ডিজিটেল ডেস্ক : ভাৰতত খোৱা তেলৰ চাহিদা পূৰণ কৰাৰ লক্ষ্যৰে অইল পাম খেতি কৰিবলৈ চৰকাৰীভাৱে বহু ঠাইত কৰা খেতি ইতিমধ্যে আগবাঢ়িছে। এই খেতি কৰাৰ বাবে নিৰ্বাচন কৰা ঠাইৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য হৈছে অসম। অসমৰ তিনিচুকীয়া জিলাত অইল পাম খেতি কৰিবলৈ চৰকাৰে ভূমি আবণ্টন দিয়াৰ সময়ত ৰাইজৰ মাজত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰাইজৰ দাবী যে অইল পাম খেতিয়ে ভূমিৰ উৰ্বৰা শক্তি নষ্ট কৰাৰ লগতে পানীৰ স্তৰ কমাই আনি জলবায়ুৰ পৰিবৰ্তন কৰিব। অন্য শস্য উৎপাদনত ব্যাঘাত জন্মাব।
অইল পাম খেতি এক ভয়ানক খেতি, যিটোৱে অদূৰ ভবিষ্যতে অসমৰ কৃষক ৰাইজক সমূলি নিঃশেষ কৰিব বুলি অভিযোগ কৰি এটা সময়ত আন্দোলন-প্রতিবাদে অসমভূমি উত্তপ্ত কৰি তুলিছিল। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ড° ভূপেন হাজৰিকা সেঁতুৰ সমীপৰ ভূমিত পাম অইল খেতি কৰিবলৈ পতঞ্জলিক চৰকাৰে ভূমি গতাব বুলি ব্যাপক বিৰোধ হৈছিল। এতিয়া সকলো তল পৰিল। কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ সেউজ সংকেতত পতঞ্জলি ফুডছ লিমিটেডৰ উদ্যোগত তিনিচুকীয়া জিলাত অইল পাম খেতিৰ বাবে অইল পাম পুলি উৎপাদন অব্যাহত ৰাখিছে। লাখ লাখ অইল পাম পুলি উৎপাদন কৰি কৃষকসকলক প্রশিক্ষণ পর্যন্ত প্ৰদান কৰি খেতিৰ বাবে উৎসাহিত কৰিছে। পতঞ্জলি ফুডছ লিমিটেডৰ কার্যকর্তাই এতিয়া তিনিচুকীয়া জিলাৰ গ্রামাঞ্চলত প্ৰৱেশ কৰি ভূমি লীজত লৈ অইল পাম পুলি উৎপাদন আৰু বিতৰণ অব্যাহত ৰাখিছে।
জানিব পৰা মতে, মালয়েছিয়া, ইণ্ডোনেছিয়া আদিৰ পৰা অইল পাম বীজ আনি পুলি উৎপাদন প্রক্রিয়া আৰম্ভ কৰিছে। পতঞ্জলি ফুডছ লিমিটেডে আনকি শ শ পুলি ৰোপণৰ কাৰণে নাৰ্ছাৰীৰ পৰা এৰি দিছে। পতঞ্জলি ফুডছ লিমিটেডৰ উদ্যোগত তিনিচুকীয়া জিলাৰ দিৰাকমুখ অঞ্চলত এখন নাৰ্ছাৰী পাতি লাখ লাখ পুলিৰ উৎপাদন কৰাৰ লগতে বিতৰণ কৰিছে। অইল পাম খেতিৰ বাবে পতঞ্জলি ফুডছ লিমিটেডে নিজৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অইল পাম খেতি কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰা, প্রতিবাদ কৰা সকলো এই বিষয়ে জ্ঞাত। বহু কৃষকে এইক্ষেত্রত আগ্রহ প্রকাশ কৰা নাই যদিও বহুতে এই খেতি কৰি চোৱাৰ বাবে মন মেলিছে। এক অভিযোগ অনুসৰি, অইল পাম পুলি ৰোপণ কৰি নষ্ট বা পূৰঠ হোৱাৰ আগতে বাৰীৰ পৰা উঠাব নোৱাৰিব বুলি পতঞ্জলি ফুড্ লিমিটেডৰ কাৰ্যকৰ্তাসকলে স্পষ্ট কৰি দিছে। যদিহে এনে কৰে, তেন্তে আইন অনুসৰি জে'ললৈ যাব লাগিব বুলি ভাবুকি পর্যন্ত দিয়াৰো অভিযোগ উত্থাপন হৈছে। মুঠতে পতঞ্জলি ফুডছ লিমিটেডৰ উদ্যোগত তিনিচুকীয়া জিলাত অইল পাম খেতিৰ প্ৰাথমিক প্রস্তুতি সম্পূৰ্ণ হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ এই অইল পাম খেতি আঁচনিৰ জৰিয়তে ভাৰতবৰ্ষই খোৱা তেলৰ উৎপাদনত স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ পৰা খোৱা তেলৰ আমদানি হ্রাস কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। অসম চৰকাৰেও এই আঁচনিখনৰ অধীনত ৰাজ্যত ইয়াৰ উৎপাদনৰ এলেকা সম্প্ৰসাৰণ তথা তেলৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে কৃষকৰ কল্যাণৰ দিশটোত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। বর্তমান দেশে ৬০-৭০ শতাংশ খোৱা তেল আমদানি কৰি আছে আৰু তাৰ ভিতৰত অইল পাম প্রধান। দেশৰ বিভিন্ন ঠাইত থকা অব্যৱহৃত বা পতিত মাটিত এই তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণ কৰি খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰি তুলিবলৈ ভাৰত চৰকাৰে এই বিশেষ আঁচনিখন ২০২১ চনৰ আগষ্ট মাহত মুকলি কৰিছিল। তাৰ সমান্তৰালভাৱে উত্তৰ পূৰ্বাঞ্চলত অইল পাম খেতি আৰম্ভ কৰে।