ডিজিটেল ডেস্কঃ অন্ধ্র প্রদেশৰ তিৰুপতি জিলাৰ তিৰুমালাৰ শ্রী ভেংকটেশ্বৰ স্বামী মন্দিৰলৈ ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ২৫০.৮০ কোটি টকা মূল্যৰ ভেজাল ঘিউ যোগান ধৰা হৈছিল। মন্দিৰটোৰ প্ৰখ্যাত 'লাড্ডু প্রসাদম' ভেজালকৰণ বিষয়ত তদন্ত কৰিবলৈ গঠিত বিশেষ অনুসন্ধান গোটৰ (এছ আই টি) তদন্তত এই কথা প্রকাশ পাইছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত উক্ত এছ আই টি গঠন কৰা হৈছিল।
এছ আই টিৰ বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে উক্ত ভেজাল ঘিউ যোগান ধৰিছিল হৰ্ষ ফ্ৰেছ ডেইৰী প্ৰডাক্টছ বা ভোলে বাবা অৰগেনিক ডেইৰী মিল্ক প্রাইভেট লিমিটেডে। ইয়াৰ উপ কোম্পানীসমূহ হৈছে-বৈষ্ণৱী ডেইৰী স্পেচিয়েলিটিজ প্রাইভেট লিমিটেড, মলগংগা মিল্ক এণ্ড এগ্র' প্রডাক্টছ প্রাইভেট লিমিটেড আৰু এ আৰ ডেইৰী ফুচ্ছ প্রাইভেট লিমিটেড। এছ আই টিৰ বিষয়াৰ মতে উত্তৰাখণ্ডৰ ৰুৰকীৰ সমীপৰ ভগৱানপুৰৰ এটা প্রকল্পত উক্ত ভেজালকৰণ হৈছিল। ভেজালৰ বাবে পাম তেল, পামৰ গুটিৰ তেল আৰু পাম 'লিন মিলোৱা হৈছিল।
এই দ্রব্যবোৰ 'বেটা-কেৰ'টিন, এছিটিক এচিড ইষ্টাৰ, ঘিউৰ সুগন্ধিৰ সৈতে ন্যূনতম পৰিমাণৰ ঘিউৰ সৈতে মিহলোৱা হৈছিল।' উল্লেখযোগ্য যে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাই ডুবে ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত অমৰাৱতীত এন ডি এৰ এখন সভাত তিৰুপতিৰ মন্দিৰৰ প্ৰসাদৰ লাড্ডুৰ ভেজালকৰণৰ কথা প্রকাশ কৰাৰ পাছত উক্ত বাতৰিয়ে ৰাষ্ট্ৰজুৰি দৃষ্টি আকৰ্ষণ কৰিছিল।