গাজিয়াবাদৰ তিনি ভগ্নীৰ আত্মহত্যা : কোৰিয়ান গেমৰ নিচাৰ পৰা পিতৃৰ দ্বিতীয় বিবাহলৈ— পোহৰলৈ আহিছে বহু বিস্ফোৰক দিশ

Rashmi February 05, 2026

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এটা বিলাসী ফ্লেটৰ ৯ মহলাৰ পৰা জঁপিয়াই তিনিগৰাকী কিশোৰী ভগ্নীয়ে কৰা আত্মহত্যাৰ ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছে। 

আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে এই ঘটনাৰ আঁৰত থকা কেইবাটাও জটিল আৰু ৰহস্যজনক কাৰণ উন্মোচিত হৈছে। কেৱল অনলাইন গেমৰ নিচাই নহয়, বৰঞ্চ ঘৰুৱা কন্দল আৰু আৰ্থিক অনাটনেও এই শোকাৱহ পৰিণতিৰ দিশে ঠেলি দিছিল কিশোৰীকেইগৰাকীক।

অনলাইন আসক্তি আৰু কোৰিয়ান সংস্কৃতিৰ প্ৰভাৱ

তদন্তত পোহৰলৈ আহিছে যে নিংশিকা (১৬), প্ৰাচী (১৪) আৰু পাখি (১২) নামৰ তিনিগৰাকী ভগ্নী অনলাইন কোৰিয়ান গেম আৰু কোৰিয়ান ড্ৰামাৰ (K-Drama) প্ৰতি সাংঘাটিক ধৰণে আসক্ত আছিল। তেওঁলোকৰ এটা ব্যক্তিগত ডায়েৰীত লিখা আছিল— "কোৰিয়ান সংস্কৃতি আমাৰ বাবে সকলো ।" কিশোৰীকেইগৰাকীয়ে দক্ষিণ কোৰিয়ালৈ যাবলৈ জেদ ধৰিছিল, যাৰ বাবে ঘৰত প্ৰায়ে অশান্তিৰ সৃষ্টি হৈছিল।


ঘটনাৰ প্ৰায় ১০ দিন পূৰ্বে তেওঁলোকৰ পিতৃ চেতন কুমাৰে অতিমাত্ৰা আসক্তি দেখি তিনিওৰে ম'বাইল কাঢ়ি লৈছিল আৰু ছ'চিয়েল মিডিয়া একাউণ্টসমূহ ডিলিট কৰি দিছিল। এই ঘটনাই কিশোৰীকেইগৰাকীক মানসিকভাৱে ভাগি পেলাইছিল। ডায়েৰীত তেওঁলোকে লিখিছিল যে মৰম নোহোৱা জীৱনটো জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেয়।


আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চেতন কুমাৰৰ দুগৰাকী পত্নী। আচৰিত কথাটো হ’ল, তেওঁৰ দুই পত্নী আছিল সৰু-বৰ দুই ভগ্নী। প্ৰথম পত্নীৰ সন্তান নোহোৱাৰ বাবে তেওঁৰ সন্মতি মৰ্মেই চেতনে নিজৰ খুলশালীয়েকক দ্বিতীয় বিবাহ কৰাইছিল। বৰ্তমান এই দুই পত্নীৰ সৈতে তেওঁৰ পাঁচটা সন্তান আছিল। পৰিয়ালটোৰ এই অস্বাভাৱিক গাঁথনিয়েও কিশোৰীসকলৰ মনত নেতিবাচক প্ৰভাৱ পেলাইছিল নেকি, সেই দিশটো আৰক্ষীয়ে খতিয়ান চাইছে।


আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল পৰিয়ালটোৰ শোচনীয় আৰ্থিক অৱস্থা। চেতন কুমাৰে শ্বেয়াৰ বজাৰত প্ৰায় ২ কোটি টকা লোকচান ভৰিছিল। অৱস্থা ইমানেই বেয়া হৈছিল যে ঘৰৰ বিজুলী বিল পৰিশোধ কৰিবলৈ তেওঁ নিজৰ ম'বাইল ফ'নটো পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছিল। আৰ্থিক নাটনিৰ বাবে কিশোৰীকেইগৰাকীয়ে যোৱা দুবছৰ ধৰি বিদ্যালয়লৈ যাব পৰা নাছিল, যিয়ে তেওঁলোকক সামাজিকভাৱে সংকুচিত কৰি তুলিছিল।


আত্মহত্যাৰ অন্তিম পত্ৰ

মৃত্যুৰ পূৰ্বে কিশোৰীকেইগৰাকীয়ে লিখি থৈ যোৱা টোকাত তেওঁলোকৰ চৰম হতাশা প্ৰকাশ পাইছে। তেওঁলোকে লিখিছে— "পাপা, আমাক ক্ষমা কৰিব। আপোনাৰ হাতৰ মাৰ খোৱাতকৈ আমাৰ বাবে মৃত্যুৱেই ভাল।"


গাজিয়াবাদ আৰক্ষীয়ে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষা আৰু উদ্ধাৰ হোৱা ডায়েৰীৰ তথ্যৰ ভিত্তিত তদন্ত চলাই থকা হৈছে। বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য আৰু ডিজিটেল আসক্তিৰ ভয়াৱহতা এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰি দিছে।




প্ৰাগ নিউজ ডিজিটেল

Share This