ডিজিটেল ডেস্ক : উত্থাপিত দাবী পূৰণৰ প্ৰতিশ্ৰুতিৰে শনিবাৰে চি জে পিৰ নেতৃত্বৰ ছাত্ৰ আন্দোলন অন্ত পৰাৰ আগতে শুকুৰবাৰে ৰাষ্ট্ৰসংঘয়ো দিল্লীৰ যন্তৰ মন্তৰৰ প্ৰতিবাদৰ বিষয়ত মন্তব্য প্রকাশ কৰে। ৰাষ্ট্ৰসংঘই কয় যে 'শান্তিপূর্ণ প্রতিবাদ'ত অংশ গ্রহণ কৰাসকলে হাৰাশাস্তি, গ্ৰেপ্তাৰ বা আঘাত পোৱাৰ ভয় নোহোৱাকৈ প্রতিবাদ কৰিব পাৰিব লাগে। ৰাষ্ট্ৰসংঘৰ দৈনিক সংবাদমেলৰ সময়ত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কাৰ্যালয়ৰ মুখপাত্র ষ্টিফেন ডুজাৰিকক ভাৰতৰ ছাত্ৰ প্ৰতিবাদৰ বিষয়ত সোধা প্রশ্নত কয় যে ঘটনাৰ বিষয়ে ৰাষ্ট্ৰসংঘ জ্ঞাত।
মুখপাত্রজনে শান্তিপূর্ণ সমাৱেশৰ অধিকাৰ সুৰক্ষা দিয়াৰ গুৰুত্বৰ কথা কয়। ডুজাৰিকে কয়, 'আমি নিশ্চিভাবে দিল্লীৰ প্ৰতিবাদৰ বিষয়ে জ্ঞাত।' তেওঁ আৰু কয়, 'শান্তিপূর্ণভাৱে প্রতিবাদ কৰিবলৈ বিচৰা লোকক হাৰাশাস্তিৰ ভয়, গ্ৰেপ্তাৰৰ ভয় বা আঘাত পোৱাৰ ভয় নোহোৱাকৈ প্রতিবাদ কৰিবলৈ দিয়া দৰকাৰ।'
তেওঁ আৰু কয় যে সেই অধিকাৰক সুৰক্ষা দিয়াটো নিৰাপত্তা বাহিনীৰ দায়িত্ব। উল্লেখযোগ্য যে নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলক লৈ কেইবা সপ্তাহো চলা প্রতিবাদৰ পাছত শনিবাৰে ভাৰতৰ কেন্দ্রীয় শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্রধানে পদত্যাগ কৰে। ২০ জুনত ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) নেতৃত্বত দিল্লীৰ যন্তৰ মন্তৰত নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ প্রতিবাদ আৰম্ভ হৈছিল। প্রতিবাদকাৰীয়ে দেশৰ শিক্ষাৰ সংস্কাৰ আৰু ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছিল।