ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ সন্দৰ্ভত কৰা তদন্তত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই (নিয়া) গুৰুত্বপূৰ্ণ সফলতা অর্জন কৰিছে। বেছৰন ঘাটিত নির্দয়ভাৱে ২৬জন নিৰীহ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ লগত তিনিজন পাকিস্তানী নাগৰিক জড়িত আছে বুলি দেওবাৰে নিয়াই প্রকাশ কৰিছে।
নিয়াৰ মুখপাত্রই কয় যে এই তিনিটা লস্কৰ-এ-তয়বাৰ (এল ই টি) সন্ত্রাসবাদী আৰু নিয়াই প্রথমবাৰৰ বাবে এই হত্যাকাৰীকেইটাক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে আক্রমণটোৰ পাছতেই তিনিটা সন্দেহজনক আক্ৰমণকাৰীৰ ফটো প্ৰচাৰ কৰিছিল। ইয়াত দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ এটা স্থানীয় সন্ত্রাসবাদী আদিল হুছেইন টোকাৰো আছিল। আন দুটা পাকিস্তানী হাছিম মুছা আৰু আলী ভাই বুলি চিনাক্ত ২৬জন নিৰীহ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ লগত তিনিজন পাকিস্তানী নাগৰিক জড়িত আছে বুলি দেওবাৰে নিয়াই প্রকাশ কৰিছে। নিয়াৰ মুখপাত্রই কয় যে এই তিনিটা লস্কৰ-এ-তয়বাৰ (এল ই টি) সন্ত্রাসবাদী আৰু নিয়াই প্রথমবাৰৰ বাবে এই হত্যাকাৰীকেইটাক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে আক্ৰমণটোৰ পাছতেই তিনিটা সন্দেহজনক আক্ৰমণকাৰীৰ ফটো প্ৰচাৰ কৰিছিল।
ইয়াত দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ এটা স্থানীয় সন্ত্রাসবাদী আদিল হুছেইন টোকাৰো আছিল। আন দুটা পাকিস্তানী হাছিম - মুছা আৰু আলী ভাই বুলি চিনাক্ত কৰা হৈছিল। নিয়াৰ এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি তেওঁলোকে দুজন স্থানীয় সন্ত্রাসবাদীৰে যোগাযোগকাৰীক গ্রেপ্তাৰ কৰিছে। এই দুয়োটা যোগাযোগকাৰীক জেৰাৰ পাছত সিহঁতে বেছৰন ঘাটিত আক্ৰমণৰ সৈতে তিনিটা পাকিস্তান লস্কৰৰ সন্ত্রাসবাদী জড়িত থকাৰ বিষয়ে প্রকাশ কৰিছে। পূর্বে প্রকাশ কৰা ফটোৰ লগত এই সন্ত্রাসবাদীকেইটাৰ মিল নাই। উল্লেখযোগ্য যে নিয়াই গ্ৰেপ্তাৰ কৰা স্থানীয় সন্ত্রাসবাদী দুটাৰ ঘৰত বেছৰনৰ আক্ৰমণটো সংঘটিত কৰাৰ পাছত পাকিস্তানী সন্ত্রাসবাদীকেইটা আশ্রয় লৈছিল আৰু খাদ্যও গ্রহণ কৰিছিল বুলি নিয়াই প্রকাশ কৰিছে।