তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ

Rashmi June 23, 2025

ডিজিটেল ডেস্ক : তিনিচুকীয়াত পাখৰিজানত থকা পঞ্জীয়নভূক্ত  স্ক্ৰেপিং প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপন হৈছে চুৰি ডাম্পাৰ ক্ৰয় কৰাৰ গুৰুতৰ অভিযোগ।

তিনিচুকীয়া লিডু আৰক্ষী চকীত দাখিল হোৱা এজাহাৰৰ ভিত্তিত লিডু আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰিজনক। ৰিল বাহাদুৰ থাপা, বসন্ত পানীকাৰ, নানু আগৰৱাল অবিনাশ প্ৰধান নামৰ চাৰিজনক আটক।

ডিব্ৰুগড়ৰ ঘনকান্ত গগৈ নামৰ ডাম্পাৰ মালিকৰ এজাহাৰৰ ভিত্তিত আটক। লেখাপানীৰ বমগাৰা নামৰ ঠাইত কয়লা কঢ়িয়াবৰ বাবে ব্যৱহাৰ কৰিছিল ডাম্পাৰখন। স্বত্বাধিকাৰীয়ে (AR 07 1113) ডাম্পাৰখন মুকিবুৰ ৰহমান নামৰ এজন লোকক ভাৰালৈ দিছিল। বমগাৰা নামৰ ঠাইত ইঞ্জিন বিকল হোৱাৰ পিছত তাতে এৰি অহাৰ পাছত সেই ঠাইৰ পৰা ক্ৰেঙৰ সহায়ত অনাৰ অভিযোগ।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This