ডিজিটেল ডেস্কঃ তিতাবৰ নগাবাট মুক্তি নগৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। তৰুণ চুতীয়া নামৰ এজন ব্যক্তিয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক।
মানসিক ৰোগী হোৱাই কাল হ'ল দুৰ্ভগীয়া জুমি চুতীয়াৰ। মানসিক ৰোগীক চিকিৎসায়লৈ নিয়াৰ পৰিৱৰ্তে মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে।
দীর্ঘদিনৰ পৰা পাৰস্পৰিক সংঘাতত লিপ্ত হৈ আহিছিল এইহাল দম্পতী। এই সংঘাত গৈ পাইছিল পানীখেতী আৰক্ষী চকীও। মানসিক ৰোগী পত্নীক চিকিৎসালয়লৈ নিয়াৰ পৰিবৰ্তে স্বামীয়ে কেইবাবাৰো লৈ গৈছিল আৰক্ষী থানালৈহে।
অৱশেষত মানসিক ৰোগত আক্ৰান্ত হৈ থকা পত্নীক মঙ্গলবাৰে হত্যা কৰিলে স্বামী তৰুণ চুতীয়াই। আৰক্ষীৰ জালত পৰা তৰুণে নিজে হত্যা কৰা বুলি দিছে স্বীকাৰোক্তি।