টাইমছ হায়াৰ এডুকেশ্যন ইমপেক্ট ৰেংকিং ২৫ প্ৰকাশিত তালিকা

dainik janambhumi June 19, 2025

ডিজিটেল ডেস্ক : টাইমছ হায়াৰ এডুকেশ্যন ইমপেক্ট ৰেংকিং, ২০২৫ প্রকাশিত হৈছে। বহনক্ষম উন্নয়নৰ লক্ষ্য (এছ ডি জি)ৰ হকে কাম কৰা বাবে ১৩০খন দেশৰ ২,৫২৬খন বিশ্ববিদ্যালয়ক এই সমীক্ষাত অন্তর্ভুক্ত কৰা হৈছিল। লক্ষণীয়ভাৱে ভাৰতৰ দুখন বিশ্ববিদ্যালয়েহে শীৰ্ষৰ ৫০-ৰ তালিকাত শীৰ্ষৰ ১০০ তালিকাত মাত্র ৪খন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়।

এই বৰ্ষৰ এই ৰেংকিঙত ভাৰতৰ সৰ্বমুঠ ১৩৫খন শৈক্ষিক প্রতিষ্ঠানে স্থান লাভ কৰে। ভাৰতৰ তামিলনাডুৰ অমৃতা বিশ্ব বিদ্যাপীঠম (৪১) আৰু পঞ্জাবৰ লাভলী প্রফেশ্যনেল বিশ্ববিদ্যালয়ে (৪৮) এই তালিকাত শ্রেষ্ঠ প্রদর্শন কৰে। কৰ্ণাটকৰ জে এছ এছ একাডেমি অব হায়াৰ এডুকেশ্যন (৫৬) আৰু হিমাচল প্রদেশৰ খুলিনি বিশ্ববিদ্যালয়ে (৯৬) শীৰ্ষৰ ১০০ তালিকাত স্থান লাভ কৰে।

ভাৰতৰ অইন বিশ্ববিদ্যালয়সমূহে ১০০ৰ তলত স্থান লাভ কৰে। এই তালিকাত ৱেষ্টার্ন ছিডনী বিশ্ববিদ্যালয় অষ্ট্ৰেলিয়া, মাঞ্চেষ্টাৰ বিশ্ববিদ্যালয় (ইউ কে) আৰু কিয়োংপুক নেশ্যনেল বিশ্ববিদ্যালয়ে (দক্ষিণ কোৰিয়া) শীৰ্ষৰ তিনিটা স্থান অধিকাৰ কৰে। শীর্ষ ৫০-ৰ ভিতৰত ১২খন বিশ্ববিদ্যালয়েই হৈছে এছিয়াৰ।

Share This