ডিজিটেল ডেস্কঃ পহলগাম সন্ত্রাসবাদী আক্রমণত জড়িত ৩টা পাকিস্তানী সন্ত্রাসবাদীয়ে সীমান্তৰ সিপাৰে থকা সহযোগী আৰু অভিযান চলোৱাত কথা-বার্তা পাতিবলৈ 'অধিক উচ্চ ফ্ৰিকুৱেন্সিৰ ৱায়াৰলেছ ছেট' ব্যৱহাৰ কৰিছিল। এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই এই কথা সদৰী কৰিছে। সোমবাৰে কাশ্মীৰ উপত্যকাত সন্ত্রাসবাদীকেইটাক গুলীয়াই হত্যা কৰা হয়। তিনিওটা পাকিস্তানী সন্ত্রাসবাদীয়ে ৩ বছৰ পূৰ্বেই পাকিস্তানৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল।
যোৱা বছৰ সন্ত্রাসবাদীকেইটা দুটা দলত বিভক্ত হৈছিল। এটা দলক ছুলেমানে নেতৃত্ব দিয়াৰ বিপৰীতে আনটোক মুছা নামৰ সন্ত্রাসবাদীটোৱে নেতৃত্ব দিছিল। বিষয়াজনে লগতে কয় যে নতুনকৈ অনুপ্ৰৱেশ কৰি ভাৰতলৈ অহা এল ইটি কেডাৰে যোৱা বৰ্ষত ছুলেমানৰ দলত যোগ দি কাশ্মীৰ উপত্যকাত ঘাটি স্থাপন কৰিছিল।
২০২৪ বৰ্ষৰ ২০ অক্টোবৰত চেন্ট্রেল কাশ্মীৰৰ গাণ্ডেৰবাল জিলাৰ গগনগীৰৰ এটা নির্মাণস্থলীত চলা আক্রমণতো ছুলেমান জড়িত হৈ আছিল। ২০২১ বৰ্ষৰ পৰা পাকিস্তানৰ পৰা অবৈধভাবে প্রায় ২০০-২৫০টা উগ্রপন্থীয়ে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰা বুলি সূত্ৰসমূহে সম্ভাৱনা ব্যক্ত কৰিছে। এটা সন্ত্রাসবাদী দল সম্প্রতি জম্মু অঞ্চলত সক্রিয় হৈ আছে। যি যোৱা দুটা দশক ধৰি কোনো গুৰুতৰ সন্ত্রাস কাণ্ড সংঘটিত কৰাৰ পৰা বিৰত আছে।