠনৰ সুদান গুৰুঙে আজি তেওঁৰ সমৰ্থকসকলৰ সৈতে প্রধানমন্ত্ৰী কাৰ্কীৰ বাসভৱনৰ সন্মুখত প্রতিবাদ কৰে। প্রতিবাদকাৰীসকলে এই বুলি অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী কাকীয়ে তেওঁৰ অন্তৰ্ৱর্তী কেবিনেট গঠন কৰাৰ সময়ত জেন-জিৰ নেতাসকলৰ মতামত লোৱা নাই। সুদান গুৰুঙে কৰা অভিযোগ মতে, ওম প্রকাশ আয়লে গণ বিক্ষোভত অংশ গ্রহণ কৰা নাছিল।
গুৰুঙে প্রধানমন্ত্রী কাৰ্কীৰ পদত্যাগো দাবী কৰে। ইফালে নেপালৰ গণ বিক্ষোভৰ আঁৰত আমেৰিকা জড়িত হৈ থকা বুলি এটা সংবাদ প্রতিষ্ঠানৰ প্রতিবেদনত প্রকাশ পাইছে। ছান ডে' গার্জিয়ানে প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে আমেৰিকাই আগতেও নিজৰ গোপন অভিযানৰ বাবে নেপালক ব্যৱহাৰ কৰি আহিছে। নেপালৰ শেহতীয়া গণবিক্ষোভ আৰু অলিৰ পদত্যাগৰ আঁৰতো আমেৰিকা জড়িত হৈ থকা বুলি এটা বাতৰিত কোৱা হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে নেপালত বাহিৰৰ শক্তিয়ে প্ৰৰোচিত নকৰিলে ইমান তৎক্ষণাৎ এনে ধৰণৰ পৰিৱৰ্তন হ'ব নোৱাৰে।